--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কত সোমাই পৰিছে ভাৰতীয় ৰে’ল বিভাগ৷ দেওবাৰ অৰ্থাৎ ১৯ মাৰ্চৰ পুৱা প্ৰায় ৯.৩০ বজাত বিহাৰৰ পাটনা ৰে’ল ষ্টেছনত তিনি মিনিটৰ বাবে স্থাপন কৰা টিভি স্ক্ৰীণত বিজ্ঞাপনৰ সলনি এখন প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ বাজি উঠে৷এই ঘটনাৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু যাত্ৰীসকল বিবুদ্ধিত পৰে৷

 এই ঘটনাৰ পাছত যাত্ৰীসকলে অনতিপলমে চৰকাৰী ৰে’ল আৰক্ষী (জিআৰপি) আৰু ৰে'ল সুৰক্ষা বাহিনী (আৰপিএফ)ৰ ওচৰত ঘটনাটোৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। যাত্ৰীসকলে দিয়া অভিযোগৰ পাছত চৰকাৰী ৰে’ল আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণত বিলম্ব কৰাত ৰে’ল সুৰক্ষা বাহিনীয়ে পৰ্দাত বিজ্ঞাপনৰ দায়িত্বত থকা সংস্থা দত্ত কমিউনিকেশ্বনৰ সৈতে যোগাযোগ কৰে, আৰু সংস্থাটোৰ অপাৰেটৰসকলক প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে৷

 পৰৱৰ্তী সময়ত পাটনা ৰে’লৱে ষ্টেছনৰ ৰে'ল বিষয়াসকলেও ইয়াৰ বিৰুদ্ধে পদক্ষেপ লয় আৰু দত্ত কমিউনিকেশ্বনৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰে। ৰে’লৱে ষ্টেছনত অশ্লীল চলচ্চিত্ৰ চলোৱাৰ বাবে সংস্থাটোক কৰ্তৃপক্ষৰ দ্বাৰা ব্লেকলিষ্ট কৰা হয় আৰু দত্ত কমিউনিকেশ্বনৰ বিৰুদ্ধে জৰিমনাও আৰোপ কৰা হয়।

 বিশেষ সূত্ৰ অনুসৰি ৰে'লৱে বিষয়াসকলে পাটনা ৰে'ল ষ্টেছনত দূৰদৰ্শনৰ পৰ্দাত বিজ্ঞাপন প্ৰচাৰৰ দায়িত্বত থকা দত্ত কমিউনিকেশ্বন নামৰ সংস্থাটোৰ সৈতে চুক্তিও বাতিল কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু