--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিভ্-ইন সম্বন্ধৰ ন্যায়িক পঞ্জীয়ন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত প্ৰদান কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনক অব্যৱহাৰিক আখ্যা দি উচ্চতম ন্যায়ালয়ে নাকচ কৰিছে৷উচ্চতম ন্যায়ালয়ত প্ৰদান কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখনত শ্ৰদ্ধা বালকৰ আৰু নিক্কী যাদৱৰ হত্যাকাণ্ডৰ দোহাই দি গোপনীয় ভাৱে চলি থকা লিভ্-ইন সম্বন্ধবিলাকৰ গইনা লৈ হৈ থকা জঘন্য অপৰাধবিলাকৰ বিষয়ে উল্লেখ কৰা হয়৷

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়,ন্যায়াধীশ পী এছ নৰসিম্হা আৰু ন্যায়াধীশ জে বী পাৰডীবালাৰ খণ্ড বিচাৰপীঠৰ সন্মুখত যেতিয়া লিভ্-ইন সম্বন্ধ বিলাকৰ ৰেজিষ্ট্ৰেচন সন্দৰ্ভত প্ৰদান কৰা আবেদনখন উত্থাপন কৰা হয় বিচাৰকসকলে আশ্চৰ্য প্ৰকাশ কৰে৷

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে " লিভ্-ইন সম্বন্ধৰ চৰকাৰী সন্নিৱিষ্টকৰণ প্ৰসংগটোৱে অদ্ভুত৷আপোনালোকে কিদৰে ভাবে যে লিভ্-ইন ৰিলেচনশ্বিপৰ পঞ্জীয়ন সম্ভৱ?এনেকুৱা আবেদনক জৰিমনা বিহি খাৰিজ কৰিব লাগে"৷

মুখ্য ন্যায়াধীশে চন্দ্ৰচূড়ে আবেদনকাৰীৰ হৈ উপস্থিত হোৱা অধিবক্তাক সুধিছিল যে আবেদনকৰ্তাই কি বিচাৰে। লিভ-ইন সম্পৰ্ক বোৰ ক'ত পঞ্জীয়ন কৰা হ'ব? তাৰ উত্তৰত আবেদনকাৰীৰ অধিবক্তাই  কৈছিল যে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে এটা ব্যৱস্থা প্ৰস্তুত কৰা উচিত। ইয়াৰ পিছত, উচ্চতম ন্যায়ালয়ে আবেদনখনক অস্বীকাৰ কৰে আৰু আবেদনখন খাৰিজ কৰে।

উচ্চতম ন্যায়ালয়ৰ অধিবক্তা মমতা ৰাণীৰ তৰফৰ পৰা দাখিল কৰা আৱেদনত কোৱা হৈছিল যে লিভ্-ইন অংশীদাৰসকলৰ সুৰক্ষাৰ বাবে, আৰক্ষীৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে তথ্য প্ৰয়োজনীয়। লিভ্-ইনত বাস কৰা লোকৰ সংখ্যাৰ বিষয়ে তথ্য সংগ্ৰহ কৰিব লাগে। এই তথ্য কেৱল তেতিয়াহে উপলব্ধ হ'ব যেতিয়া লিভ-ইন সম্পৰ্কৰ পঞ্জীয়ন বাধ্যতামূলক কৰা হ'ব।

আবেদনখনত এইটোও কোৱা হৈছিল যে উচ্চতম ন্যায়ালয়ে বহুতো আদেশত ভাবুকিৰ সন্মুখীন হোৱা লিভ্-ইন সম্পৰ্কত বাস কৰা লোকসকলক সুৰক্ষা প্ৰদান কৰিছে। এনে সম্পৰ্কক মৌলিক অধিকাৰৰ পৰিসৰৰ ভিতৰত বিবেচনা কৰা হয়।সেই বাবে এই সমস্যাৰ স্থায়ী সমস্যাৰ বাবে লিভ্-ইন সম্পৰ্কবিলাকৰ পঞ্জীয়ন হ’ব লাগে৷ তাৰ প্ৰত্যুত্তৰত উচ্চতম ন্যায়ালয়ে এই মুহূৰ্তত এনে সম্পৰ্কৰ পঞ্জীয়নৰ কোনো প্ৰয়োজন নাই বুলি ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখন বাতিল কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক