--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত বিগত বৰ্ষৰ  তুলনাত ৩৮ শতাংশ  হ্ৰাস পাইছে বীয়েৰৰ  বিক্ৰী । ৰাজধানী দিল্লীত বীয়েৰ আৰু সুৰাপ্ৰেমীৰ কোনো অভাৱ নাই। চহৰ খনত দৈনিক লাখ লাখ লিটাৰ সুৰা  আৰু বিয়েৰ বিক্ৰী হয় । কিন্তু এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে দিল্লীৰ মানুহে বীয়েৰ খোৱা কমাই দিলে নেকি? 

 দৰাচলতে, ৰাজধানী চহৰ খনত  বীয়েৰৰ বিক্ৰী ২০২২  চনৰ তুলনাত এই বছৰৰ মে’ মাহত যথেষ্ট হ্ৰাস পাইছে। সূত্ৰসমূহে কৈছিল যে এই বছৰৰ মে’ মাহত দিল্লীত ৮৩ লাখ লিটাৰ বিয়েৰ বিক্ৰী হৈছিল, যোৱা বছৰৰ একে মাহত ১৭৩ লাখ লিটাৰৰ বিপৰীতে।

তথ্য অনুসৰি এই বছৰৰ প্ৰথম পাঁচ মাহত দিল্লীত ৩১১ লাখ লিটাৰ বিয়েৰ বিক্ৰী হৈছিল, যি যোৱা বছৰৰ একে সময়তকৈ প্ৰায় ৪৩ শতাংশ  কম। আশ্চৰ্যজনকভাৱে, বিয়েৰৰ বিক্ৰী কেৱল যোৱা বছৰতকৈ কম নহয় ,  ই কৰোনাৰ সময়ৰ তুলনাত ৪০ শতাংশতকৈও অধিক হ্ৰাস পাইছে।  ২০২৩ চনৰ প্ৰথম পাঁচ মাহত গড় বিক্ৰী হৈছিল ৩১১ লাখ লিটাৰ বিয়েৰ, ২০২২  চনত  বিক্ৰী হোৱা বীয়েৰৰ পৰিমাণ আছিল ৫৪২  লাখ লিটাৰৰ । একে সময়তে ২০১৯  চনৰ প্ৰথম পাঁচ মাহত ৪৯৫  লাখ লিটাৰ বিক্ৰী হৈছিল।

দিল্লী চৰকাৰৰ আবকাৰী  বিভাগে বীয়েৰৰ বিক্ৰী কম হোৱা  বাবে বতৰকে দোষাৰোপ কৰিছে। বিভাগটোৰ এগৰাকী বিষয়াই কয় যে এই বছৰৰ ৩১ মে’ লৈকে মাত্ৰ ১৬ দিনহে পাৰাস্তম্ভ  ৪০ ডিগ্ৰী অতিক্ৰম কৰিছিল।আবকাৰী বিভাগৰ বিষয়াসকলৰ মতে, প্ৰচণ্ড গৰমৰ সময়ত বিক্ৰী হোৱা সুৰাৰ মুঠ পৰিমাণৰ এক-তৃতীয়াংশতকৈও অধিক বীয়েৰ আছে। 
ইপিনে উত্তৰ প্ৰদেশে ২০২৩ বিত্তীয় বৰ্ষত ৪২,২৫০ কোটি টকাৰ আবকাৰী ৰাজহ উপাৰ্জন কৰিছে। ই ২০১৭-১৮ বৰ্ষৰ  ১৪,০০০ কোটি টকাৰ তুলনাত তিনিগুণ বেছি। যোগী আদিত্যনাথ  ক্ষমতালৈ অহাৰ পিছতে  উত্তৰ প্ৰদেশে কৰ্ণাটকক অতিক্ৰম কৰি সুৰাৰ ৰাজহৰ ক্ষেত্ৰত এক নম্বৰ হৈ পৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ