--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিহাৰত পুনৰ এক অঘটন সংঘটিত হৈছে৷ ভাগি পৰিল দেশৰ দীৰ্ঘতম নিৰ্মীয়মাণ দলঙৰ অংশ। ঘটনাত এজন শ্ৰমিক নিহত হোৱাৰ লগতে আহত হৈছে ১০ গৰাকী লোক। আনহাতে, দলংখনৰ ভাগি পৰা অংশৰ তলত আৰু কিছুসংখ্যক লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে৷ শুকুৰবাৰে পুৱা সংঘটিত হয় এই দুৰ্ঘটনাটো। 

বিহাৰৰ বকোৰ আৰু মধুমণি জিলাৰ ভেজাৰ মাজত থকা দেশৰ দীৰ্ঘতম দলংখনৰ তিনিটাকৈ অংশ খহি পৰিছিল শুকুৰবাৰে পুৱা। যাৰফলত দলংখনৰ এক অংশ খহি পৰিছিল কোচি নদীৰ ওপৰত। ঘটনাৰ সময়ত দলংখনৰ ওপৰত কৰ্মৰত আছিল বহুসংখ্যক শ্ৰমিক। দলঙৰ ভগ্ন অংশৰ লগতে তলত পৰিছিল শ্ৰমিকসকল। যাৰ ভিতৰত থিতাতে মৃত্যু হৈছিল এজন শ্ৰমিকৰ। বিহাৰৰ কোচি নদীত নিৰ্মীয়মাণ অৱস্থাত আছে দেশৰ দীৰ্ঘতম দলংখন। যাৰ দৈৰ্ঘ হৈছে ১০.২ কিলোমিটাৰৰো অধিক। এপ্ৰ’ছ ৰোডৰ সৈতে দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে ১৩.৩ কিলোমিটাৰ। ২০২৩ চনতে নিৰ্মাণ সম্পূৰ্ণ হ’বলগীয়া দলংখনৰ এতিয়াও অব্যাহত আছে কাম। বকোৰৰ দিশৰ পৰা ট্ৰান্সৰে’ল লাইটিং লিমিটেড আৰু মধুবনি জিলাৰ দিশৰ পৰা গেমনে অব্যাহত ৰাখিছে দলংখনৰ নিৰ্মাণৰ কাম। যাৰ নিৰ্মাণ ব্যয় হৈছে ১২শ ৮৬ কোটি টকা। 

কিন্তু দলংখনৰ নিৰ্মাণৰ কাম নিম্ন পৰ্যায়ৰ বুলি ইতিপূৰ্বে বহুবাৰ অভিযোগ কৰি আহিছিল স্থানীয় অঞ্চলবাসীয়ে। কিন্তু সেই কথালৈ গুৰুত্ব নিদিয়া প্ৰশাসনৰ চকুৰ সমুখতে আজি ভাঙি পৰিল দীৰ্ঘতম দলঙৰ অংশ। এই ঘটনাৰ পাছতে শ্ৰমিকসকলৰ ক্ষতিপূৰণক লৈ সৃষ্টি হয় হাংগামাৰ। শ্ৰমিকসকল চিকিৎসাধীন হৈ থকা হাস্পতালখনৰ সন্মুখত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। 

ইতিমধ্যে মৃতকৰ পৰিয়ালক ১০ লাখ টকাৰ সাহায্য প্ৰদান কৰিছে নিৰ্মাণৰ সৈতে জড়িত প্ৰতিষ্ঠানে। ইতিপূৰ্বেও বিহাৰত সংঘটিত হৈছিল অনুৰূপ ঘটনা। ২০২৪ চনৰ ৪ জুনত বিহাৰৰ ভাগলপুৰত গংগা নদীৰ ওপৰত ভাঙি পৰিছিল নিৰ্মীয়মাণ দলং। ১হাজাৰ ৭১০ কোটি টকাৰে নিৰ্মাণ কৰি থকা ছুলতানগঞ্জ–আগৱানিসংযোগী দলংখনৰ ৮০ শতাংশ কাম সম্পূৰ্ণ হোৱাৰ পাছত এনেদৰে ভাঙি পৰিছিল গংগা নদীৰ ওপৰত। 

একেদৰে ২০২৩ চনৰ ১৯ ফেব্ৰুৱাৰীত পাটনাত আৰু ১৬ জানুৱাৰীত বিহাৰৰ দৰভংগাত ভাঙি পৰিছিল আন দুখন দলং। যাৰ লগে লগে বিহাৰত উন্নয়নৰ নামত চলা ঠিকাদাৰীৰাজক লৈ উঠিছে প্ৰশ্ন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী