--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰেই গ্ৰেপ্তাৰ হ’ব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল । আম আদমী পাৰ্টীৰেই শীৰ্ষ নেত্ৰী এগৰাকীয়ে এই আশংকা ব্যক্ত কৰিছে।   আপৰ শীৰ্ষ নেত্ৰী আতিশীয়ে কয় যে মুখ্যমন্ত্ৰী কেজৰিৱালক  বৃহস্পতিবাৰে আবকাৰী নীতি  গোচৰত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।তেওঁ কেন্দ্ৰীয় সংস্থাসমূহে আক্ৰোশমূলকভাবে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতিবাদ জনাবলৈ ইণ্ডিয়া  মিত্ৰজোঁটৰ অংশীদাৰসকলৰ সমৰ্থন বিচাৰিছে। আতিশীয়ে কয়  যে কেন্দ্ৰই ইচ্ছাকৃতভাৱে ইণ্ডিয়া মিত্ৰতাক লক্ষ্য কৰি লৈছে। এই সকলোবোৰ ৰাজনৈতিক প্ৰতিহিংসাৰ বাবে কৰা হৈছে।

আতিশীয়ে দাবী কৰে  যে তেওঁলোকৰ ওচৰত তথ্য আছে যে অৰবিন্দ কেজৰিৱালক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হ'ব পাৰে। কেজৰিৱালক গ্ৰেপ্তাৰৰ  পৰিকল্পনা কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে বুলিও তেওঁ কয় । তেওঁ দাবী কৰিছিল যে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিছত কেন্দ্ৰই ইণ্ডিয়া এলায়েন্সৰ আন নেতাসকলক লক্ষ্য কৰি ল’ব। ইয়াৰ পিছত তেজস্বী যাদৱ, হেমন্ত সোৰেন, পিনাৰাই বিজয়নক  লক্ষ্য কৰা হ'ব পাৰে বুলিও তেওঁ মন্তব্য কৰে।

 গতিকে ইণ্ডিয়া মিত্ৰজোঁটৰ  নেতাসকলে সাজু হৈ থাকিব লাগিব বুলিও তেওঁ কয়।উল্লেখ্য প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) আবকাৰী নীতিৰ গোচৰৰ সন্দৰ্ভত ২ নৱেম্বৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক মাতি পঠিয়াইছে। কেজৰিৱালক বৃহস্পতিবাৰে ইডিৰ নতুন দিল্লীৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ কোৱা হৈছে। 

যদিও যোৱা বছৰ আগষ্টত পঞ্জীয়ন কৰা আবকাৰী গোচৰৰ প্ৰথম খন এজাহাৰত দিল্লীৰ মুখ্যমন্ত্ৰীৰ নাম নাছিল, কেজৰিৱালৰ নাম অভিযোগপত্ৰত উল্লেখ কৰা হৈছিল বুলি জানিব পৰা গৈছে। কেজৰিৱালক যোৱা বছৰ এপ্ৰিলত চিবিআইয়ে এবাৰ মাতি পঠিয়াইছিল। তেওঁক এতিয়া ইডিয়ে মাতি পঠিয়াইছে।মনীষ চিছোদিয়া, সঞ্জয় সিং আৰু সত্যেন্দ্ৰ জৈনকে ধৰি কেইবাজনো আপ নেতা ইতিমধ্যে গোচৰটোত সাঙোৰ খাই  কাৰাগাৰত আছে। এইবাৰ  কেজৰিৱালক  লক্ষ্য কৰা হৈছে বুলি আতিশীয়ে আশংকা ব্যক্ত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু