--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰেক্ষাপটত সৰ্বোচ্চ ন্যায়ালয়৷মঙলবাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ে ব্যক্তি, বিশেষকৈ সংবাদ মাধ্যমৰ পেছাদাৰী ব্যক্তিৰ ফোনকে ধৰি ডিজিটেল ডিভাইচ জব্দ বা তালাচী এক গুৰুতৰ বিষয় বুলি উল্লেখ কৰি এই বিষয়ত গাইডলাইনৰ প্ৰয়োজনীয়তাৰ আহ্বান জনায়।

ফাউণ্ডেশ্যন অৱ মিডিয়া প্ৰফেচনেলছৰ দ্বাৰা দাখিল কৰা জনস্বাৰ্থ জড়িত গোচৰৰ শুনানি গ্ৰহণ কৰি থকা ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু সুধাংশু ঢুলীয়াৰে গঠিত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কেন্দ্ৰক এনে জব্দকৰণৰ নীতিৰ পৰা ওলাই আহিবলৈ আহ্বান জনায়৷সৰ্বোচ্চ ন্যায়ালয়ে কয় যে "চাওক এইসকল সংবাদ মাধ্যমৰ পেছাদাৰীলোকসকলৰ ফোনত থাকিব কিছুমান উৎস আৰু যোগাযোগ। গতিকে, ইয়াক নিয়ন্ত্ৰণৰ বাবে কিছুমান নিৰ্দেশনা থাকিব লাগিব।"

কেন্দ্ৰীয় চৰকাৰৰ হৈ হাজিৰ হোৱা অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে আঙুলিয়াই দিয়ে যে “কেইটামান জটিল, আইনী বিষয় আছে যিবোৰ পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়,”
আবেদনকাৰীৰ হৈ হাজিৰ হৈ জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ আগৰৱালে অৱশ্যে শ শ সাংবাদিকৰ ডিজিটেল ডিভাইচ কাঢ়ি নিয়া বুলি আঙুলিয়াই দিয়ে।উল্লেখ্য যে ৩ অক্টোবৰত সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত সাংবাদিক, পৰামৰ্শদাতা, অৱদানকাৰী আৰু প্ৰাক্তন কৰ্মচাৰীকে ধৰি নিউজক্লিকৰ ৮০ জনতকৈ অধিক কৰ্মচাৰীৰ ঘৰত ব্যাপক অভিযান চলোৱাৰ পটভূমিত এই শুনানি গ্ৰহণ কৰা হয়।

বিষয়টোক লৈ  উদ্বেগ প্ৰকাশ কৰি ১৮টা সংবাদ মাধ্যমে ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু ভাৰতৰ ৰাষ্ট্ৰপতিলৈ পত্ৰ লিখি ডিজিটেল ডিভাইচ জব্দৰ প্ৰতি তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰিছিল।তদুপৰি এফএমপিৰ পিআইএলে আইন বলবৎকাৰী সংস্থাসমূহে ব্যক্তিগত ডিজিটেল ডিভাইচসমূহৰ “ অনুসন্ধান আৰু জব্দ”ৰ  বাবে থকা ধাৰাক লৈ উদ্বেগ প্ৰকাশ কৰে, যাৰ ফলত সাংবিধানিক স্বাধীনতা, বিশেষকৈ সাংবাদিকসকলৰ সাংবিধানিক স্বাধীনতাৰ ব্যৱহাৰত শীতল প্ৰভাৱ পৰিছে বুলি আপত্তি উত্থাপন কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement