--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৰালাৰ এখন ৰেষ্টুৰেণ্টত বিৰিয়ানী খাই এগৰাকী মহিলাৰ মৃত্যু হৈছে। বমি আৰু ডায়েৰিয়াৰ লক্ষণ থকা আন ১৭৮ জন লোককো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। শনিবাৰে থ্ৰিছুৰ জিলাৰ পেৰিঞ্জনাম অঞ্চলৰ এখন ৰেষ্টুৰেণ্টত সংঘটিত হয় এই ঘটনা। এই ঘটনাই অঞ্চলটোত আতংক বিয়পাইছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত মহিলাগৰাকীৰ নাম উজাইবা (৫৬)। কুটিলাক্কাদৌ অঞ্চলৰ বাসিন্দা তেওঁ। অভিযোগ অনুসৰি বিৰিয়ানী খোৱাৰ পিছত তেওঁৰ অসুখ হ’বলৈ আৰম্ভ কৰে। বমি আৰু পেটৰ বিষৰ দৰে লক্ষণৰ সৈতে চিকিৎসালয়ত ভৰ্তি। চিকিৎসাৰ সময়ত মহিলাগৰাকীৰ তাতেই মৃত্যু হয়। তেওঁৰ দুজন আত্মীয়ও অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ছুটিৰ দিন হোৱাৰ বাবে শনিবাৰে পেৰিঞ্জনামৰ ৰেষ্টুৰেণ্টখনত গ্ৰাহকৰ ভিৰ আছিল। বিপুল চাহিদাৰ বাবে অতি কম সময়ৰ ভিতৰতে বিক্ৰী হৈ গ’ল বিৰিয়ানী। কিন্তু কিছু মুহূৰ্তৰ ভিতৰতে পৰিস্থিতি সলনি হ’বলৈ ধৰিলে। সেই বিৰিয়ানী খোৱাসকলৰ অসুখ হ’বলৈ ধৰিলে। বমি, পেটৰ বিষ আৰু ডায়েৰিয়াৰ দৰে লক্ষণ ইজনৰ পিছত সিজন ক্লায়েণ্টৰ দেখা দিয়ে।

সেই গ্ৰাহকসকলক চিকিৎসালয়ত ভৰ্তি কৰা হয়। ডেৰ শতাধিক লোক অসুস্থ হৈ পৰাত অঞ্চলটোত আতংক বিয়পি পৰে। ৰেষ্টুৰেণ্টৰ মালিকৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ ক্ষোভৰ সৃষ্টি হয়। এই খবৰ পোৱাৰ পাছতে সেই স্থানলৈ যায় স্বাস্থ্য বিভাগৰ বিষয়াসকল। ইয়াৰ উপৰিও খাদ্য সুৰক্ষা বিভাগৰ বিষয়া আৰু আৰক্ষীয়ে ঘটনাস্থলীত গৈ ৰোগীসকলক চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰে। প্ৰথম অৱস্থাত বিষক্ৰিয়াৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement