--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোগীৰ ৰাজ্যত আৰক্ষীয়ে সংঘটিত কৰা এক ঘটনাই  সমগ্ৰ দেশ জুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ সমাজবাদী পাৰ্টিয়ে এটা ভিডিঅ' টুইট কৰি আৰক্ষীৰ এনে বৰ্বৰ কাণ্ডৰ কথা পোহৰলৈ আনিছে। ভিডিঅ'টো সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে।  দাবী কৰা হৈছে যে ঘটনাটো কানপুৰৰ কানোৱাৰত সংঘটিত হৈছিল। ভিডিঅ'টোত এজন আৰক্ষী বিষয়াই বন্ধ কোঠাত এগৰাকী যুৱতীক নিৰ্মমভাৱে প্ৰহাৰ কৰা দেখা গৈছে। 

ঘটনাটোৰ সময়ত বহুলোকে ঘৰৰ বাহিৰত থিয় হৈ আৰক্ষীজনক ৰ'বলৈ কৈছিল। বহুলোকে ঘটনাটোৰ ভিডিঅ' কৰিছিল। বিৰোধী সমাজবাদী পাৰ্টিয়ে ঘটনাটোৰ এটা ভিডিঅ' টুইট কৰিযোগী চৰকাৰক সমালোচনা কৰিছে৷

ভাইৰেল ভিডিঅ'টোত, ঘৰৰ বাহিৰত থিয় হৈ থকা লোকসকলক কৈ থকা শুনা যায়, "আপুনি দুৱাৰখন কিয় বন্ধ কৰিলে?" আনহাতে যুৱতীগৰাকীয়ে তেওঁক মাৰধৰ কৰা বুলি জোৰেৰে কোৱাও শুনা গৈছে৷ 
ইফালে, ঘৰৰ বাহিৰত ভিডিঅ'টো কৰি থকা লোকসকলে আৰক্ষী বিষয়াজনক  কৈছে , "আপুনি আৰক্ষী হিচাবে যি কৰি আছে সেয়া সঠিক নহয়। আপুনি ভুল কৰিছে। দুই মিনিট দীঘল ভিডিঅ'টোত আৰক্ষীজনে মহিলাগৰাকীৰ হাতত ধৰি থকা দেখা গৈছে। ঘটনাটো কি পৰিস্থিতিত সংঘটিত হৈছিল সেয়া স্পষ্ট হোৱা নাই৷ 

ঘটনাটোৰ পৰিপ্ৰেক্ষিতত বিৰোধী সমাজবাদী পাৰ্টীৰ টুইট, "কানপুৰ আৰক্ষীৰ লজ্জাজনক কাৰ্য্য। প্ৰতিদিনে, যোগী চৰকাৰৰ আৰক্ষীয়ে নাগৰিকসকলক অত্যাচাৰ কৰি আছে। এনে এটা ভিডিঅ' প্ৰকাশ পাইছে। কিন্তু মুখ্যমন্ত্ৰী নীৰৱ হৈ আছে। বিষয়টো অনুসন্ধান কৰাৰ পিছত আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত "।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক