--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত উন্মোচন হ'ল নিৰ্বাচনী বণ্ডৰ ৰহস্য। এছবিআই-এ প্ৰকাশ কৰিলে নিৰ্বাচনী বণ্ডৰ সমস্ত তথ্য। উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনাৰ পাছত তথ্য প্ৰকাশ কৰে এছবিআই-এ। কালি এছবিআই-এ নিৰ্বাচন আয়োগক প্ৰদান কৰিছিল নিৰ্বাচনী বণ্ডৰ ইউনিক নম্বৰ। ইয়াৰ লগে লগে স্পষ্ট হ'ল ৰাজনৈতিক দলসমূহে লাভ কৰা ধনৰ উৎস। লগতে কোন বিশেষ প্ৰতিষ্ঠানে কোনটো ৰাজনৈতিক দলক কিমান ধন প্ৰদান কৰিছিল, ৰাজহুৱা হ'ল সেই তথ্যও। মুঠ নিৰ্বাচনী বণ্ডৰ প্ৰায় ৫০ শতাংশ ধনেই লাভ কৰিছে শাসকীয় বিজেপিয়ে। বণ্ড ক্রয়ৰ তালিকাত শীৰ্ষ স্থানত আছে ফিউচাৰ গেমছ এণ্ড হোটেল চাৰ্ভিছেজ লিমিটেড। 

লক্ষণীয়ভাৱে এই প্ৰতিষ্ঠানটোৱে সৰ্বাধিক বণ্ড প্ৰদান কৰিছে তৃণমূল কংগ্ৰেছ আৰু ডিএমকেক। প্ৰতিষ্ঠানটোৱে তৃণমূলক ৫৪২ কোটি আৰু ডিএমকেক বণ্ড হিচাপে প্ৰদান কৰিছে ৫০২ কোটি টকা। বিজেপিক ফিউচাৰ গেমছ এণ্ড হোটেল চাৰ্ভিছেজ লিমিটেডে প্ৰদান কৰিছে ১০০ কোটি। তালিকাৰ দ্বিতীয় স্থানত থকা মেঘা ইঞ্জিনিয়াৰিঙে ক্ৰয় কৰা বণ্ডৰ ৬০ শতাংশই গৈছে বিজেপিৰ একাউণ্টলৈ। প্ৰতিষ্ঠানটোৰ বণ্ডৰ জৰিয়তে বিজেপিয়ে লাভ কৰিছে ৫৮৪ কোটি। বিপৰীতে বিআৰএছ, ডিএমকেৰ দৰে দক্ষিণৰ ৰাজনৈতিক দলে লাভ কৰিছে ক্ৰমে ১৯৫ কোটি আৰু ৮৫ কোটি টকা। ৰিলায়েন্স গ্ৰুপৰ কুইক ছাপ্লায় চেইন প্ৰাইভেট লিমিটেডে ক্ৰয় কৰা বণ্ডৰ সৰ্বাধিক ৩৭৫ কোটি লাভ কৰিছে বিজেপিয়ে। একেদৰে বেদান্ত, ভাৰতী এয়াৰটেল আদি শীৰ্ষ দাতাই ক্ৰয় কৰা বণ্ডৰ সিংহভাগ লাভ কৰিছে বিজেপিয়ে। কংগ্ৰেছে বেদান্তৰ পৰা লাভ কৰিছে সৰ্বাধিক ১২৫ কোটি। একেদৰে ৱেষ্টাৰ্ণ ইউ পি পাৱাৰ আৰু ফিউচাৰ গেমিঙৰ পৰা দলটোৱে লাভ কৰিছে ক্ৰমে ১১০ কোটি আৰু ৫০ কোটি। ইপিনে নিৰ্বাচনী বণ্ডৰ তথ্য প্ৰকাশ পোৱাৰ পাছতে পোহৰলৈ আহিছে আন কেতবোৰ চাঞ্চল্য তথ্য। 

শেহতীয়াকৈ অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰকাণ্ডও সাঙোৰ খাইছে নিৰ্বাচনী বণ্ডৰ তথ্যৰ সৈতে। দিল্লীৰ সুৰা নীতিৰ গোচৰত অভিযুক্ত অৰুবিন্দ ফাৰ্মাৰ স্বাতাধিকাৰী পি শৰৎ ৰেড্ডীৰ নাম সাঙোৰ খাইছে বণ্ডৰ সৈতে। লক্ষণীয়ভাৱে দিল্লীৰ সুৰা কেলেংকাৰীত গ্ৰেপ্তাৰ হৈছিল পি শৰৎ ৰেড্ডী। ৰেড্ডীৰ গ্ৰেপ্তাৰৰ ঠিক পাছতেই অৰুবিন্দ ফাৰ্মাই বিজেপিক বণ্ডৰ জৰিয়তে প্ৰদান কৰিছিল ৫ কোটি টকা। পৰৱৰ্তী সময়ত দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত ৰাজসাক্ষী হৈছিল পি শৰৎ ৰেড্ডী। লক্ষণীয়ভাৱে এই সময়চোৱাত অৰুবিন্দ ফাৰ্মাৰ বণ্ডৰ জৰিয়তে বিজেপিয়ে লাভ কৰিছিল ৩৫ কোটি টকা। এনেদৰেই নিৰ্বাচনী বণ্ড, ইডি আৰু বিজেপিৰ যোগসূত্ৰই এতিয়া সৃষ্টি কৰিছে ৰহস্যৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement