--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাটনাৰ শ্ৰীকৃষ্ণ মেমৰিয়েল হলত অনুষ্ঠিত চিপিআই (এম-এল)ৰ ১১সংখ্যক মহাধিৱেশনৰ আজি তৃতীয়দিনা ‘সংবিধান বচাওক, গণতন্ত্ৰ বচাওক, দেশ বচাওক’ শীৰ্ষক ৰাষ্ট্ৰীয় অভিবৰ্তন আয়োজন কৰা হয়, য’ত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা তথা প্ৰাক্তন বৈদেশিক মন্ত্ৰী  চলমান খুৰছিদ, জে ডি (ইউ) নেতা তথা বিহাৰৰ মুখ্যমন্ত্ৰী নিতীশ কুমাৰ, আৰ জে ডিৰ নেতা তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, তামিলনাডুৰ ভিচিকে পাৰ্টিৰ নেতা তথা  সাংসদ  থিৰুভালাভন আদি বিৰোধী আৰু সংগ্ৰামী নেতাই অংশগ্ৰহণ কৰে। 

তদুপৰি ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা তথা ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত চোৰেনে অভিৱৰ্তনৰ সফলতা কামনা কৰি বাৰ্তা প্ৰেৰণ কৰে। চিপিআই (এম-এল)ৰ সাধাৰণ সম্পাদক দীপংকৰ ভট্টাচাৰ্যই আদৰণি ভাষণ প্ৰদান কৰি কয় যে সম্প্ৰতি ফেচিবাদী শক্তিৰ আক্ৰমণৰ ফলত সংবিধান আৰু গণতন্ত্ৰ বিপদৰ মুখত পৰিছে। ভাৰতক এই বিপৰ্যয়ৰ পৰা বচাবলৈ নিৰ্ণায়ক সংগ্ৰাম গঢ়ি তুলিব লাগিব আৰু তাৰ বাবে ৰাজপথৰ সংগ্ৰাম আৰু সংসদীয় সংগ্ৰামৰ মাজত সমন্বয় আৰু বিৰোধীৰ মাজত বৃহত্তৰ ঐক্য গঢ়ি তোলাটো জৰুৰী হৈ পৰিছে।

দেশত সৃষ্টি হোৱা স্থায়ী জৰুৰী অৱস্থা সদৃশ পৰিস্থিতিক প্ৰতিৰোধ কৰিবলৈ তেওঁ উদাত্ত আহ্বান জনায়।
জেডি(ইউ) নেতা নীতিশ কুমাৰে কয় যে শাসক বিজেপিয়ে ৰাষ্ট্ৰহিতৰ কথা কৈ কেৱল নিজৰ স্বাৰ্থতহে কাম কৰে। তেওঁ সেয়ে  বিজেপিজোঁটৰ পৰা ওলাই আহি সাতদলীয় মহাজোঁটত চামিল হোৱা বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় স্তৰত মহাজোঁটবন্ধনৰ বাবে জেডি(ইউ)  সাজু আৰু কংগ্ৰেছ দলে এইক্ষেত্ৰত আগভাগ ল’ব লাগে। লগতে কয় এই জোঁটবন্ধন সফল হ’লে দেশ লাভৱান হোৱাৰ লগতে কংগ্ৰেছ দলো লাভৱান হ’ব আৰু বিজেপিৰ আসনৰ সংখ্যা ১০০ৰ তললৈ নামি আহিব।

আনহাতে তেজস্বী যাদৱে ক্য় যে দেশত এতিয়া কেন্দ্ৰীয় বিন্দু ‘মোডী’ নহৈ জনগণৰ ‘মুদ্দা’ হ’ব লাগে। মহাজোঁটবন্ধনৰ ওপৰত জোৰ দি তেওঁ কয় যে য’ত আঞ্চলিক দলসমূহ শক্তিশালী তাত এই দলসমূহক চালকৰ আসনত বহিবলৈ দিব লাগে আৰু আনহাতে য’ত কংগ্ৰেছ বিজেপিৰ মাজত প্ৰত্যক্ষ যুঁজ আছে তাত কংগ্ৰেছে নেতৃত্ব দিব লাগে। 

তেওঁ কয়, বিজেপিয়ে যি খেল খেলি ভাৰতৰ আন ৰাজ্যত বিৰোধীৰ চৰকাৰ ভাঙি আছে সেই একেখন খেল খেলি বিহাৰত বিজেপিৰ চৰকাৰ ভাঙি দিয়া হ’ল৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা চলমান খুৰশ্বিদে দেশজুৰি বিৰোধী ঐক্য গঢ়ি তোলা সম্পৰ্কত নীতিশ কুমাৰক উদ্দেশ্যি কয় যে এইক্ষেত্ৰত প্ৰথম প্ৰস্তাৱ কোনে দিব সেইটো গুৰুত্বপূৰ্ণ আৰু প্ৰেমৰ ক্ষেত্ৰত যিটো সদায়ে ডাঙৰ প্ৰতিবন্ধকতা হৈ থিয় দিয়ে। গুজৰাট মডেলৰ বিপৰীতে মহাজোঁটবন্ধনৰ জৰিয়তে বিহাৰে যি মডেল দাঙি ধৰিছে তাক সমৰ্থন জনায় তেওঁ কয় যে নীতিশ কুমাৰৰ ঐক্যৰ আহ্বান কংগ্ৰেছ দলৰ মজিয়াত উত্থাপন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু