--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত উন্মোচন হ'ল নিৰ্বাচনী বণ্ডৰ ৰহস্য। এছবিআই-এ প্ৰকাশ কৰিলে নিৰ্বাচনী বণ্ডৰ সমস্ত তথ্য। উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনাৰ পাছত তথ্য প্ৰকাশ কৰে এছবিআই-এ। কালি এছবিআই-এ নিৰ্বাচন আয়োগক প্ৰদান কৰিছিল নিৰ্বাচনী বণ্ডৰ ইউনিক নম্বৰ। ইয়াৰ লগে লগে স্পষ্ট হ'ল ৰাজনৈতিক দলসমূহে লাভ কৰা ধনৰ উৎস। লগতে কোন বিশেষ প্ৰতিষ্ঠানে কোনটো ৰাজনৈতিক দলক কিমান ধন প্ৰদান কৰিছিল, ৰাজহুৱা হ'ল সেই তথ্যও। মুঠ নিৰ্বাচনী বণ্ডৰ প্ৰায় ৫০ শতাংশ ধনেই লাভ কৰিছে শাসকীয় বিজেপিয়ে। বণ্ড ক্রয়ৰ তালিকাত শীৰ্ষ স্থানত আছে ফিউচাৰ গেমছ এণ্ড হোটেল চাৰ্ভিছেজ লিমিটেড। 

লক্ষণীয়ভাৱে এই প্ৰতিষ্ঠানটোৱে সৰ্বাধিক বণ্ড প্ৰদান কৰিছে তৃণমূল কংগ্ৰেছ আৰু ডিএমকেক। প্ৰতিষ্ঠানটোৱে তৃণমূলক ৫৪২ কোটি আৰু ডিএমকেক বণ্ড হিচাপে প্ৰদান কৰিছে ৫০২ কোটি টকা। বিজেপিক ফিউচাৰ গেমছ এণ্ড হোটেল চাৰ্ভিছেজ লিমিটেডে প্ৰদান কৰিছে ১০০ কোটি। তালিকাৰ দ্বিতীয় স্থানত থকা মেঘা ইঞ্জিনিয়াৰিঙে ক্ৰয় কৰা বণ্ডৰ ৬০ শতাংশই গৈছে বিজেপিৰ একাউণ্টলৈ। প্ৰতিষ্ঠানটোৰ বণ্ডৰ জৰিয়তে বিজেপিয়ে লাভ কৰিছে ৫৮৪ কোটি। বিপৰীতে বিআৰএছ, ডিএমকেৰ দৰে দক্ষিণৰ ৰাজনৈতিক দলে লাভ কৰিছে ক্ৰমে ১৯৫ কোটি আৰু ৮৫ কোটি টকা। ৰিলায়েন্স গ্ৰুপৰ কুইক ছাপ্লায় চেইন প্ৰাইভেট লিমিটেডে ক্ৰয় কৰা বণ্ডৰ সৰ্বাধিক ৩৭৫ কোটি লাভ কৰিছে বিজেপিয়ে। একেদৰে বেদান্ত, ভাৰতী এয়াৰটেল আদি শীৰ্ষ দাতাই ক্ৰয় কৰা বণ্ডৰ সিংহভাগ লাভ কৰিছে বিজেপিয়ে। কংগ্ৰেছে বেদান্তৰ পৰা লাভ কৰিছে সৰ্বাধিক ১২৫ কোটি। একেদৰে ৱেষ্টাৰ্ণ ইউ পি পাৱাৰ আৰু ফিউচাৰ গেমিঙৰ পৰা দলটোৱে লাভ কৰিছে ক্ৰমে ১১০ কোটি আৰু ৫০ কোটি। ইপিনে নিৰ্বাচনী বণ্ডৰ তথ্য প্ৰকাশ পোৱাৰ পাছতে পোহৰলৈ আহিছে আন কেতবোৰ চাঞ্চল্য তথ্য। 

শেহতীয়াকৈ অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰকাণ্ডও সাঙোৰ খাইছে নিৰ্বাচনী বণ্ডৰ তথ্যৰ সৈতে। দিল্লীৰ সুৰা নীতিৰ গোচৰত অভিযুক্ত অৰুবিন্দ ফাৰ্মাৰ স্বাতাধিকাৰী পি শৰৎ ৰেড্ডীৰ নাম সাঙোৰ খাইছে বণ্ডৰ সৈতে। লক্ষণীয়ভাৱে দিল্লীৰ সুৰা কেলেংকাৰীত গ্ৰেপ্তাৰ হৈছিল পি শৰৎ ৰেড্ডী। ৰেড্ডীৰ গ্ৰেপ্তাৰৰ ঠিক পাছতেই অৰুবিন্দ ফাৰ্মাই বিজেপিক বণ্ডৰ জৰিয়তে প্ৰদান কৰিছিল ৫ কোটি টকা। পৰৱৰ্তী সময়ত দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত ৰাজসাক্ষী হৈছিল পি শৰৎ ৰেড্ডী। লক্ষণীয়ভাৱে এই সময়চোৱাত অৰুবিন্দ ফাৰ্মাৰ বণ্ডৰ জৰিয়তে বিজেপিয়ে লাভ কৰিছিল ৩৫ কোটি টকা। এনেদৰেই নিৰ্বাচনী বণ্ড, ইডি আৰু বিজেপিৰ যোগসূত্ৰই এতিয়া সৃষ্টি কৰিছে ৰহস্যৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু