--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভোটযুদ্ধৰ বাবে সাজু হৈছে মোদীৰ ৰাজ্য গুজৰাট। ৰাজ্য খনত  ১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। ভোটগণনা ৮ ডিচেম্বৰত অনুষ্ঠিত হ'ব।১৮২ খন আসনৰ ভিতৰত ৮৯  খনত ১ ডিচেম্বৰত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ ১,৩৬২  খন মনোনয়ন দাখিল কৰা হৈছিল। ইয়াৰ ভিতৰত বিভিন্ন ত্ৰুটিৰ বাবে ৩৬৩  খন মনোনয়ন বাতিল কৰা হৈছে বুলি জানিব পৰা গৈছে। ফলত গুজৰাটৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৯৯৯ জন প্ৰাৰ্থীয়ে ৮৯ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। নিৰ্বাচন আয়োগে এই তথ্য প্ৰকাশ কৰিছে। বাকী ৯৩ খন ৫ ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব । 

প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল ৯ ৰ পৰা ১৪ নৱেম্বৰৰ ভিতৰত অনুষ্ঠিত হৈছিল। দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন ১০ নৱেম্বৰত আৰম্ভ হৈছিল। এয়া ১৭ নৱেম্বৰলৈকে অব্যাহত থাকিব। বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ  মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ। ফলস্বৰূপে প্ৰাৰ্থীৰ সংখ্যা আৰু হ্ৰাস হ'ব পাৰে।

কচ্ছ, সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাট জিলাত ১ ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ ভিতৰত ২০০৭ চনত 
সৌৰাষ্ট্ৰৰ গ্ৰাম্য সমষ্টিসমূহত কংগ্ৰেছে ভাল প্ৰদৰ্শন কৰিছিল। আনহাতে দক্ষিণ গুজৰাটত বিজেপিয়ে চুৰাট, ভাৰুচ, নৱসাৰী, বলচাদৰ দৰে জিলাৰ বিধানসভা আসনৰ সংখ্যাগৰিষ্ঠ আসন লাভ কৰিছিল। কিন্তু মহাৰাষ্ট্ৰৰ সীমান্তৱৰ্তী জনজাতীয় অধ্যুষিত সমষ্টিসমূহত কংগ্ৰেছে ভাল প্ৰদৰ্শন কৰিছিল। এইবাৰৰ নিৰ্বাচন মোদীৰ বাবে এক সন্মানৰ প্ৰশ্ন হৈ পৰিছে। 

গুজৰাটত শেহতীয়াকৈ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে খোপনি পুতিবলৈ সক্ষম হৈছে। ইয়াকেলৈ শংকিত হৈ পৰিছে গেৰুৱা বাহিনী। কাৰণ ৰাজ্য খনৰ আটাইকেইটা সমষ্টিতে বিজেপি সমানে জনপ্ৰিয় নহয়। জনজাতীয় লোকসকলৰ মন মুহিবলৈ মোদীয়ে নানান আঁচনিও ঘোষণা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু