--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অন্ধবিশ্বাসে মানুহক যে নিৰ্মম কাম কৰিবলৈ বাধ্য কৰিব পাৰে, তাৰ প্ৰমাণ পুনৰ পোৱা গৈছে। এগৰাকী মহিলাক মানৱ হাড়ৰ গুড়ি খাবলৈ বাধ্য কৰাইছিল স্বামী আৰু স্বামীগৃহৰ বাকী সদস্যসকলে। 

আচলতে ঘটনাটো হৈছে পুনেৰ। বুধবাৰে মহিলাগৰাকীয়ে স্বামীকে ধৰি স্বামীগৃহৰ ৭জন সদস্যৰ বিৰুদ্ধে আৰক্ষীক এফআইআৰ দাখিল কৰে। মহিলাগৰাকীৰ  অভিযোগ অনুসৰি, এটি সন্তান পাবলৈ স্থানীয় তান্ত্ৰিকৰ কথাত মানুহৰ হাড়ৰ গুড়ি খাবলৈ তেওঁক বাধ্য কৰা হৈছিল। পুনে চহৰ আৰক্ষীৰ হৈ উপ আয়ুক্ত সুহাইল শৰ্মাই কয় যে, "ভাৰতীয় দণ্ডবিধিৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে ৪৯৮এ, ৩২৩, ৫০৪, ৫০৬ আৰু ৩ নং ধাৰাত সাতজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।"

সংবাদ সংস্থা এএনআইৰ মতে, মহিলাগৰাকীয়ে আন এটা অভিযোগতো স্বামীগৃহৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে। ২০১৯ চনত তেওঁৰ বিবাহৰ পাছৰে পৰা টকা বিচাৰি নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে। সোণ-ৰূপৰ গহনাৰ লগতে নগদ ধনৰো দাবী কৰিছিল পৰিয়ালটোৱে। আৰু সন্তান নথকাৰ বাবে নিৰ্যাতনৰ মাত্ৰা দুগুণ হৈ পৰে। অহৰহ অত্যাচাৰ সহ্য কৰিব নোৱাৰি তেওঁ আৰক্ষীৰ ওচৰ চাপিল মহিলাগৰাকী।

অন্ধবিশ্বাসৰ ভিত্তিত কেইবাটাও অমাৱস্যাৰ নিশাত তেওঁৰ ওপৰত বিভিন্ন অমানৱীয় কাণ্ড সংঘটিত কৰা বুলি জানিবলৈ দিয়ে। তেনে এটা নিশা তেওঁক কবৰস্থানলৈ লৈ গৈ মানুহৰ হাড়ৰ গুড়ি খুৱাই দিয়াৰ অভিযোগ উঠিছে। ভিডিঅ’ কলত তন্ত্ৰিকৰ নিৰ্দেশ অনুসৰি স্বামীগৃহৰ ব্যক্তিসকলে এই জঘন্য কাণ্ড সংঘটিত কৰে। তেওঁলোকৰ বিশ্বাস আছিল যে ক’লা যাদুৰ দ্বাৰা সমস্যাটো সমাধান হ’ব। আৰক্ষীয়ে কয় যে এই ঘটনাৰ তদন্ত আৰম্ভ হৈছে। শীঘ্ৰে গ্ৰেপ্তাৰ হ’ব অভিযুক্ত। ইয়াৰ উপৰিও ভুক্তভোগীক লৈ যোৱা আৰু কঢ়িয়াই নিয়া ঠাইখনো তালাচী চলোৱা হৈছে। আৰক্ষীয়ে আশা কৰিছে যে অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেৰা কৰিলে অধিক তথ্য লাভ কৰা হ’ব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু