--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত বিগত বৰ্ষৰ  তুলনাত ৩৮ শতাংশ  হ্ৰাস পাইছে বীয়েৰৰ  বিক্ৰী । ৰাজধানী দিল্লীত বীয়েৰ আৰু সুৰাপ্ৰেমীৰ কোনো অভাৱ নাই। চহৰ খনত দৈনিক লাখ লাখ লিটাৰ সুৰা  আৰু বিয়েৰ বিক্ৰী হয় । কিন্তু এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে দিল্লীৰ মানুহে বীয়েৰ খোৱা কমাই দিলে নেকি? 

 দৰাচলতে, ৰাজধানী চহৰ খনত  বীয়েৰৰ বিক্ৰী ২০২২  চনৰ তুলনাত এই বছৰৰ মে’ মাহত যথেষ্ট হ্ৰাস পাইছে। সূত্ৰসমূহে কৈছিল যে এই বছৰৰ মে’ মাহত দিল্লীত ৮৩ লাখ লিটাৰ বিয়েৰ বিক্ৰী হৈছিল, যোৱা বছৰৰ একে মাহত ১৭৩ লাখ লিটাৰৰ বিপৰীতে।

তথ্য অনুসৰি এই বছৰৰ প্ৰথম পাঁচ মাহত দিল্লীত ৩১১ লাখ লিটাৰ বিয়েৰ বিক্ৰী হৈছিল, যি যোৱা বছৰৰ একে সময়তকৈ প্ৰায় ৪৩ শতাংশ  কম। আশ্চৰ্যজনকভাৱে, বিয়েৰৰ বিক্ৰী কেৱল যোৱা বছৰতকৈ কম নহয় ,  ই কৰোনাৰ সময়ৰ তুলনাত ৪০ শতাংশতকৈও অধিক হ্ৰাস পাইছে।  ২০২৩ চনৰ প্ৰথম পাঁচ মাহত গড় বিক্ৰী হৈছিল ৩১১ লাখ লিটাৰ বিয়েৰ, ২০২২  চনত  বিক্ৰী হোৱা বীয়েৰৰ পৰিমাণ আছিল ৫৪২  লাখ লিটাৰৰ । একে সময়তে ২০১৯  চনৰ প্ৰথম পাঁচ মাহত ৪৯৫  লাখ লিটাৰ বিক্ৰী হৈছিল।

দিল্লী চৰকাৰৰ আবকাৰী  বিভাগে বীয়েৰৰ বিক্ৰী কম হোৱা  বাবে বতৰকে দোষাৰোপ কৰিছে। বিভাগটোৰ এগৰাকী বিষয়াই কয় যে এই বছৰৰ ৩১ মে’ লৈকে মাত্ৰ ১৬ দিনহে পাৰাস্তম্ভ  ৪০ ডিগ্ৰী অতিক্ৰম কৰিছিল।আবকাৰী বিভাগৰ বিষয়াসকলৰ মতে, প্ৰচণ্ড গৰমৰ সময়ত বিক্ৰী হোৱা সুৰাৰ মুঠ পৰিমাণৰ এক-তৃতীয়াংশতকৈও অধিক বীয়েৰ আছে। 
ইপিনে উত্তৰ প্ৰদেশে ২০২৩ বিত্তীয় বৰ্ষত ৪২,২৫০ কোটি টকাৰ আবকাৰী ৰাজহ উপাৰ্জন কৰিছে। ই ২০১৭-১৮ বৰ্ষৰ  ১৪,০০০ কোটি টকাৰ তুলনাত তিনিগুণ বেছি। যোগী আদিত্যনাথ  ক্ষমতালৈ অহাৰ পিছতে  উত্তৰ প্ৰদেশে কৰ্ণাটকক অতিক্ৰম কৰি সুৰাৰ ৰাজহৰ ক্ষেত্ৰত এক নম্বৰ হৈ পৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু