--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওৰিশা আৰু বিহাৰ আশাত চেঁচাপানী পৰিল৷ দুয়োখন ৰাজ্যই বহু দিনৰে পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা বিচাৰি আহিছিল যদিও কেন্দ্ৰই তেনে মৰ্যাদা প্ৰদানৰ সকলো সম্ভাৱনা নাকচ কৰিলে৷  এই প্ৰসংগতে  কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে কেন্দ্ৰই কোনো ৰাজ্যৰ বাবে "বিশেষ শ্ৰেণীৰ মৰ্যাদা"ৰ কথা   নতুনকৈ  বিবেচনা নকৰে৷ সীতাৰমণে লগতে কয় যে চতুৰ্দশ বিত্ত আয়োগে কোনো ৰাজ্যকে  বিশেষ মৰ্যাদা দিব নোৱাৰি বুলি স্পষ্ট কৰি দিছে৷ সেয়ে চৰকাৰে নতুনকৈ এইহিশয়ত কোনো কথা চিন্তা কৰা নাই  বুলি বিত্তমন্ত্ৰীগৰাকীয়ে কয়৷ 

বিশেষ ৰাজ্যৰ মৰ্যাদা লাভ কৰিলে  ওৰিশা আৰু বিহাৰে কেন্দ্ৰই  পৃষ্ঠপোষকতা কৰা আঁচনিসমূহত ৯০ শতাংশ  পুঁজি লাভ কৰিলেহেঁতেন৷ এতিয়াীলৈকে কেন্দ্ৰীয় পুঁজিৰ ৬০ শতাংশ ৰাজ্যসমূহক দি  আহিছে। । ওৰিশাই সঘনাই হৈ থকা  প্ৰাকৃতিক দুৰ্যোগৰ কথা  মনত ৰাখি ইয়াক বিশেষ ৰাজ্যৰ মৰ্যাদা বিচাৰি আহিছে। 
  বিজেডিৰ সাংসদ সম্বিত পাত্ৰই কিছুদিন পূৰ্বে বিশেষ ৰাজ্যৰ মৰ্যাদাৰ বিষয়টো  ৰাজ্যসভাত বিষয়টো উত্থাপন কৰিছিল। 

তেওঁ কৈছিল "যেতিয়াই ওৰিশাত ঘূৰ্ণীবতাহ আহে, ঘৰবোৰ ক্ষতিগ্ৰস্ত হয়। শস্য ধ্বংস হয়। যেতিয়াই এনে দুৰ্যোগ হয়, কেন্দ্ৰই ওৰিশাক  তিনি বছৰৰ বাবে  হ'লেও এক বিশেষ কেন্দ্ৰীভূত ৰাজ্য হিচাপে গঢ়ি তোলাৰ কথা বিবেচনা কৰা উচিত আৰু ৯০:১০ অনুপাতত পুঁজি প্ৰদান কৰা উচিত," । ওৰিশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কেও যোৱা বছৰৰ আগষ্ট মাহত নীতি আয়োগ পৰিচালনা পৰিষদৰ বৈঠকত বিষয়টো উত্থাপন কৰিছিল।বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও তেওঁৰ ৰাজ্যৰ বাবে বিশেষ শ্ৰেণীৰ ৰাজ্যৰ  মৰ্যাদাৰ বাবে হেঁচা দি আহিছে। 

এমজিএনআৰইজিএছৰ বাবে পুঁজি হ্ৰাস আৰু ধান ক্ৰয় হ্ৰাস সন্দৰ্ভত মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ মন্তব্যক ভিত্তিহীন বুলি  সীতাৰমণে কয় । পাটনায়কৰ মন্তব্যৰ পিছে  সীতাৰমণে  কয়  যে এমজিএনআৰইজিএছৰ বাবে পুঁজিৰ আৱণ্টন হ্ৰাস হোৱা নাই। ধান সংগ্ৰহ সন্দৰ্ভত তেওঁ কয়, "আমি ধান আৰু ঘেঁহুৰ ক্ৰয় মুঠেও  হ্ৰাস কৰা নাই। ক্ৰয়ৰ পৰিমাণ বৃদ্ধিহে পাইছে। কৃষকসকলে এতিয়া অধিক ধন লাভ কৰিছে" ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক