--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিমান আগবাঢ়িছে বিহাৰৰ উন্নয়ন। বিহাৰৰ জাতিগত জৰীপৰ দ্বিতীয় প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে ৰাজ্য খনৰ অৰ্থনৈতিক অৱস্থাৰ এখন ভয়াৱহ ছবি পোহৰলৈ আহিছে। । জাতিগত জৰীপৰ দ্বিতীয় প্ৰতিবেদনত প্ৰকাশ পোৱা মতে  বিহাৰৰ  ৩৪ শতাংশ পৰিয়ালৰ মাহিলী উপাৰ্জন ৬,০০০ টকাতকৈও কম।

 ইয়াৰ উপৰি অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ ৪২  শতাংশ পৰিয়াল দৰিদ্ৰসীমা ৰেখাৰ তলত বাস কৰে। আনকি পিছপৰা পৰিয়ালবোৰৰ মাজতো  ৩৩  শতাংশ দৰিদ্ৰ পৰিয়াল।বিতৰ্কৰ মাজতে জাতি জৰীপৰ দ্বিতীয় প্ৰতিবেদন মঙলবাৰে বিহাৰ বিধানসভাত উত্থাপন কৰা হয় । প্ৰতিবেদনত কোৱা হৈছে  যে ৰাজ্যখনৰ এক-তৃতীয়াংশ পৰিয়ালৰ উপাৰ্জন  প্ৰতি মাহে ৬ হাজাৰ টকাতকৈ কম। শিক্ষাৰ ক্ষেত্ৰত অনুসূচীত জাতিৰ ৬ শতাংশতকৈও কম শিক্ষাৰ্থীয়ে দ্বাদশ শ্ৰেণীলৈকে পঢ়া-শুনা সম্পূৰ্ণ কৰিছে। 

জাতি জৰীপৰ প্ৰতিবেদনত বিহাৰৰ সাধাৰণ লোকসকলৰ বিত্তীয় অৱস্থা প্ৰকাশ পোৱাৰ পিছতে চৰকাৰ লাজত পৰিছে। ৰাজ্যখনৰ জনসংখ্যাৰ ৩৪.১৩ শতাংশৰ মাহিলী উপাৰ্জন ৬,০০০ টকাতকৈ কম হোৱাৰ কথাটোৱে ৰাজ্য খনৰ সামগ্ৰীক উন্নয়নৰ দুখ লগা ছবি খন প্ৰকট হৈছে। প্ৰতিবেদন অনুসৰি বিহাৰৰ  ২৯.৬১ শতাংশ লোকে প্ৰতি মাহে ১০,০০০ টকা উপাৰ্জন কৰে। ইয়াৰ উপৰি  ২৮  শতাংশ লোকৰ মাহিলী উপাৰ্জন ১০,০০০ টকাৰ পৰা ৫০,০০০ টকাৰ ভিতৰত। বিহাৰৰ জনসংখ্যাৰ মাত্ৰ ৪ শতাংশই প্ৰতি মাহে ৫০,০০০ টকাতকৈ অধিক উপাৰ্জন কৰে।

বিহাৰৰ জাতিগত লোকপিয়লৰ ফলাফল যোৱা মাহত প্ৰকাশ কৰা হৈছিল। প্ৰতিবেদন অনুসৰি বিহাৰৰ জনসংখ্যাৰ ৬৩  শতাংশ পিছপৰা শ্ৰেণীৰ। ইয়াৰ ভিতৰত ৩৬  শতাংশ উচ্চ পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত।  ১৯ শতাংশ অনুসূচীত জাতিও আছে। গণনাটোক দেশৰ বেছিভাগ বিৰোধী দলে আদৰণি জনাইছিল। অৱশ্যে বিজেপিয়ে বাৰে বাৰে এই গণনাৰ বিৰোধিতা কৰি আহিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু