--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোগীৰ ৰাজ্যত আৰক্ষীয়ে সংঘটিত কৰা এক ঘটনাই  সমগ্ৰ দেশ জুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ সমাজবাদী পাৰ্টিয়ে এটা ভিডিঅ' টুইট কৰি আৰক্ষীৰ এনে বৰ্বৰ কাণ্ডৰ কথা পোহৰলৈ আনিছে। ভিডিঅ'টো সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে।  দাবী কৰা হৈছে যে ঘটনাটো কানপুৰৰ কানোৱাৰত সংঘটিত হৈছিল। ভিডিঅ'টোত এজন আৰক্ষী বিষয়াই বন্ধ কোঠাত এগৰাকী যুৱতীক নিৰ্মমভাৱে প্ৰহাৰ কৰা দেখা গৈছে। 

ঘটনাটোৰ সময়ত বহুলোকে ঘৰৰ বাহিৰত থিয় হৈ আৰক্ষীজনক ৰ'বলৈ কৈছিল। বহুলোকে ঘটনাটোৰ ভিডিঅ' কৰিছিল। বিৰোধী সমাজবাদী পাৰ্টিয়ে ঘটনাটোৰ এটা ভিডিঅ' টুইট কৰিযোগী চৰকাৰক সমালোচনা কৰিছে৷

ভাইৰেল ভিডিঅ'টোত, ঘৰৰ বাহিৰত থিয় হৈ থকা লোকসকলক কৈ থকা শুনা যায়, "আপুনি দুৱাৰখন কিয় বন্ধ কৰিলে?" আনহাতে যুৱতীগৰাকীয়ে তেওঁক মাৰধৰ কৰা বুলি জোৰেৰে কোৱাও শুনা গৈছে৷ 
ইফালে, ঘৰৰ বাহিৰত ভিডিঅ'টো কৰি থকা লোকসকলে আৰক্ষী বিষয়াজনক  কৈছে , "আপুনি আৰক্ষী হিচাবে যি কৰি আছে সেয়া সঠিক নহয়। আপুনি ভুল কৰিছে। দুই মিনিট দীঘল ভিডিঅ'টোত আৰক্ষীজনে মহিলাগৰাকীৰ হাতত ধৰি থকা দেখা গৈছে। ঘটনাটো কি পৰিস্থিতিত সংঘটিত হৈছিল সেয়া স্পষ্ট হোৱা নাই৷ 

ঘটনাটোৰ পৰিপ্ৰেক্ষিতত বিৰোধী সমাজবাদী পাৰ্টীৰ টুইট, "কানপুৰ আৰক্ষীৰ লজ্জাজনক কাৰ্য্য। প্ৰতিদিনে, যোগী চৰকাৰৰ আৰক্ষীয়ে নাগৰিকসকলক অত্যাচাৰ কৰি আছে। এনে এটা ভিডিঅ' প্ৰকাশ পাইছে। কিন্তু মুখ্যমন্ত্ৰী নীৰৱ হৈ আছে। বিষয়টো অনুসন্ধান কৰাৰ পিছত আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত "।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু