--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঅসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্য আৰু বাংলাদেশত সংহাৰ চলোৱা ৰেমাল ঘূৰ্ণীত এতিয়ালৈকে বহু লোকৰ মৃত্যু ঘটিছে। উভালি পৰিছে হাজাৰ হাজাৰ গছ, বিদযুতৰ খুঁটা আদি। বংলাদেশত ৰেমালৰ পিছৰে পৰা বিধ্বংসী বানৰ সৃষ্টি হৈছে।এই ঘূৰ্ণীৰ প্ৰভাৱত  উত্তৰ পূৰ্বঞ্চলৰ কেইবাখনো ৰাজ্যত ধুমুহা বৰষুণৰ ফলত বিস্তৰ ক্ষতি সাধন হোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ৰেড এলাৰ্ট  জাৰি কৰিছে। এইবাৰ ঘূৰ্ণীবতাহৰ নামটো দিছিল  ওমানে ।

 ২০০০ চনত ওমানৰ চুলতানে এই ঘূৰ্ণীৰ নাম ৰেমাল ৰাখিছিল। আৰবী ভাষাত ‘ৰেমাল’ মানে বালি। ওমানৰ চুলতানে ২০০০ চনৰ পৰা বংগ উপসাগৰ আৰু আৰব সাগৰৰ গ্রীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহৰ নাম নিৰ্ধাৰ কৰিবলৈ গৈ ঘূৰ্ণীৰ নাম ৰেমাল ৰাখিছিল।  ৰেমাল হৈছে এক বিধ্বংসী ঘূৰ্ণী বতাহ। এইবাৰ এই ঘূৰ্ণীবতাহৰ উৎপত্তিস্থল হৈছে বংগোপসাগৰ। বতৰ বিজ্ঞানী সকলে বংগোপসাগৰত পানীৰ উষ্ণতা সাধাৰণ গড়তকৈ বৃদ্ধি হোৱা অনুভৱ কৰিছিল।   যি পানীয়ে ঘুৰ্ণী বতাহ সৃষ্টি কৰাৰ লগতে তীব্ৰতৰ হোৱাত সহায় কৰে। 

চাৰিদিন আগতেই বতৰ বিজ্ঞান বিভাগে এই ৰেমাল ঘূৰ্ণীবতাহ আৰম্ভ হোৱাৰ আগজাননী দিছিল। যি ঘূৰ্ণীৰ  বতাহৰ পোনপটীয়া প্ৰভাৱ বাংলাদেশ আৰু পশ্চিমবঙ্গত পৰিব বুলি উল্লেখ কৰা হৈছিল। তদুপৰি ২০২৪ বৰ্ষৰ বৰ্ষাকালৰ প্ৰথমটো ঘূৰ্ণি বতাহ হিচাপে চিনাক্ত কৰা হৈছে। 

উল্লেখযোগ্য যে এই ৰেমাল ঘূৰ্ণী বতাহৰ ব্যাপক প্ৰভাৱ উত্তৰ পূৰ্বাঞ্চলটো দেখা গৈছে। অসমৰ লগতে মেঘালয় , মিজোৰাম , মণিপুৰ আৰু, ত্ৰিপুৰাত বিপদৰ সংকেত জাৰী কৰিছে বতৰ বিজ্ঞান বিভাগে। ইতিমধ্যে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বিস্তৰ ক্ষতি সাধন হোৱা পৰিলক্ষিত হৈছে। ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰিছে,  ঘৰ ভাঙিছে , বহু অঞ্চলত যাতায়ত ব্যাহত হৈ পৰিছে। তদুপৰি বহু অঞ্চলত ভূমিস্খলন হোৱাও পৰিলক্ষিত হৈছে। মৰিগাঁও, নগাঁও বৰপেটা , ঢেঁকীয়াজুলি , লামডিং , কাছাৰ আদি বিভিন্ন প্ৰান্তৰ পৰা ধুমুহাৰ প্ৰভাৱৰ খবৰ আহি পৰিছে। ইতিমধ্যে প্ৰতিকুল বতৰক কেন্দ্ৰ কৰি বন্ধ দিয়া হৈছে বিদ্যালয় প্ৰতিষ্ঠান। তদুপৰি মোবাইল সেৱাও বহু ক্ষেত্ৰত ব্যাহত হৈ পৰা দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ