--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ কেইবা খনো ৰাজ্যৰ জনতাই জাতিগত লোক পিয়ল বিচাৰি থকাৰ সময়তে কংগ্ৰেছে এই বিষয়টোক এইবেলি নিৰ্বাচনী অস্ত্ৰ হিচাবে গ্ৰহণ কৰিছে। বিহাৰত নীতিশ কুমাৰৰ চৰকাৰে জাতিগত লোকপিয়ল সম্পন্ন কৰাৰ পিছত এইবাৰ   কংগ্ৰেছে  বিহাৰৰ দৰেই কেইবাখনো ৰাজ্যত  জাতিগত জৰীপৰ প্ৰতিশ্ৰুতি দিছে। 


সেইমৰ্মে কংগ্ৰেছেৰাজস্থান, ছত্তীশগড়তো  জাতিগত লোকপিয়লৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।  ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ছত্তীশগড়ত এক ৰেলী সম্বোধন কৰি ৰাজ্যখনত জাতিগত লোকপিয়লৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও দলটো ৰাজ্য খনত  পুনৰ ক্ষমতালৈ আহিলে জাতিগত লোকপিয়লৰ প্ৰতিশ্ৰুতি দিছিল। উল্লেখ্য  বিহাৰ চৰকাৰে চলিত  সপ্তাহৰ আৰম্ভণিতে ইয়াৰ জাতি জৰীপৰ তথ্য প্ৰকাশ কৰিছে। ইয়াৰ পিছতে জাতিগত  লোকপিয়লৰ বাবে বিভিন্ন ৰাজ্যত  উৎসাহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। 

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দলটোৰ  ৰায়পুৰ অধিৱেশনত জাতিগত লোকপিয়লৰ পোষকতা কৰি কৈছিল যে কংগ্ৰেছে  ইয়াৰ আধাৰত ইয়াত কৰিব। ৰাজস্থান চৰকাৰেও বিহাৰৰ দৰে জাতিগত লোকপিয়ল অনুষ্ঠিত কৰিব বুলি গেহলটে ঘোষণা কৰে।। তেওঁ কয় যে জনসংখ্যা অনুসৰি জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবেই জাতিগত লোক পিয়লৰ পোষকতা কৰা হৈছে।তেওঁ কয় যে ৰাজস্থান, ছত্তীশগড়তো  জাতিগত লোকপিয়ল অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

 কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কৈছে "মই ঘোষণা কৰোঁ যে যদি কংগ্ৰেছে ছত্তীশগড়ত পুনৰ চৰকাৰ গঠন  কৰে, তেন্তে বিহাৰৰ দৰে, আমিও ৰাজ্যখনত জাতিগত লোকপিয়ল অনুষ্ঠিত কৰিম,"। উল্লেখ্য  প্ৰিয়ংকা গান্ধী ভাদ্ৰাই নিৰ্বাচনমুখী ছত্তীশগড়ৰ কাঙ্কেৰত এক ৰাজহুৱা অনুষ্ঠানত এই ঘোষণা কৰে। আনহাতে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ "থলুৱা" মুছলমান উপ-গোটসমূহৰ আৰ্থ-সামাজিক জৰীপৰ কথা  ঘোষণা কৰিছে। ইপিনে বিজেপিয়ে  হিন্দুসকলক জাতিগত ভিত্তিত বিভাজন কৰিবলৈ বিৰোধীয়ে চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰ বিপৰীতে বিৰোধী দলবোৰে ইয়াক জাতিৰ ভিত্তিত বিজেপিৰ ভোট বেংক ভাঙিবলৈ এটা সুযোগ হিচাপে গ্ৰহণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ