--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভোটযুদ্ধৰ বাবে সাজু হৈছে মোদীৰ ৰাজ্য গুজৰাট। ৰাজ্য খনত  ১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। ভোটগণনা ৮ ডিচেম্বৰত অনুষ্ঠিত হ'ব।১৮২ খন আসনৰ ভিতৰত ৮৯  খনত ১ ডিচেম্বৰত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ ১,৩৬২  খন মনোনয়ন দাখিল কৰা হৈছিল। ইয়াৰ ভিতৰত বিভিন্ন ত্ৰুটিৰ বাবে ৩৬৩  খন মনোনয়ন বাতিল কৰা হৈছে বুলি জানিব পৰা গৈছে। ফলত গুজৰাটৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৯৯৯ জন প্ৰাৰ্থীয়ে ৮৯ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। নিৰ্বাচন আয়োগে এই তথ্য প্ৰকাশ কৰিছে। বাকী ৯৩ খন ৫ ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব । 

প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল ৯ ৰ পৰা ১৪ নৱেম্বৰৰ ভিতৰত অনুষ্ঠিত হৈছিল। দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন ১০ নৱেম্বৰত আৰম্ভ হৈছিল। এয়া ১৭ নৱেম্বৰলৈকে অব্যাহত থাকিব। বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ  মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ। ফলস্বৰূপে প্ৰাৰ্থীৰ সংখ্যা আৰু হ্ৰাস হ'ব পাৰে।

কচ্ছ, সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাট জিলাত ১ ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ ভিতৰত ২০০৭ চনত 
সৌৰাষ্ট্ৰৰ গ্ৰাম্য সমষ্টিসমূহত কংগ্ৰেছে ভাল প্ৰদৰ্শন কৰিছিল। আনহাতে দক্ষিণ গুজৰাটত বিজেপিয়ে চুৰাট, ভাৰুচ, নৱসাৰী, বলচাদৰ দৰে জিলাৰ বিধানসভা আসনৰ সংখ্যাগৰিষ্ঠ আসন লাভ কৰিছিল। কিন্তু মহাৰাষ্ট্ৰৰ সীমান্তৱৰ্তী জনজাতীয় অধ্যুষিত সমষ্টিসমূহত কংগ্ৰেছে ভাল প্ৰদৰ্শন কৰিছিল। এইবাৰৰ নিৰ্বাচন মোদীৰ বাবে এক সন্মানৰ প্ৰশ্ন হৈ পৰিছে। 

গুজৰাটত শেহতীয়াকৈ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে খোপনি পুতিবলৈ সক্ষম হৈছে। ইয়াকেলৈ শংকিত হৈ পৰিছে গেৰুৱা বাহিনী। কাৰণ ৰাজ্য খনৰ আটাইকেইটা সমষ্টিতে বিজেপি সমানে জনপ্ৰিয় নহয়। জনজাতীয় লোকসকলৰ মন মুহিবলৈ মোদীয়ে নানান আঁচনিও ঘোষণা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে থালাপতি বিজয়ে
দেশৰ ৰাজহুৱা খণ্ডৰ তেল কোম্পানীৰ মাহে ৩০ হাজাৰ কোটি টকা লোকচান
বিধানসভা অধ্যক্ষ পদৰ বাবে উচ্চাৰিত হৈছে অজন্তা নেওগৰ নাম
জুনিয়ৰ আৰ্টিষ্টৰ পৰা দক্ষিণৰ 'কুইন'লৈ: ছাই পল্লৱীৰ এক অনুপ্ৰেৰণাদায়ক যাত্ৰা
ডিমা হাছাওত ভয়ংকৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত
সোণাৰিত চাৰিদিন ধৰি সন্ধানহীন হৈ থকা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ; নৈত ওপঙি আছিল মৃতদেহটো
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক
৮ মে’ত ৰাজ্যৰ নতুন চৰকাৰৰ শপতগ্রহণ
কানাডাত লৰেন্স বিষ্ণইৰ ঘনিষ্ঠক গুলীয়াই হত্যা ; দায়িত্ব স্বীকাৰ ৰোহিত গোদাৰা গেঙৰ
জনপ্রিয় অভিনেতাৰ পৰা সফল ৰাজনীতিকলৈ থালাপতি বিজয়ৰ বিশাল পৰিক্ৰমা
পাকিস্তান সেনাৰ বৃহৎ স্বীকাৰোক্তি: হাফিজ ছৈয়দ আৰু মাছূদ আজহাৰক ৰক্ষা কৰিবলৈ যুঁজ দিছে চুবুৰীয়া দেশে
১২৬জনীয়া বিধানসভাত ৫.৫৫% মহিলা প্রতিনিধি, অসম বিধানসভাত প্রতিনিধিত্ব কৰিব ৭গৰাকী মহিলাই
কুঁহিয়াৰ খেতিয়কৰ বাবে সুখবৰ: কেন্দ্ৰীয় কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত