--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বান-ভূমিস্খলনে নতুনকৈ সংহাৰী ৰূপ ধাৰণ কৰা হিমাচল প্ৰদেশৰ পৰিস্থিতিকলৈ আজি প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেওঁৰ স্বাধীনতা দিৱসৰ ভাষণত উদ্বেগ প্ৰকাশ কৰে। 

প্ৰধানমন্ত্ৰী   মোদীয়ে মঙলবাৰে স্বাধীনতা দিৱসৰ পুৱা লালকিল্লাৰ পৰাই হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত হোৱা দুৰ্যোগক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ পাহাৰীয়া ৰাজ্যসমূহৰ পৰিস্থিতিক "অকল্পনীয় সংকট" বুলি বৰ্ণনা কৰে। প্ৰধানমন্ত্ৰীয়ে এই দুৰ্যোগত প্ৰিয়জনক হেৰুওৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।

হিমাচল প্ৰদেশত মাত্ৰ কেইঘণ্টামানৰ  দুৰ্যোগৰ ফলত মৃত্যুৰ সংখ্যা ৫৪ লৈ বৃদ্ধি পাইছে। দেওবাৰে আৰম্ভ হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সমগ্ৰ ৰাজ্যখনত সংহাৰৰ সৃষ্টি হৈছে।উত্তৰাখণ্ডতো প্ৰাকৃতিক দুৰ্যোগত আজি   তিনিজন লোকৰ প্ৰাণ হেৰুৱাইছে। কমেও ১০ জন লোক সন্ধানহীন হৈ আছে। এনে পৰিস্থিতিত দুৰ্যোগপীড়িত ৰাজ্যখনত স্বাধীনতা দিৱস উদযাপন ম্লান হৈ পৰিছে। হিমাচল প্ৰদেশ প্ৰশাসনে ঘোষণা কৰিছে যে স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যখনৰ কোনো ঠাইত কোনো সাংস্কৃতিক কাৰ্যসূচী উলিওৱা নহ’ব। পৰিকল্পনা কৰা বহু  অনুষ্ঠান বাতিল কৰা হৈছে।

হিমাচলৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে স্বাধীনতা দিৱস উপলক্ষে মানালীৰ  অনুষ্ঠানত উপস্থিত থকাৰ কথা আছিল। তেওঁ সেই পৰিকল্পনা বাতিল কৰিছে। মুখ্যমন্ত্ৰীয়ে চিমলাত স্বাধীনতা দিৱস উদযাপন কৰে। কেৱল  পতাকা উত্তোলন, পেৰেড আৰু চমু ভাষণতে অনুষ্ঠান  সীমাবদ্ধ কৰি ৰখা হয়। 

লালকিল্লাত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে হিমাচল আৰু উত্তৰাখণ্ডকে ধৰি প্ৰাকৃতিক দুৰ্যোগপীড়িত ৰাজ্যসমূহৰ পৰিস্থিতি সন্দৰ্ভত কয়  "এই বছৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত দেশৰ বহু  ৰাজ্যত এক 'অকল্পনীয় সংকটে' দেখা দিছে। এই সংকটত পৰিয়াল আৰু প্ৰিয়জনক হেৰুওৱা সকলো লোকলৈ মোৰ সমবেদনা জনাইছো। আমি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে একেলগে কাম কৰি এই সংকটৰ পৰা সোনকালে মুক্ত হ’ব পাৰিম। আমি দেশখনক আগুৱাই নিম। '' উল্লেখ্য সোমবাৰে উত্তৰাখণ্ড আৰু  হিমাচল প্ৰদেশত কমেও ৪৮ জন লোক নিহত হৈছে যাৰ ভিতৰত ১৪ জনৰ এটা  মন্দিৰত মৃত্যু হৈছে। উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন হয় যাৰ ফলত বদ্ৰীনাথ, কেদাৰনাথ আৰু গঙ্গোত্ৰী মন্দিৰলৈ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিছে । বৰষুণৰ ফলত চাৰ ধাম যাত্ৰা দুদিনৰ বাবে স্থগিত ৰখা হৈছিল।

 হিমাচল প্ৰদেশত বান- ভূমিস্খলনৰ সংহাৰ চলিছে। ৰাজ্য খনত ধাৰাসাৰ বৰষুণ হৈছে। যোৱা ২৪ ঘণ্টাত বৰষুণৰ ফলত ৰাজ্যখনত ৪৮   জন লোকৰ মৃত্যু হৈছে। মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে  প্ৰকাশ কৰা মতে  যোৱা নিশা চোলান জিলাত ডাৱৰ বিস্ফোৰণত৭  জন লোকৰ মৃত্যু হৈছে । আনহাতে, চিমলা চহৰৰ এটা শিৱ মন্দিৰ খহি পৰাৰ ফলত এতিয়ালৈকে ১৪  জন লোকৰ মৃত্যু হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত দুর্লভ প্ৰজাতিৰ মাছ অৱিষ্কাৰ
বিজেপিৰে একত্ৰীকৰণ আপৰ পদত্যাগী ৭ সাংসদক
’২৫ চনত বিশ্বৰ সামৰিক ব্যয় ২.৯% বৃদ্ধি
শিক্ষা বিভাগৰ সমৱেশৰ ঠিকাত গুৰুতৰ অনিয়মৰ অভিযোগ,৭০% পলিয়েষ্টাৰৰ ইউনিফর্মে গৰমত দহিব কণ কণ শিক্ষার্থীক
ধনৰ অভাৱত বাতিল নিবিদা; ২৮ এপ্রিলত ১০০০ কোটিৰ ঋণ ল’ব অসম চৰকাৰে
আমেৰিকা-ইৰানৰ যুদ্ধক লৈ ৰাষ্ট্ৰসংঘৰ আশংকা; দাৰিদ্র্য সীমাৰেখাৰ তললৈ যাব বিশ্বৰ ৩ কোটি লোক
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ