--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিভ্-ইন সম্বন্ধৰ ন্যায়িক পঞ্জীয়ন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত প্ৰদান কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনক অব্যৱহাৰিক আখ্যা দি উচ্চতম ন্যায়ালয়ে নাকচ কৰিছে৷উচ্চতম ন্যায়ালয়ত প্ৰদান কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখনত শ্ৰদ্ধা বালকৰ আৰু নিক্কী যাদৱৰ হত্যাকাণ্ডৰ দোহাই দি গোপনীয় ভাৱে চলি থকা লিভ্-ইন সম্বন্ধবিলাকৰ গইনা লৈ হৈ থকা জঘন্য অপৰাধবিলাকৰ বিষয়ে উল্লেখ কৰা হয়৷

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়,ন্যায়াধীশ পী এছ নৰসিম্হা আৰু ন্যায়াধীশ জে বী পাৰডীবালাৰ খণ্ড বিচাৰপীঠৰ সন্মুখত যেতিয়া লিভ্-ইন সম্বন্ধ বিলাকৰ ৰেজিষ্ট্ৰেচন সন্দৰ্ভত প্ৰদান কৰা আবেদনখন উত্থাপন কৰা হয় বিচাৰকসকলে আশ্চৰ্য প্ৰকাশ কৰে৷

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে " লিভ্-ইন সম্বন্ধৰ চৰকাৰী সন্নিৱিষ্টকৰণ প্ৰসংগটোৱে অদ্ভুত৷আপোনালোকে কিদৰে ভাবে যে লিভ্-ইন ৰিলেচনশ্বিপৰ পঞ্জীয়ন সম্ভৱ?এনেকুৱা আবেদনক জৰিমনা বিহি খাৰিজ কৰিব লাগে"৷

মুখ্য ন্যায়াধীশে চন্দ্ৰচূড়ে আবেদনকাৰীৰ হৈ উপস্থিত হোৱা অধিবক্তাক সুধিছিল যে আবেদনকৰ্তাই কি বিচাৰে। লিভ-ইন সম্পৰ্ক বোৰ ক'ত পঞ্জীয়ন কৰা হ'ব? তাৰ উত্তৰত আবেদনকাৰীৰ অধিবক্তাই  কৈছিল যে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে এটা ব্যৱস্থা প্ৰস্তুত কৰা উচিত। ইয়াৰ পিছত, উচ্চতম ন্যায়ালয়ে আবেদনখনক অস্বীকাৰ কৰে আৰু আবেদনখন খাৰিজ কৰে।

উচ্চতম ন্যায়ালয়ৰ অধিবক্তা মমতা ৰাণীৰ তৰফৰ পৰা দাখিল কৰা আৱেদনত কোৱা হৈছিল যে লিভ্-ইন অংশীদাৰসকলৰ সুৰক্ষাৰ বাবে, আৰক্ষীৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে তথ্য প্ৰয়োজনীয়। লিভ্-ইনত বাস কৰা লোকৰ সংখ্যাৰ বিষয়ে তথ্য সংগ্ৰহ কৰিব লাগে। এই তথ্য কেৱল তেতিয়াহে উপলব্ধ হ'ব যেতিয়া লিভ-ইন সম্পৰ্কৰ পঞ্জীয়ন বাধ্যতামূলক কৰা হ'ব।

আবেদনখনত এইটোও কোৱা হৈছিল যে উচ্চতম ন্যায়ালয়ে বহুতো আদেশত ভাবুকিৰ সন্মুখীন হোৱা লিভ্-ইন সম্পৰ্কত বাস কৰা লোকসকলক সুৰক্ষা প্ৰদান কৰিছে। এনে সম্পৰ্কক মৌলিক অধিকাৰৰ পৰিসৰৰ ভিতৰত বিবেচনা কৰা হয়।সেই বাবে এই সমস্যাৰ স্থায়ী সমস্যাৰ বাবে লিভ্-ইন সম্পৰ্কবিলাকৰ পঞ্জীয়ন হ’ব লাগে৷ তাৰ প্ৰত্যুত্তৰত উচ্চতম ন্যায়ালয়ে এই মুহূৰ্তত এনে সম্পৰ্কৰ পঞ্জীয়নৰ কোনো প্ৰয়োজন নাই বুলি ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখন বাতিল কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু