--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘তৃণমূল কংগ্ৰেছ দলে কেতিয়াও বিজেপিৰ লগত মিত্ৰতা নকৰে। সূৰ্য্য যেনেকৈ কেতিয়াও পশ্চিমত উদয় নহয়, তেনেকৈ বিজেপিৰে মিত্ৰতা কোনো কাৰণতে সম্ভৱ নহয়। একাংশই এই সন্দৰ্ভত বিয়পোৱা সংবাদ উদ্দেশ্য প্ৰণোদিত,’ গুৱাহাটীৰ ৰুক্মিণীনগৰ প্ৰেক্ষাগৃহত দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকৰ অন্তত সম্বোধন কৰা এক সংবাদমেলত এই কথা স্পষ্ট কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক ও' ব্ৰায়েনে।

 আনহাতে, ২০২৪ৰ সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ কোন হ’ব বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মমতা বেনাৰ্জী বিজেপিৰ সন্মুখত প্ৰশ্নহীন বিকল্প বুলি উল্লেখ কৰে।

 'দেশৰ বিভিন্ন ৰাজ্যত বিজেপিৰ সন্মুখত বিকল্প আছে। তেলেংগানাত বিজেপিৰ সন্মুখত কেচিআৰ, তামিলনাডুত ষ্টেলিন, বিহাৰত নীতিশ কুমাৰ-তেজস্বী যাদব। কিন্তু পশ্চিমবংগত কি আমি সকলোৱেই দেখি আছো। ২০২১ চনৰ নিৰ্বাচনত 'এইবাৰ ২০০ পাৰ' শ্ল'গান দিয়া বিজেপিয়ে কেইখন আসন পালে? মমতা এগৰাকী ৰাষ্ট্ৰীয় নেতা। কিয়নো তেওঁ ৭বাৰৰ সাংসদ, তিনিবাৰৰ মুখ্যমন্ত্ৰী। তেওঁৰ কি দক্ষতা আজি দেশে প্ৰত্যক্ষ কৰিছে,' তৃণমূলৰ ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয়।

 প্ৰসংগক্ৰমে তেওঁ ২০২৪ত বিজেপিৰ মিত্ৰ চিবিআই, ইডিয়ে এখনো আসন নাপায় বুলি কটাক্ষ কৰি তৃণমূলৰ নেতাগৰাকীয়ে বিজেপি একক সংখ্যাগৰিষ্ঠ দল হোৱাৰ সম্ভাৱনাও নাই বুলি মন্তব্য কৰে। আনহাতে তৃণমূল কংগ্ৰেছ কোনো ‘হাইকমাণ্ড কালচাৰ’ত বিশ্বাসী নহয় বুলি মন্তব্য কৰি কয় যে নিৰ্বাচনত জয়ী হোৱাৰ পৰিৱৰ্তে জনসেৱা কৰাটোহে দলটোৰ মূল আদৰ্শ বুলি মন্তব্য কৰে।

 ‘নিৰ্বাচনত জয়ী হোৱাটোৱেই তৃণমূল কংগ্ৰেছৰ একমাত্ৰ লক্ষ্য নহয়। আমাৰ লক্ষ্য জনসেৱা। ৰাইজৰ সেৱা কৰিবলৈ আমি আন্দোলন কৰিব লাগিব। আন্দোলন- প্ৰতিবাদৰ জৰিয়তে চৰকাৰৰ জনবিৰোধী নীতি আৰু ব্যৰ্থতাসমূহ উদঙাই দিয়াটোৱেই আমাৰ লক্ষ্য’, এই মন্তব্য তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক ও' ব্ৰায়েনৰ। আনহাতে, ৰাজনীতিকসকল দুৰ্নীতিগ্ৰস্ত হোৱাৰ সুযোগ গ্ৰহণ কৰি কেন্দ্ৰীয় সংস্থা সমূহৰ অপব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ডেৰেক ও' ব্ৰায়েনে কেন্দ্ৰীয় সংস্থাসমূহৰ জৰিয়তে বিৰোধী দলসমূহক হেঁচা দিবলৈ বিজেপিয়ে অপচেষ্টা কৰিছে বুলি মন্তব্য কৰে।

নিজে ২০০৩ চনত তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ ৮ বছৰ পাছত সাংসদ হোৱাৰ সুযোগ পোৱাৰ প্ৰসংগ উল্লেখ কৰি কয় যে দলটোত সফলতা লাভৰ কোনো চমু পথ নাই বুলি মন্তব্য কৰে। তেওঁ নিজে আজিলৈকে নিজৰ বাবে কোনো ধৰণৰ সুবিধা দলৰ পৰা বিচাৰি পোৱা নাই বুলি মন্তব্য কৰি দলীয় সতীৰ্থসকলক পৰিশ্ৰমী মানসিকতাৰে আগবাঢ়িবলৈ আহ্বান জনায়।

 আনহাতে, আম তৃণমূল কংগ্ৰেছ দলে ৰিপুন বৰা ডাঙৰীয়াৰ নেতৃত্বত অসমত অতি কম সময়ত প্ৰধান বিৰোধী দল হিচাপে মূৰ দাঙি উঠিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে। তেওঁ ৰাজ্যখনৰ বাকী বিৰোধী দলসমূহ বিজেপিৰ সৈতে বুজাবুজিৰে চলি আছে বুলি অভিযোগ কৰে। সংবাদমেলত তেওঁ কুইজ মাষ্টাৰ হিচাপে গুৱাহাটীৰ জিলা পুথিভঁৰালত এক কুইজ প্ৰতিযোগিতা পৰিচালনা কৰাৰ সুমধুৰ অভিজ্ঞতাৰ কথা দোহাৰে। সংবাদমেলত ৰাজ্যিক সভাপতি ৰিপুন বৰা, তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱ, অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাও উপস্থিত থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
টিংখাঙত পথ দুৰ্ঘটনাত এজন নিহত
মৈৰাবাৰী আৰক্ষীৰ জালত দুটাকৈ গভাইত চোৰ ; মটৰ চাইকেল উদ্বাৰ
ইৰান-ইজৰাইলৰ সংঘৰ্ষৰ সময়ত আত্মগোপন ; যুদ্ধৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত খামেনেই
৭৪% ভাৰতীয়‌ই দেশৰ গণতান্ত্ৰিক ব্যৱস্থাত সুখী
পাকিস্তানত ২৫ বছৰীয়া অভিযান সামৰিলে মাইক্ৰ'ছফটে
অগণন গুণমুগ্ধৰ উপস্থিতিত দালাই লামাৰ ৯০ সংখ্যক জন্মদিন উদযাপন
এই ৩টা বস্তু মগজুৰ বাবে ছুপাৰফুড; দৈনিক খালে বৃদ্ধ বয়সলৈকে স্মৃতিশক্তি চোকা হৈ থাকিব
নগাঁৱৰ কেইবাখনো হোটেলত উদ্ধাৰ গো-মাংস
ঘৰত মাখিৰ উপদ্ৰৱ, এইসমূহ ঘৰুৱা উপায়েৰে দূৰ কৰক মাখিৰ সমস্যা
SAARCৰ বিকল্প গঠন কৰিব ৩ ৰাষ্ট্ৰই
ছয় কোটি টকাত নিলাম কবিগুৰু ৰবীন্দ্ৰনাথৰ পত্ৰ, ১.০৪ কোটি টকাত মূর্তি
পৰেশ ৰাৱাল ঘূৰি আহিল ‘হেৰা ফেৰি ৩’লৈ! উৎফুল্লিত দৰ্শক
মহাকাশত বৃদ্ধি পাব ভাৰতৰ সামৰিক শক্তি
ইন্দোৰ হ'ব দেশৰ প্ৰথমখন ডিজিটেল মহানগৰ