--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওৰিশা আৰু বিহাৰ আশাত চেঁচাপানী পৰিল৷ দুয়োখন ৰাজ্যই বহু দিনৰে পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা বিচাৰি আহিছিল যদিও কেন্দ্ৰই তেনে মৰ্যাদা প্ৰদানৰ সকলো সম্ভাৱনা নাকচ কৰিলে৷  এই প্ৰসংগতে  কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে কেন্দ্ৰই কোনো ৰাজ্যৰ বাবে "বিশেষ শ্ৰেণীৰ মৰ্যাদা"ৰ কথা   নতুনকৈ  বিবেচনা নকৰে৷ সীতাৰমণে লগতে কয় যে চতুৰ্দশ বিত্ত আয়োগে কোনো ৰাজ্যকে  বিশেষ মৰ্যাদা দিব নোৱাৰি বুলি স্পষ্ট কৰি দিছে৷ সেয়ে চৰকাৰে নতুনকৈ এইহিশয়ত কোনো কথা চিন্তা কৰা নাই  বুলি বিত্তমন্ত্ৰীগৰাকীয়ে কয়৷ 

বিশেষ ৰাজ্যৰ মৰ্যাদা লাভ কৰিলে  ওৰিশা আৰু বিহাৰে কেন্দ্ৰই  পৃষ্ঠপোষকতা কৰা আঁচনিসমূহত ৯০ শতাংশ  পুঁজি লাভ কৰিলেহেঁতেন৷ এতিয়াীলৈকে কেন্দ্ৰীয় পুঁজিৰ ৬০ শতাংশ ৰাজ্যসমূহক দি  আহিছে। । ওৰিশাই সঘনাই হৈ থকা  প্ৰাকৃতিক দুৰ্যোগৰ কথা  মনত ৰাখি ইয়াক বিশেষ ৰাজ্যৰ মৰ্যাদা বিচাৰি আহিছে। 
  বিজেডিৰ সাংসদ সম্বিত পাত্ৰই কিছুদিন পূৰ্বে বিশেষ ৰাজ্যৰ মৰ্যাদাৰ বিষয়টো  ৰাজ্যসভাত বিষয়টো উত্থাপন কৰিছিল। 

তেওঁ কৈছিল "যেতিয়াই ওৰিশাত ঘূৰ্ণীবতাহ আহে, ঘৰবোৰ ক্ষতিগ্ৰস্ত হয়। শস্য ধ্বংস হয়। যেতিয়াই এনে দুৰ্যোগ হয়, কেন্দ্ৰই ওৰিশাক  তিনি বছৰৰ বাবে  হ'লেও এক বিশেষ কেন্দ্ৰীভূত ৰাজ্য হিচাপে গঢ়ি তোলাৰ কথা বিবেচনা কৰা উচিত আৰু ৯০:১০ অনুপাতত পুঁজি প্ৰদান কৰা উচিত," । ওৰিশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কেও যোৱা বছৰৰ আগষ্ট মাহত নীতি আয়োগ পৰিচালনা পৰিষদৰ বৈঠকত বিষয়টো উত্থাপন কৰিছিল।বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও তেওঁৰ ৰাজ্যৰ বাবে বিশেষ শ্ৰেণীৰ ৰাজ্যৰ  মৰ্যাদাৰ বাবে হেঁচা দি আহিছে। 

এমজিএনআৰইজিএছৰ বাবে পুঁজি হ্ৰাস আৰু ধান ক্ৰয় হ্ৰাস সন্দৰ্ভত মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ মন্তব্যক ভিত্তিহীন বুলি  সীতাৰমণে কয় । পাটনায়কৰ মন্তব্যৰ পিছে  সীতাৰমণে  কয়  যে এমজিএনআৰইজিএছৰ বাবে পুঁজিৰ আৱণ্টন হ্ৰাস হোৱা নাই। ধান সংগ্ৰহ সন্দৰ্ভত তেওঁ কয়, "আমি ধান আৰু ঘেঁহুৰ ক্ৰয় মুঠেও  হ্ৰাস কৰা নাই। ক্ৰয়ৰ পৰিমাণ বৃদ্ধিহে পাইছে। কৃষকসকলে এতিয়া অধিক ধন লাভ কৰিছে" ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু