--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিমান আগবাঢ়িছে বিহাৰৰ উন্নয়ন। বিহাৰৰ জাতিগত জৰীপৰ দ্বিতীয় প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে ৰাজ্য খনৰ অৰ্থনৈতিক অৱস্থাৰ এখন ভয়াৱহ ছবি পোহৰলৈ আহিছে। । জাতিগত জৰীপৰ দ্বিতীয় প্ৰতিবেদনত প্ৰকাশ পোৱা মতে  বিহাৰৰ  ৩৪ শতাংশ পৰিয়ালৰ মাহিলী উপাৰ্জন ৬,০০০ টকাতকৈও কম।

 ইয়াৰ উপৰি অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ ৪২  শতাংশ পৰিয়াল দৰিদ্ৰসীমা ৰেখাৰ তলত বাস কৰে। আনকি পিছপৰা পৰিয়ালবোৰৰ মাজতো  ৩৩  শতাংশ দৰিদ্ৰ পৰিয়াল।বিতৰ্কৰ মাজতে জাতি জৰীপৰ দ্বিতীয় প্ৰতিবেদন মঙলবাৰে বিহাৰ বিধানসভাত উত্থাপন কৰা হয় । প্ৰতিবেদনত কোৱা হৈছে  যে ৰাজ্যখনৰ এক-তৃতীয়াংশ পৰিয়ালৰ উপাৰ্জন  প্ৰতি মাহে ৬ হাজাৰ টকাতকৈ কম। শিক্ষাৰ ক্ষেত্ৰত অনুসূচীত জাতিৰ ৬ শতাংশতকৈও কম শিক্ষাৰ্থীয়ে দ্বাদশ শ্ৰেণীলৈকে পঢ়া-শুনা সম্পূৰ্ণ কৰিছে। 

জাতি জৰীপৰ প্ৰতিবেদনত বিহাৰৰ সাধাৰণ লোকসকলৰ বিত্তীয় অৱস্থা প্ৰকাশ পোৱাৰ পিছতে চৰকাৰ লাজত পৰিছে। ৰাজ্যখনৰ জনসংখ্যাৰ ৩৪.১৩ শতাংশৰ মাহিলী উপাৰ্জন ৬,০০০ টকাতকৈ কম হোৱাৰ কথাটোৱে ৰাজ্য খনৰ সামগ্ৰীক উন্নয়নৰ দুখ লগা ছবি খন প্ৰকট হৈছে। প্ৰতিবেদন অনুসৰি বিহাৰৰ  ২৯.৬১ শতাংশ লোকে প্ৰতি মাহে ১০,০০০ টকা উপাৰ্জন কৰে। ইয়াৰ উপৰি  ২৮  শতাংশ লোকৰ মাহিলী উপাৰ্জন ১০,০০০ টকাৰ পৰা ৫০,০০০ টকাৰ ভিতৰত। বিহাৰৰ জনসংখ্যাৰ মাত্ৰ ৪ শতাংশই প্ৰতি মাহে ৫০,০০০ টকাতকৈ অধিক উপাৰ্জন কৰে।

বিহাৰৰ জাতিগত লোকপিয়লৰ ফলাফল যোৱা মাহত প্ৰকাশ কৰা হৈছিল। প্ৰতিবেদন অনুসৰি বিহাৰৰ জনসংখ্যাৰ ৬৩  শতাংশ পিছপৰা শ্ৰেণীৰ। ইয়াৰ ভিতৰত ৩৬  শতাংশ উচ্চ পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত।  ১৯ শতাংশ অনুসূচীত জাতিও আছে। গণনাটোক দেশৰ বেছিভাগ বিৰোধী দলে আদৰণি জনাইছিল। অৱশ্যে বিজেপিয়ে বাৰে বাৰে এই গণনাৰ বিৰোধিতা কৰি আহিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ