--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন অসাধাৰণ কেফে। কেফেখনৰ প্ৰতিজন কৰ্মচাৰীয়েই এইচ.আই.ভি.পজিটিভ। এই কেফেখন আছে কলিকতাত। এছিয়াৰ ভিতৰত এনেধৰণৰ কেফে এইখনেই প্ৰথম। যোধপুৰ পাৰ্ক এলেকাত মুকলি হোৱা কেফেখনৰ নাম 'কেফে পজিটিভ'। ইয়াৰ উদ্দেশ্য হৈছে এইচআইভি পজিটিভ লোকসকলৰ বিষয়ে সজাগতা বিয়পোৱা আৰু তেওঁলোকৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰা। 

কেফেত সাতজন কৰ্মচাৰী আছে। কেফেখনৰ গৰাকী কল্লোল ঘোষে কয়, "ই ফ্ৰেংকফুর্টৰ এটা কেফেৰ দ্বাৰা অনুপ্ৰাণিত, যিটো সম্পূৰ্ণৰূপে এইচআইভি পজিটিভ লোকসকলে চলাই আছে।কেফেখন খোলা থকা ঠাইখন ইয়াৰ বিশেষ কফি আৰু চেণ্ডুইচৰ বাবে জনাজাত আৰু সাধাৰণতে পেছাদাৰী, মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু যুৱসকলক গ্ৰাহক হিচাপে পোৱা যায়। ঘোষে আৰু কৈছিল, "মই প্ৰথমবাৰৰ বাবে ২০১৮ চনত কেফেখন খুলিছিলো আৰু এতিয়া মই ব্যৱসায়টো সম্প্ৰসাৰিত কৰি আছো। মোৰ পৰিকল্পনা হৈছে পূৱ ভাৰতত আৰু ৩০খন কেফে খোলা আৰু ইয়াৰ বাবে ৮০০ জন লোকক প্ৰশিক্ষণৰ বাবে তালিকাভুক্ত কৰা হৈছে।
Cafes - Cafe Positive on Lake View Road is Asia's first cafe run by people  from the HIV+ community - Telegraph India
ঘোষে কৈছিল, "আমাৰ কেফেৰ প্ৰতি সকলোৰে প্ৰতিক্ৰিয়া ইতিবাচক নহয়। যেতিয়া কিছুমান গ্ৰাহকে গম পায় যে ইয়াত কাম কৰা লোকসকল এইচ.আই.ভি. পজিটিভ, তেওঁলোকে উঠি গুচি যায়। আমি তেওঁলোকক বুজাই দিওঁ। তাৰপিছত কিছুমান লোক ৰৈ যায় আৰু কিছুমান গুচি যায়। 
Kolkata Man's Kindness Helps India's 1st Cafe Run by HIV Positive Youth
কেফে আৰম্ভ কৰাৰ সময়ত চাৰিওফালে বাস কৰা লোকসকলেও ইয়াক লৈ যথেষ্ট শংকিত আছিল, কিন্তু পিছত তেওঁলোকে উপলব্ধি কৰিছিল যে এইচআইভি পজিটিভবোৰো আন লোকৰ দৰে একেই। উল্লেখ্য যে কল্লোল ঘোষে 'আনন্দঘৰ' নামৰ এটা বেচৰকাৰী সংগঠন চলায়, যি মানসিকভাৱে বিকলাঙ্গ শিশু আৰু এইচ.আই.ভি. পজিটিভ লোকসকলৰ উন্নতিৰ বাবে কাম কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইন্ধনৰ সংকট অব্যাহত; সলনি হোৱা নাই চিলিণ্ডাৰ বুকিঙৰ নির্দেশনা
১ জুলাইৰ পৰা বলৱৎ হ’ব ‘ভি বি-জি ৰাম জি’
দেশ বচাও, ইন্ধন বচাও! মোদীৰ ‘হাফ কনভয় মডেল’ক লৈ দেশজুৰি চৰ্চা
ইৰানৰ শান্তি প্ৰস্তাৱ প্রত্যাখ্যান ড’নাল্ড ট্রাম্পৰ
গণিত অলিম্পিয়াডত দেশৰ ভিতৰত শীৰ্ষ স্থান দখল ডিব্ৰুগড়ৰ নিখিলেশ গগৈৰ
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই