--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডক সহজভাবে নল’বলৈ বিশ্বৰ স্বাস্থ্য বিজ্ঞানীসকলে সতৰ্কবাণী শুনাই থকাৰ সময়তে বিহাৰৰ বোধগয়াত চাৰিজন বিদেশী পৰ্যটকৰ দেহত কোভিড-১৯ পোৱা গৈছে। লগে লগে চাৰিওজন বিদেশীলোককে  পৃথককৈ ৰখাৰ ব্যল্থা কৰা হৈছে।উল্লেখ্য  দালাই লামাই ২৯ ডিচেম্বৰৰ পৰা কিছুদিনৰ বাবে  গয়াত থাকিব।

কোভিড ধৰা পৰা চাৰিওজন পৰ্যটকে দালাই লামাৰ  অনুষ্ঠানত উপস্থিত থাকিবলৈ ভাৰতলৈ আহিছিল।আক্ৰান্তসকলৰ  ভিতৰত এজন ম্যানমাৰৰ, এজন থাইলেণ্ডৰ আৰু দুজন ব্ৰিটেইনৰ।  গয়া জিলাৰ দায়িত্বত থকা চিকিৎসা বিষয়া ডাঃ ৰঞ্জন সিঙৰ মতে আক্ৰান্ত বিদেশী লোক কেইজনৰ   শাৰীৰিক অৱস্থা গুৰুতৰ নহয়। অৱশ্যে, সংক্ৰমণ বিয়পা প্ৰতিহত কৰিবলৈ কৰ্তৃপক্ষই সকলো প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিছে৷

ইফালে কৰোনা ভাইৰাছৰ লক্ষণৰ থকা বাবে এজন বিদেশী লোকক কলকাতা বিমানবন্দৰৰ পৰা চিকিৎসালয়লৈ নিয়া হৈছে৷তেওঁক বেলেঘাটা আইডিত পৃথকভাৱে ৰখা হৈছে। ব্ৰিটিছ পাছপোৰ্ট থকা  যাত্ৰীজনে অষ্ট্ৰেলিয়াৰ পৰা কলকাতালৈ আহিছিল। উল্লেখ্য   প্ৰায় ৫০ খন দেশৰ ৬০,০০০ লোক বোধ গয়াৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু