--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অন্ধবিশ্বাসে মানুহক যে নিৰ্মম কাম কৰিবলৈ বাধ্য কৰিব পাৰে, তাৰ প্ৰমাণ পুনৰ পোৱা গৈছে। এগৰাকী মহিলাক মানৱ হাড়ৰ গুড়ি খাবলৈ বাধ্য কৰাইছিল স্বামী আৰু স্বামীগৃহৰ বাকী সদস্যসকলে। 

আচলতে ঘটনাটো হৈছে পুনেৰ। বুধবাৰে মহিলাগৰাকীয়ে স্বামীকে ধৰি স্বামীগৃহৰ ৭জন সদস্যৰ বিৰুদ্ধে আৰক্ষীক এফআইআৰ দাখিল কৰে। মহিলাগৰাকীৰ  অভিযোগ অনুসৰি, এটি সন্তান পাবলৈ স্থানীয় তান্ত্ৰিকৰ কথাত মানুহৰ হাড়ৰ গুড়ি খাবলৈ তেওঁক বাধ্য কৰা হৈছিল। পুনে চহৰ আৰক্ষীৰ হৈ উপ আয়ুক্ত সুহাইল শৰ্মাই কয় যে, "ভাৰতীয় দণ্ডবিধিৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে ৪৯৮এ, ৩২৩, ৫০৪, ৫০৬ আৰু ৩ নং ধাৰাত সাতজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।"

সংবাদ সংস্থা এএনআইৰ মতে, মহিলাগৰাকীয়ে আন এটা অভিযোগতো স্বামীগৃহৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। ২০১৯ চনত তেওঁৰ বিবাহৰ পাছৰে পৰা টকা বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে। সোণ-ৰূপৰ গহনাৰ লগতে নগদ ধনৰো দাবী কৰিছিল পৰিয়ালটোৱে। আৰু সন্তান নথকাৰ বাবে নিৰ্যাতনৰ মাত্ৰা দুগুণ হৈ পৰে। অহৰহ অত্যাচাৰ সহ্য কৰিব নোৱাৰি তেওঁ আৰক্ষীৰ ওচৰ চাপিল মহিলাগৰাকী।

অন্ধবিশ্বাসৰ ভিত্তিত কেইবাটাও অমাৱস্যাৰ নিশাত তেওঁৰ ওপৰত বিভিন্ন অমানৱীয় কাণ্ড সংঘটিত কৰা বুলি জানিবলৈ দিয়ে। তেনে এটা নিশা তেওঁক কবৰস্থানলৈ লৈ গৈ মানুহৰ হাড়ৰ গুড়ি খুৱাই দিয়াৰ অভিযোগ উঠিছে। ভিডিঅ’ কলত তন্ত্ৰিকৰ নিৰ্দেশ অনুসৰি স্বামীগৃহৰ ব্যক্তিসকলে এই জঘন্য কাণ্ড সংঘটিত কৰে। তেওঁলোকৰ বিশ্বাস আছিল যে ক’লা যাদুৰ দ্বাৰা সমস্যাটো সমাধান হ’ব। আৰক্ষীয়ে কয় যে এই ঘটনাৰ তদন্ত আৰম্ভ হৈছে। শীঘ্ৰে গ্ৰেপ্তাৰ হ’ব অভিযুক্ত। ইয়াৰ উপৰিও ভুক্তভোগীক লৈ যোৱা আৰু কঢ়িয়াই নিয়া ঠাইখনো তালাচী চলোৱা হৈছে। আৰক্ষীয়ে আশা কৰিছে যে অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেৰা কৰিলে অধিক তথ্য লাভ কৰা হ’ব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement