--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰেক্ষাপটত সৰ্বোচ্চ ন্যায়ালয়৷মঙলবাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ে ব্যক্তি, বিশেষকৈ সংবাদ মাধ্যমৰ পেছাদাৰী ব্যক্তিৰ ফোনকে ধৰি ডিজিটেল ডিভাইচ জব্দ বা তালাচী এক গুৰুতৰ বিষয় বুলি উল্লেখ কৰি এই বিষয়ত গাইডলাইনৰ প্ৰয়োজনীয়তাৰ আহ্বান জনায়।

ফাউণ্ডেশ্যন অৱ মিডিয়া প্ৰফেচনেলছৰ দ্বাৰা দাখিল কৰা জনস্বাৰ্থ জড়িত গোচৰৰ শুনানি গ্ৰহণ কৰি থকা ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু সুধাংশু ঢুলীয়াৰে গঠিত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কেন্দ্ৰক এনে জব্দকৰণৰ নীতিৰ পৰা ওলাই আহিবলৈ আহ্বান জনায়৷সৰ্বোচ্চ ন্যায়ালয়ে কয় যে "চাওক এইসকল সংবাদ মাধ্যমৰ পেছাদাৰীলোকসকলৰ ফোনত থাকিব কিছুমান উৎস আৰু যোগাযোগ। গতিকে, ইয়াক নিয়ন্ত্ৰণৰ বাবে কিছুমান নিৰ্দেশনা থাকিব লাগিব।"

কেন্দ্ৰীয় চৰকাৰৰ হৈ হাজিৰ হোৱা অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে আঙুলিয়াই দিয়ে যে “কেইটামান জটিল, আইনী বিষয় আছে যিবোৰ পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়,”
আবেদনকাৰীৰ হৈ হাজিৰ হৈ জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ আগৰৱালে অৱশ্যে শ শ সাংবাদিকৰ ডিজিটেল ডিভাইচ কাঢ়ি নিয়া বুলি আঙুলিয়াই দিয়ে।উল্লেখ্য যে ৩ অক্টোবৰত সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত সাংবাদিক, পৰামৰ্শদাতা, অৱদানকাৰী আৰু প্ৰাক্তন কৰ্মচাৰীকে ধৰি নিউজক্লিকৰ ৮০ জনতকৈ অধিক কৰ্মচাৰীৰ ঘৰত ব্যাপক অভিযান চলোৱাৰ পটভূমিত এই শুনানি গ্ৰহণ কৰা হয়।

বিষয়টোক লৈ  উদ্বেগ প্ৰকাশ কৰি ১৮টা সংবাদ মাধ্যমে ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু ভাৰতৰ ৰাষ্ট্ৰপতিলৈ পত্ৰ লিখি ডিজিটেল ডিভাইচ জব্দৰ প্ৰতি তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰিছিল।তদুপৰি এফএমপিৰ পিআইএলে আইন বলবৎকাৰী সংস্থাসমূহে ব্যক্তিগত ডিজিটেল ডিভাইচসমূহৰ “ অনুসন্ধান আৰু জব্দ”ৰ  বাবে থকা ধাৰাক লৈ উদ্বেগ প্ৰকাশ কৰে, যাৰ ফলত সাংবিধানিক স্বাধীনতা, বিশেষকৈ সাংবাদিকসকলৰ সাংবিধানিক স্বাধীনতাৰ ব্যৱহাৰত শীতল প্ৰভাৱ পৰিছে বুলি আপত্তি উত্থাপন কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু