--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কত সোমাই পৰিছে ভাৰতীয় ৰে’ল বিভাগ৷ দেওবাৰ অৰ্থাৎ ১৯ মাৰ্চৰ পুৱা প্ৰায় ৯.৩০ বজাত বিহাৰৰ পাটনা ৰে’ল ষ্টেছনত তিনি মিনিটৰ বাবে স্থাপন কৰা টিভি স্ক্ৰীণত বিজ্ঞাপনৰ সলনি এখন প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ বাজি উঠে৷এই ঘটনাৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু যাত্ৰীসকল বিবুদ্ধিত পৰে৷

 এই ঘটনাৰ পাছত যাত্ৰীসকলে অনতিপলমে চৰকাৰী ৰে’ল আৰক্ষী (জিআৰপি) আৰু ৰে'ল সুৰক্ষা বাহিনী (আৰপিএফ)ৰ ওচৰত ঘটনাটোৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। যাত্ৰীসকলে দিয়া অভিযোগৰ পাছত চৰকাৰী ৰে’ল আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণত বিলম্ব কৰাত ৰে’ল সুৰক্ষা বাহিনীয়ে পৰ্দাত বিজ্ঞাপনৰ দায়িত্বত থকা সংস্থা দত্ত কমিউনিকেশ্বনৰ সৈতে যোগাযোগ কৰে, আৰু সংস্থাটোৰ অপাৰেটৰসকলক প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে৷

 পৰৱৰ্তী সময়ত পাটনা ৰে’লৱে ষ্টেছনৰ ৰে'ল বিষয়াসকলেও ইয়াৰ বিৰুদ্ধে পদক্ষেপ লয় আৰু দত্ত কমিউনিকেশ্বনৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰে। ৰে’লৱে ষ্টেছনত অশ্লীল চলচ্চিত্ৰ চলোৱাৰ বাবে সংস্থাটোক কৰ্তৃপক্ষৰ দ্বাৰা ব্লেকলিষ্ট কৰা হয় আৰু দত্ত কমিউনিকেশ্বনৰ বিৰুদ্ধে জৰিমনাও আৰোপ কৰা হয়।

 বিশেষ সূত্ৰ অনুসৰি ৰে'লৱে বিষয়াসকলে পাটনা ৰে'ল ষ্টেছনত দূৰদৰ্শনৰ পৰ্দাত বিজ্ঞাপন প্ৰচাৰৰ দায়িত্বত থকা দত্ত কমিউনিকেশ্বন নামৰ সংস্থাটোৰ সৈতে চুক্তিও বাতিল কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক