--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ কেইবা খনো ৰাজ্যৰ জনতাই জাতিগত লোক পিয়ল বিচাৰি থকাৰ সময়তে কংগ্ৰেছে এই বিষয়টোক এইবেলি নিৰ্বাচনী অস্ত্ৰ হিচাবে গ্ৰহণ কৰিছে। বিহাৰত নীতিশ কুমাৰৰ চৰকাৰে জাতিগত লোকপিয়ল সম্পন্ন কৰাৰ পিছত এইবাৰ   কংগ্ৰেছে  বিহাৰৰ দৰেই কেইবাখনো ৰাজ্যত  জাতিগত জৰীপৰ প্ৰতিশ্ৰুতি দিছে। 


সেইমৰ্মে কংগ্ৰেছেৰাজস্থান, ছত্তীশগড়তো  জাতিগত লোকপিয়লৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।  ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ছত্তীশগড়ত এক ৰেলী সম্বোধন কৰি ৰাজ্যখনত জাতিগত লোকপিয়লৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও দলটো ৰাজ্য খনত  পুনৰ ক্ষমতালৈ আহিলে জাতিগত লোকপিয়লৰ প্ৰতিশ্ৰুতি দিছিল। উল্লেখ্য  বিহাৰ চৰকাৰে চলিত  সপ্তাহৰ আৰম্ভণিতে ইয়াৰ জাতি জৰীপৰ তথ্য প্ৰকাশ কৰিছে। ইয়াৰ পিছতে জাতিগত  লোকপিয়লৰ বাবে বিভিন্ন ৰাজ্যত  উৎসাহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। 

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দলটোৰ  ৰায়পুৰ অধিৱেশনত জাতিগত লোকপিয়লৰ পোষকতা কৰি কৈছিল যে কংগ্ৰেছে  ইয়াৰ আধাৰত ইয়াত কৰিব। ৰাজস্থান চৰকাৰেও বিহাৰৰ দৰে জাতিগত লোকপিয়ল অনুষ্ঠিত কৰিব বুলি গেহলটে ঘোষণা কৰে।। তেওঁ কয় যে জনসংখ্যা অনুসৰি জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবেই জাতিগত লোক পিয়লৰ পোষকতা কৰা হৈছে।তেওঁ কয় যে ৰাজস্থান, ছত্তীশগড়তো  জাতিগত লোকপিয়ল অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

 কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কৈছে "মই ঘোষণা কৰোঁ যে যদি কংগ্ৰেছে ছত্তীশগড়ত পুনৰ চৰকাৰ গঠন  কৰে, তেন্তে বিহাৰৰ দৰে, আমিও ৰাজ্যখনত জাতিগত লোকপিয়ল অনুষ্ঠিত কৰিম,"। উল্লেখ্য  প্ৰিয়ংকা গান্ধী ভাদ্ৰাই নিৰ্বাচনমুখী ছত্তীশগড়ৰ কাঙ্কেৰত এক ৰাজহুৱা অনুষ্ঠানত এই ঘোষণা কৰে। আনহাতে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ "থলুৱা" মুছলমান উপ-গোটসমূহৰ আৰ্থ-সামাজিক জৰীপৰ কথা  ঘোষণা কৰিছে। ইপিনে বিজেপিয়ে  হিন্দুসকলক জাতিগত ভিত্তিত বিভাজন কৰিবলৈ বিৰোধীয়ে চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰ বিপৰীতে বিৰোধী দলবোৰে ইয়াক জাতিৰ ভিত্তিত বিজেপিৰ ভোট বেংক ভাঙিবলৈ এটা সুযোগ হিচাপে গ্ৰহণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু