--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৰালাৰ এখন ৰেষ্টুৰেণ্টত বিৰিয়ানী খাই এগৰাকী মহিলাৰ মৃত্যু হৈছে। বমি আৰু ডায়েৰিয়াৰ লক্ষণ থকা আন ১৭৮ জন লোককো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। শনিবাৰে থ্ৰিছুৰ জিলাৰ পেৰিঞ্জনাম অঞ্চলৰ এখন ৰেষ্টুৰেণ্টত সংঘটিত হয় এই ঘটনা। এই ঘটনাই অঞ্চলটোত আতংক বিয়পাইছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত মহিলাগৰাকীৰ নাম উজাইবা (৫৬)। কুটিলাক্কাদৌ অঞ্চলৰ বাসিন্দা তেওঁ। অভিযোগ অনুসৰি বিৰিয়ানী খোৱাৰ পিছত তেওঁৰ অসুখ হ’বলৈ আৰম্ভ কৰে। বমি আৰু পেটৰ বিষৰ দৰে লক্ষণৰ সৈতে চিকিৎসালয়ত ভৰ্তি। চিকিৎসাৰ সময়ত মহিলাগৰাকীৰ তাতেই মৃত্যু হয়। তেওঁৰ দুজন আত্মীয়ও অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ছুটিৰ দিন হোৱাৰ বাবে শনিবাৰে পেৰিঞ্জনামৰ ৰেষ্টুৰেণ্টখনত গ্ৰাহকৰ ভিৰ আছিল। বিপুল চাহিদাৰ বাবে অতি কম সময়ৰ ভিতৰতে বিক্ৰী হৈ গ’ল বিৰিয়ানী। কিন্তু কিছু মুহূৰ্তৰ ভিতৰতে পৰিস্থিতি সলনি হ’বলৈ ধৰিলে। সেই বিৰিয়ানী খোৱাসকলৰ অসুখ হ’বলৈ ধৰিলে। বমি, পেটৰ বিষ আৰু ডায়েৰিয়াৰ দৰে লক্ষণ ইজনৰ পিছত সিজন ক্লায়েণ্টৰ দেখা দিয়ে।

সেই গ্ৰাহকসকলক চিকিৎসালয়ত ভৰ্তি কৰা হয়। ডেৰ শতাধিক লোক অসুস্থ হৈ পৰাত অঞ্চলটোত আতংক বিয়পি পৰে। ৰেষ্টুৰেণ্টৰ মালিকৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ ক্ষোভৰ সৃষ্টি হয়। এই খবৰ পোৱাৰ পাছতে সেই স্থানলৈ যায় স্বাস্থ্য বিভাগৰ বিষয়াসকল। ইয়াৰ উপৰিও খাদ্য সুৰক্ষা বিভাগৰ বিষয়া আৰু আৰক্ষীয়ে ঘটনাস্থলীত গৈ ৰোগীসকলক চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰে। প্ৰথম অৱস্থাত বিষক্ৰিয়াৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু