--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰেই গ্ৰেপ্তাৰ হ’ব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল । আম আদমী পাৰ্টীৰেই শীৰ্ষ নেত্ৰী এগৰাকীয়ে এই আশংকা ব্যক্ত কৰিছে।   আপৰ শীৰ্ষ নেত্ৰী আতিশীয়ে কয় যে মুখ্যমন্ত্ৰী কেজৰিৱালক  বৃহস্পতিবাৰে আবকাৰী নীতি  গোচৰত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।তেওঁ কেন্দ্ৰীয় সংস্থাসমূহে আক্ৰোশমূলকভাবে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতিবাদ জনাবলৈ ইণ্ডিয়া  মিত্ৰজোঁটৰ অংশীদাৰসকলৰ সমৰ্থন বিচাৰিছে। আতিশীয়ে কয়  যে কেন্দ্ৰই ইচ্ছাকৃতভাৱে ইণ্ডিয়া মিত্ৰতাক লক্ষ্য কৰি লৈছে। এই সকলোবোৰ ৰাজনৈতিক প্ৰতিহিংসাৰ বাবে কৰা হৈছে।

আতিশীয়ে দাবী কৰে  যে তেওঁলোকৰ ওচৰত তথ্য আছে যে অৰবিন্দ কেজৰিৱালক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হ'ব পাৰে। কেজৰিৱালক গ্ৰেপ্তাৰৰ  পৰিকল্পনা কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে বুলিও তেওঁ কয় । তেওঁ দাবী কৰিছিল যে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিছত কেন্দ্ৰই ইণ্ডিয়া এলায়েন্সৰ আন নেতাসকলক লক্ষ্য কৰি ল’ব। ইয়াৰ পিছত তেজস্বী যাদৱ, হেমন্ত সোৰেন, পিনাৰাই বিজয়নক  লক্ষ্য কৰা হ'ব পাৰে বুলিও তেওঁ মন্তব্য কৰে।

 গতিকে ইণ্ডিয়া মিত্ৰজোঁটৰ  নেতাসকলে সাজু হৈ থাকিব লাগিব বুলিও তেওঁ কয়।উল্লেখ্য প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) আবকাৰী নীতিৰ গোচৰৰ সন্দৰ্ভত ২ নৱেম্বৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক মাতি পঠিয়াইছে। কেজৰিৱালক বৃহস্পতিবাৰে ইডিৰ নতুন দিল্লীৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ কোৱা হৈছে। 

যদিও যোৱা বছৰ আগষ্টত পঞ্জীয়ন কৰা আবকাৰী গোচৰৰ প্ৰথম খন এজাহাৰত দিল্লীৰ মুখ্যমন্ত্ৰীৰ নাম নাছিল, কেজৰিৱালৰ নাম অভিযোগপত্ৰত উল্লেখ কৰা হৈছিল বুলি জানিব পৰা গৈছে। কেজৰিৱালক যোৱা বছৰ এপ্ৰিলত চিবিআইয়ে এবাৰ মাতি পঠিয়াইছিল। তেওঁক এতিয়া ইডিয়ে মাতি পঠিয়াইছে।মনীষ চিছোদিয়া, সঞ্জয় সিং আৰু সত্যেন্দ্ৰ জৈনকে ধৰি কেইবাজনো আপ নেতা ইতিমধ্যে গোচৰটোত সাঙোৰ খাই  কাৰাগাৰত আছে। এইবাৰ  কেজৰিৱালক  লক্ষ্য কৰা হৈছে বুলি আতিশীয়ে আশংকা ব্যক্ত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ