--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাটনাৰ শ্ৰীকৃষ্ণ মেমৰিয়েল হলত অনুষ্ঠিত চিপিআই (এম-এল)ৰ ১১সংখ্যক মহাধিৱেশনৰ আজি তৃতীয়দিনা ‘সংবিধান বচাওক, গণতন্ত্ৰ বচাওক, দেশ বচাওক’ শীৰ্ষক ৰাষ্ট্ৰীয় অভিবৰ্তন আয়োজন কৰা হয়, য’ত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা তথা প্ৰাক্তন বৈদেশিক মন্ত্ৰী  চলমান খুৰছিদ, জে ডি (ইউ) নেতা তথা বিহাৰৰ মুখ্যমন্ত্ৰী নিতীশ কুমাৰ, আৰ জে ডিৰ নেতা তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, তামিলনাডুৰ ভিচিকে পাৰ্টিৰ নেতা তথা  সাংসদ  থিৰুভালাভন আদি বিৰোধী আৰু সংগ্ৰামী নেতাই অংশগ্ৰহণ কৰে। 

তদুপৰি ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা তথা ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত চোৰেনে অভিৱৰ্তনৰ সফলতা কামনা কৰি বাৰ্তা প্ৰেৰণ কৰে। চিপিআই (এম-এল)ৰ সাধাৰণ সম্পাদক দীপংকৰ ভট্টাচাৰ্যই আদৰণি ভাষণ প্ৰদান কৰি কয় যে সম্প্ৰতি ফেচিবাদী শক্তিৰ আক্ৰমণৰ ফলত সংবিধান আৰু গণতন্ত্ৰ বিপদৰ মুখত পৰিছে। ভাৰতক এই বিপৰ্যয়ৰ পৰা বচাবলৈ নিৰ্ণায়ক সংগ্ৰাম গঢ়ি তুলিব লাগিব আৰু তাৰ বাবে ৰাজপথৰ সংগ্ৰাম আৰু সংসদীয় সংগ্ৰামৰ মাজত সমন্বয় আৰু বিৰোধীৰ মাজত বৃহত্তৰ ঐক্য গঢ়ি তোলাটো জৰুৰী হৈ পৰিছে।

দেশত সৃষ্টি হোৱা স্থায়ী জৰুৰী অৱস্থা সদৃশ পৰিস্থিতিক প্ৰতিৰোধ কৰিবলৈ তেওঁ উদাত্ত আহ্বান জনায়।
জেডি(ইউ) নেতা নীতিশ কুমাৰে কয় যে শাসক বিজেপিয়ে ৰাষ্ট্ৰহিতৰ কথা কৈ কেৱল নিজৰ স্বাৰ্থতহে কাম কৰে। তেওঁ সেয়ে  বিজেপিজোঁটৰ পৰা ওলাই আহি সাতদলীয় মহাজোঁটত চামিল হোৱা বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় স্তৰত মহাজোঁটবন্ধনৰ বাবে জেডি(ইউ)  সাজু আৰু কংগ্ৰেছ দলে এইক্ষেত্ৰত আগভাগ ল’ব লাগে। লগতে কয় এই জোঁটবন্ধন সফল হ’লে দেশ লাভৱান হোৱাৰ লগতে কংগ্ৰেছ দলো লাভৱান হ’ব আৰু বিজেপিৰ আসনৰ সংখ্যা ১০০ৰ তললৈ নামি আহিব।

আনহাতে তেজস্বী যাদৱে ক্য় যে দেশত এতিয়া কেন্দ্ৰীয় বিন্দু ‘মোডী’ নহৈ জনগণৰ ‘মুদ্দা’ হ’ব লাগে। মহাজোঁটবন্ধনৰ ওপৰত জোৰ দি তেওঁ কয় যে য’ত আঞ্চলিক দলসমূহ শক্তিশালী তাত এই দলসমূহক চালকৰ আসনত বহিবলৈ দিব লাগে আৰু আনহাতে য’ত কংগ্ৰেছ বিজেপিৰ মাজত প্ৰত্যক্ষ যুঁজ আছে তাত কংগ্ৰেছে নেতৃত্ব দিব লাগে। 

তেওঁ কয়, বিজেপিয়ে যি খেল খেলি ভাৰতৰ আন ৰাজ্যত বিৰোধীৰ চৰকাৰ ভাঙি আছে সেই একেখন খেল খেলি বিহাৰত বিজেপিৰ চৰকাৰ ভাঙি দিয়া হ’ল৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা চলমান খুৰশ্বিদে দেশজুৰি বিৰোধী ঐক্য গঢ়ি তোলা সম্পৰ্কত নীতিশ কুমাৰক উদ্দেশ্যি কয় যে এইক্ষেত্ৰত প্ৰথম প্ৰস্তাৱ কোনে দিব সেইটো গুৰুত্বপূৰ্ণ আৰু প্ৰেমৰ ক্ষেত্ৰত যিটো সদায়ে ডাঙৰ প্ৰতিবন্ধকতা হৈ থিয় দিয়ে। গুজৰাট মডেলৰ বিপৰীতে মহাজোঁটবন্ধনৰ জৰিয়তে বিহাৰে যি মডেল দাঙি ধৰিছে তাক সমৰ্থন জনায় তেওঁ কয় যে নীতিশ কুমাৰৰ ঐক্যৰ আহ্বান কংগ্ৰেছ দলৰ মজিয়াত উত্থাপন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক