--°C
Loading...
Listen to Article
2 min read
80%
নতুন দিল্লীঃ এছিয়ান গেমছত ভাৰতৰ পুৰুষ ক্ৰিকেটাৰৰ দলটোৱে  সোণৰ পদক লাভ কৰিছে। শনিবাৰে বৰষুণৰ বাবে ভাৰত আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া  চূড়ান্ত খেলখন বাতিল হোৱাৰ পিছত ৰুতুৰাজ গায়কৱাডৰ টীম ইণ্ডিয়াই আইচিচি ৰেংকিঙৰ শীৰ্ষস্থানত থকা দল হিচাপে সোণৰ পদক অৰ্জন  কৰে। ফাইনেলত অৱতীৰ্ণ হোৱা  বাবে আফগানিস্তানে ৰূপৰ পদক লাভ কৰে। 

ফাইনেলত ভাৰতীয় দলটোৱে ভাল আৰম্ভণি কৰিছিল। ভাৰতৰ অধিনায়ক ৰুতুৰাজ গাইকোৱাডে টছত জয়ী হৈ ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছিল। প্ৰথমে বেটিং কৰি আফগানিস্তানে বৰষুণ হোৱাৰ সময়ত ১৮ অভাৰত ২ টা বলত ৫ উইকেটত ১১২ ৰাণ সংগ্ৰহ কৰে।

তাৰ পিছত,  কিছু সময় অপেক্ষা কৰা হৈছিল, কিন্তু বৰষুণ বন্ধ হোৱা নাছিল। অৱশেষত, আয়োজকসকলে চূড়ান্ত খেলখন পৰিত্যক্ত বুলি ঘোষণা কৰে। এছিয়ান গেমছৰ নিয়ম অনুসৰি আইচিচি ৰেংকিঙৰ শীৰ্ষস্থানত থকাৰ বাবে ভাৰতক চেম্পিয়ন ঘোষণা কৰা হয়। ফলস্বৰূপে এছিয়ান গেমছত  মহিলা ক্ৰিকেট দলৰ পিছত পুৰুষ ক্ৰিকেট দলেও স্বৰ্ণ জয় কৰে। উল্লেখ্য এছিয়ান গেমছত প্ৰথমবাৰৰ বাবে ক্ৰিকেট অন্তৰ্ভুক্ত কৰা হৈছে। 

প্ৰথমবাৰৰ বাবে টীম ইণ্ডিয়াই এই গেমছত দুটাকৈ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় চিনিয়ৰ টীমৰ  খেলুৱৈসকলেও এই যুৱ ভাৰতীয় দলটোৰ সোণৰ পদকক লৈ উৎসাহিত হৈ পৰিছে। ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই কয়, "মই নিজে কেতিয়াও সোণৰ পদক জিকিব পৰা নাই। ৰুতুৰাজহঁতে জিকিছে। তেওঁলোকৰ বাবে শুভকামনা। " 
ভাৰতে এতিয়ালৈকে এছিয়াডত ২৭ টা সোণৰ পদক জিকিছে। আজি পুৱা ধনুৰ্বিদ্যাত দুটা সোণৰ পদক আৰু বেডমিণ্টনত এটা সোণৰ পদক আহিছে।  এই প্ৰতিবেদন যুগুত কৰাৰ মুহূৰ্তত ভাৰতৰ মুঠ পদকৰ সংখ্যা হৈছে ১০২।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু