ডিজিটেল ডেস্ক: ভাৰতীয় ৰিজার্ভ বেংকে (আৰ বি আই) বুধবাৰে নিৰূপক (বেন্সমার্ক) সুতৰ হাৰ ২৫ বেছিছ পইন্ট বৃদ্ধি কৰি ৫.২৫ শতাংশৰ পৰা ৫.৫০ শতাংশ কৰে। প্ৰায় চাৰি বছৰৰ ভিতৰত এয়া হৈছে ৰিজার্ভ বেংকে প্ৰথমবাৰৰ বাবে কৰা সুতৰ হাৰ বৃদ্ধি। ইয়াৰ আগতে ২০২৩ চনৰ ফেব্ৰুৱাৰীত ৰিজার্ভ বেংকে ৰেপ' ৰেট বৃদ্ধি কৰিছিল।
তদুপৰি ৰিজার্ভ বেংকে ইংগিত দিয়ে যে মুদ্রাস্ফীতি বৃদ্ধি আৰু টকাৰ মূল্য হ্রাসে যদি নীতি সলনিৰ বাবে বাধ্য কৰে, তেন্তে পাছত সুতৰ হাৰ আৰু বৃদ্ধি হ'ব পাৰে। ৰেপ'ৰেট হৈছে বেংকবোৰে যি সুতৰ হাৰত আৰ বি আইৰ পৰা ঋণ লয়। যদি ৰিজার্ভ বেংকৰ সুতৰ হাৰ বেছি হয়, তেতিয়া বেংকবোৰেও গ্রাহকক দিয়া ঋণৰ সুতৰ হাৰ আৰু বেছি হয়। ইয়াৰ ফলত ই এম আইৰ পৰিমাণো বৃদ্ধি পাব।
যোৱা ৫ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈ অনুষ্ঠিত ৰিজার্ভ বেংকৰ ছজনীয়া সদস্যৰ আৰ্থিক নীতি সমিতিৰ (এম পি চি) সর্বসন্মতভাৱে ৰেপ'ৰেট বৃদ্ধি কৰা হয়। অদূৰ ভৱিষ্যতে সুতৰ হাৰ হ্ৰাস পোৱাৰ সম্ভাৱনাও আৰ বি আয়ে নাকচ কৰে। আৰ বি আয়ে কয়, 'অদূৰ ভৱিষ্যতে সুতৰ হাৰ হ্ৰাস কৰাটো বিবেচনাৰ বাহিৰত। পৰিস্থিতি আৰু ভৱিষ্যতৰ আগজাননী অনুসৰি, ভৱিষ্যতৰ নীতিত সুতৰ হাৰ বৃদ্ধি পাব পাৰে বা একেই থাকিব।' ৰিজার্ভ বেংকে ২০২৬-২৭ বৰ্ষৰ বাবে খুচুৰা মুদ্রাস্ফীতিৰ অনুমানো ৫.২ শতাংশলৈ বৃদ্ধি কৰে। মন কৰিবলগীয়া যে আৰ বি আয়ে একেৰাহে তৃতীয় মাহৰ বাবে নিৰ্ধাৰণ কৰা মধ্যকালীন লক্ষ্যৰ ৪ শতাংশৰ সীমা পাৰ হৈ আগষ্টত খুচুৰা মুদ্রাস্ফীতি হৈছিল ৪.৮২ শতাংশ।
আৰ বি আইৰ অনুমান মতে এই বিত্তীয় বৰ্ষৰ তৃতীয় ত্রৈমাসিকত খুচুৰা মুদ্রাস্ফীতি ৬ শতাংশ আৰু চতুৰ্থ ত্রৈমাসিকত ৫.৭ শতাংশ হ'ব। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্রৈমাসিকত ভাৰতৰ অৰ্থনীতিৰ বিকাশৰ হাৰ ৭.৮ শতাংশ হোৱাৰ পাছত, আৰ বি আয়ে ২০২৬-২৭ বৰ্ষৰ অৰ্থনৈতিক বিকাশৰ হাৰ (অনুমান) ৪০ বেছিছ পইন্ট বৃদ্ধি কৰি ৭.১ শতাংশ কৰে। ৰিজার্ভ বেংকে কয় যে মধ্যপ্রাচ্যৰ যুদ্ধৰ বাবে দেখা দিয়া বিশ্বৰ অৰ্থনীতিৰ অনিশ্চয়তা, যোগান শৃংখলা ব্যাহত হোৱাই অর্থনৈতিক কার্যকলাপত প্ৰভাৱ পেলাব। ৰিজার্ভ বেংকৰ গৱৰ্নৰ সঞ্জয় মালহোট্রাই বুধবাৰে কয় যে 'মার্চেন্ট ডিছকাউন্ট ৰেট' (এম ডি আৰ) হিচাপে আৰোপ কৰা 'ক্ষুদ্ৰ মাচুল'-এ ইউ পি আই লেনদেনৰ পৰিমাণত 'গুৰুত্বপূৰ্ণ প্রভাৱ' নেপেলাব। তেওঁ কয়, 'বর্তমানলৈকে আমি লেনদেন হ্রাস পোৱা দেখা নাই। "
উৎস: দৈনিক জনমভূমি