--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিহাৰত পুনৰ এক অঘটন সংঘটিত হৈছে৷ ভাগি পৰিল দেশৰ দীৰ্ঘতম নিৰ্মীয়মাণ দলঙৰ অংশ। ঘটনাত এজন শ্ৰমিক নিহত হোৱাৰ লগতে আহত হৈছে ১০ গৰাকী লোক। আনহাতে, দলংখনৰ ভাগি পৰা অংশৰ তলত আৰু কিছুসংখ্যক লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে৷ শুকুৰবাৰে পুৱা সংঘটিত হয় এই দুৰ্ঘটনাটো। 

বিহাৰৰ বকোৰ আৰু মধুমণি জিলাৰ ভেজাৰ মাজত থকা দেশৰ দীৰ্ঘতম দলংখনৰ তিনিটাকৈ অংশ খহি পৰিছিল শুকুৰবাৰে পুৱা। যাৰফলত দলংখনৰ এক অংশ খহি পৰিছিল কোচি নদীৰ ওপৰত। ঘটনাৰ সময়ত দলংখনৰ ওপৰত কৰ্মৰত আছিল বহুসংখ্যক শ্ৰমিক। দলঙৰ ভগ্ন অংশৰ লগতে তলত পৰিছিল শ্ৰমিকসকল। যাৰ ভিতৰত থিতাতে মৃত্যু হৈছিল এজন শ্ৰমিকৰ। বিহাৰৰ কোচি নদীত নিৰ্মীয়মাণ অৱস্থাত আছে দেশৰ দীৰ্ঘতম দলংখন। যাৰ দৈৰ্ঘ হৈছে ১০.২ কিলোমিটাৰৰো অধিক। এপ্ৰ’ছ ৰোডৰ সৈতে দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে ১৩.৩ কিলোমিটাৰ। ২০২৩ চনতে নিৰ্মাণ সম্পূৰ্ণ হ’বলগীয়া দলংখনৰ এতিয়াও অব্যাহত আছে কাম। বকোৰৰ দিশৰ পৰা ট্ৰান্সৰে’ল লাইটিং লিমিটেড আৰু মধুবনি জিলাৰ দিশৰ পৰা গেমনে অব্যাহত ৰাখিছে দলংখনৰ নিৰ্মাণৰ কাম। যাৰ নিৰ্মাণ ব্যয় হৈছে ১২শ ৮৬ কোটি টকা। 

কিন্তু দলংখনৰ নিৰ্মাণৰ কাম নিম্ন পৰ্যায়ৰ বুলি ইতিপূৰ্বে বহুবাৰ অভিযোগ কৰি আহিছিল স্থানীয় অঞ্চলবাসীয়ে। কিন্তু সেই কথালৈ গুৰুত্ব নিদিয়া প্ৰশাসনৰ চকুৰ সমুখতে আজি ভাঙি পৰিল দীৰ্ঘতম দলঙৰ অংশ। এই ঘটনাৰ পাছতে শ্ৰমিকসকলৰ ক্ষতিপূৰণক লৈ সৃষ্টি হয় হাংগামাৰ। শ্ৰমিকসকল চিকিৎসাধীন হৈ থকা হাস্পতালখনৰ সন্মুখত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। 

ইতিমধ্যে মৃতকৰ পৰিয়ালক ১০ লাখ টকাৰ সাহায্য প্ৰদান কৰিছে নিৰ্মাণৰ সৈতে জড়িত প্ৰতিষ্ঠানে। ইতিপূৰ্বেও বিহাৰত সংঘটিত হৈছিল অনুৰূপ ঘটনা। ২০২৪ চনৰ ৪ জুনত বিহাৰৰ ভাগলপুৰত গংগা নদীৰ ওপৰত ভাঙি পৰিছিল নিৰ্মীয়মাণ দলং। ১হাজাৰ ৭১০ কোটি টকাৰে নিৰ্মাণ কৰি থকা ছুলতানগঞ্জ–আগৱানিসংযোগী দলংখনৰ ৮০ শতাংশ কাম সম্পূৰ্ণ হোৱাৰ পাছত এনেদৰে ভাঙি পৰিছিল গংগা নদীৰ ওপৰত। 

একেদৰে ২০২৩ চনৰ ১৯ ফেব্ৰুৱাৰীত পাটনাত আৰু ১৬ জানুৱাৰীত বিহাৰৰ দৰভংগাত ভাঙি পৰিছিল আন দুখন দলং। যাৰ লগে লগে বিহাৰত উন্নয়নৰ নামত চলা ঠিকাদাৰীৰাজক লৈ উঠিছে প্ৰশ্ন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু