--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন অসাধাৰণ কেফে। কেফেখনৰ প্ৰতিজন কৰ্মচাৰীয়েই এইচ.আই.ভি.পজিটিভ। এই কেফেখন আছে কলিকতাত। এছিয়াৰ ভিতৰত এনেধৰণৰ কেফে এইখনেই প্ৰথম। যোধপুৰ পাৰ্ক এলেকাত মুকলি হোৱা কেফেখনৰ নাম 'কেফে পজিটিভ'। ইয়াৰ উদ্দেশ্য হৈছে এইচআইভি পজিটিভ লোকসকলৰ বিষয়ে সজাগতা বিয়পোৱা আৰু তেওঁলোকৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰা। 

কেফেত সাতজন কৰ্মচাৰী আছে। কেফেখনৰ গৰাকী কল্লোল ঘোষে কয়, "ই ফ্ৰেংকফুর্টৰ এটা কেফেৰ দ্বাৰা অনুপ্ৰাণিত, যিটো সম্পূৰ্ণৰূপে এইচআইভি পজিটিভ লোকসকলে চলাই আছে।কেফেখন খোলা থকা ঠাইখন ইয়াৰ বিশেষ কফি আৰু চেণ্ডুইচৰ বাবে জনাজাত আৰু সাধাৰণতে পেছাদাৰী, মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু যুৱসকলক গ্ৰাহক হিচাপে পোৱা যায়। ঘোষে আৰু কৈছিল, "মই প্ৰথমবাৰৰ বাবে ২০১৮ চনত কেফেখন খুলিছিলো আৰু এতিয়া মই ব্যৱসায়টো সম্প্ৰসাৰিত কৰি আছো। মোৰ পৰিকল্পনা হৈছে পূৱ ভাৰতত আৰু ৩০খন কেফে খোলা আৰু ইয়াৰ বাবে ৮০০ জন লোকক প্ৰশিক্ষণৰ বাবে তালিকাভুক্ত কৰা হৈছে।
Cafes - Cafe Positive on Lake View Road is Asia's first cafe run by people  from the HIV+ community - Telegraph India
ঘোষে কৈছিল, "আমাৰ কেফেৰ প্ৰতি সকলোৰে প্ৰতিক্ৰিয়া ইতিবাচক নহয়। যেতিয়া কিছুমান গ্ৰাহকে গম পায় যে ইয়াত কাম কৰা লোকসকল এইচ.আই.ভি. পজিটিভ, তেওঁলোকে উঠি গুচি যায়। আমি তেওঁলোকক বুজাই দিওঁ। তাৰপিছত কিছুমান লোক ৰৈ যায় আৰু কিছুমান গুচি যায়। 
Kolkata Man's Kindness Helps India's 1st Cafe Run by HIV Positive Youth
কেফে আৰম্ভ কৰাৰ সময়ত চাৰিওফালে বাস কৰা লোকসকলেও ইয়াক লৈ যথেষ্ট শংকিত আছিল, কিন্তু পিছত তেওঁলোকে উপলব্ধি কৰিছিল যে এইচআইভি পজিটিভবোৰো আন লোকৰ দৰে একেই। উল্লেখ্য যে কল্লোল ঘোষে 'আনন্দঘৰ' নামৰ এটা বেচৰকাৰী সংগঠন চলায়, যি মানসিকভাৱে বিকলাঙ্গ শিশু আৰু এইচ.আই.ভি. পজিটিভ লোকসকলৰ উন্নতিৰ বাবে কাম কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু