--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঅসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্য আৰু বাংলাদেশত সংহাৰ চলোৱা ৰেমাল ঘূৰ্ণীত এতিয়ালৈকে বহু লোকৰ মৃত্যু ঘটিছে। উভালি পৰিছে হাজাৰ হাজাৰ গছ, বিদযুতৰ খুঁটা আদি। বংলাদেশত ৰেমালৰ পিছৰে পৰা বিধ্বংসী বানৰ সৃষ্টি হৈছে।এই ঘূৰ্ণীৰ প্ৰভাৱত  উত্তৰ পূৰ্বঞ্চলৰ কেইবাখনো ৰাজ্যত ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষতি সাধন হোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ৰেড এলাৰ্ট  জাৰি কৰিছে। এইবাৰ ঘূৰ্ণীবতাহৰ নামটো দিছিল  ওমানে ।

 ২০০০ চনত ওমানৰ চুলতানে এই ঘূৰ্ণীৰ নাম ৰেমাল ৰাখিছিল। আৰবী ভাষাত ‘ৰেমাল’ মানে বালি। ওমানৰ চুলতানে ২০০০ চনৰ পৰা বংগ উপসাগৰ আৰু আৰব সাগৰৰ গ্রীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহৰ নাম নিৰ্ধাৰ কৰিবলৈ গৈ ঘূৰ্ণীৰ নাম ৰেমাল ৰাখিছিল।  ৰেমাল হৈছে এক বিধ্বংসী ঘূৰ্ণী বতাহ। এইবাৰ এই ঘূৰ্ণীবতাহৰ উৎপত্তিস্থল হৈছে বংগোপসাগৰ। বতৰ বিজ্ঞানী সকলে বংগোপসাগৰত পানীৰ উষ্ণতা সাধাৰণ গড়তকৈ বৃদ্ধি হোৱা অনুভৱ কৰিছিল।   যি পানীয়ে ঘুৰ্ণী বতাহ সৃষ্টি কৰাৰ লগতে তীব্ৰতৰ হোৱাত সহায় কৰে। 

চাৰিদিন আগতেই বতৰ বিজ্ঞান বিভাগে এই ৰেমাল ঘূৰ্ণীবতাহ আৰম্ভ হোৱাৰ আগজাননী দিছিল। যি ঘূৰ্ণীৰ  বতাহৰ পোনপটীয়া প্ৰভাৱ বাংলাদেশ আৰু পশ্চিমবঙ্গত পৰিব বুলি উল্লেখ কৰা হৈছিল। তদুপৰি ২০২৪ বৰ্ষৰ বৰ্ষাকালৰ প্ৰথমটো ঘূৰ্ণি বতাহ হিচাপে চিনাক্ত কৰা হৈছে। 

উল্লেখযোগ্য যে এই ৰেমাল ঘূৰ্ণী বতাহৰ ব্যাপক প্ৰভাৱ উত্তৰ পূৰ্বাঞ্চলটো দেখা গৈছে। অসমৰ লগতে মেঘালয় , মিজোৰাম , মণিপুৰ আৰু, ত্ৰিপুৰাত বিপদৰ সংকেত জাৰী কৰিছে বতৰ বিজ্ঞান বিভাগে। ইতিমধ্যে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিস্তৰ ক্ষতি সাধন হোৱা পৰিলক্ষিত হৈছে। ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰিছে,  ঘৰ ভাঙিছে , বহু অঞ্চলত যাতায়ত ব্যাহত হৈ পৰিছে। তদুপৰি বহু অঞ্চলত ভূমিস্খলন হোৱাও পৰিলক্ষিত হৈছে। মৰিগাঁও, নগাঁও বৰপেটা , ঢেঁকীয়াজুলি , লামডিং , কাছাৰ আদি বিভিন্ন প্ৰান্তৰ পৰা ধুমুহাৰ প্ৰভাৱৰ খবৰ আহি পৰিছে। ইতিমধ্যে প্ৰতিকুল বতৰক কেন্দ্ৰ কৰি বন্ধ দিয়া হৈছে বিদ্যালয় প্ৰতিষ্ঠান। তদুপৰি মোবাইল সেৱাও বহু ক্ষেত্ৰত ব্যাহত হৈ পৰা দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু