--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ খুচুৰা বজাৰত সা- সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি পেলাইছে। লক্ষ্যণীয় কথাটো হ’ল বিগত ১৫ টা মহৰ ভিতৰত চলিত মাহতেই সা-সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধি হৈছে।  খুচুৰা বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ এটা ঢাপতে  প্ৰায় ৩ শতাংশ বৃদ্ধি পাইছে ।শেহতীয়াকৈ  দেশৰ খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ ৭.৪৪ শতাংশত উপনীত হৈছে । এয়া  যোৱা ১৫ মাহৰ ভিতৰত  সৰ্বাধিক। জুন মাহত দেশত খুচুৰা মূল্য বৃদ্ধিৰ হাৰ আছিল ৪.৮১  শতাংশ। মে’ মাহত সেয়া আছিল ৪.৩১ শতাংশ ।

খাদ্য সামগ্ৰীৰ সাধাৰণ খুচুৰা মূল্য বৃদ্ধি ভয়াৱহ ভাবে হৈছে । কেন্দ্ৰীয় চৰকাৰৰ  তথ্য অনুসৰি, যোৱা বছৰৰ তুলনাত খোৱা তেল আৰু পাচলিৰ মূল্য বৃদ্ধি পাইছে। এনেবোৰ সামগ্ৰীৰ মূল্যবৃদ্ধি  ক্ৰমান্বয়ে সাধাৰণ গ্ৰাহকৰ সামৰ্থ্যৰ বাহিৰলৈ  গৈ আছে। পাচলিৰ উপভোক্তা মূল্য সূচক (চিপিআই) জুনৰ ৪.৮৭ শতাংশৰ পৰা জুলাইত ৬.৭১ শতাংশলৈ বৃদ্ধি পাইছে।

অত্যাৱশ্যকীয় সামগ্ৰী, বিশেষকৈ খাদ্য সামগ্ৰীৰ  মূল্য জুনৰ আৰম্ভণিৰে পৰা বৃদ্ধি হৈ আহিছে। বজাৰৰ সাম্প্ৰতিক পৰিস্থিতিলৈ লক্ষ্য কৰি কিছুমান অৰ্থনীতিবিদে কয় যে খুচুৰা বজাৰত মূল্য  আগষ্টত আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ সাধাৰণ মানুহৰ সমস্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত চলিত বিত্তীয় বৰ্ষত ৰিজাৰ্ভ বেঙ্কে খুচুৰা মুদ্ৰাস্ফীতি ৪ শতাংশলৈ নিয়ন্ত্ৰণ কৰাৰ যি লক্ষ্য বান্ধি লৈছিল সেয়া পূৰণ কৰাটো অসম্ভৱ হৈ পৰিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী