--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ জীৱনশৈলীক লৈ বহু সময়ত বিতৰ্কৰো সৃষ্টি হৈ আহিছে। ১০ লাখটকীয়া চ্যুট,  দামী চানগ্লাছ আদিৰ প্ৰসংগই ইতিমধ্যে দেশত বিতৰ্কৰ  ধুমুহা বোৱাই দিছিল। বহুতে এইবুলিও কৈ আহিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজকে  'ফকীৰ' বুলি দাবী কৰিলেও তেওঁ বিলাসী জীৱন যাপন কৰি আহিছে। মোদীয়ে খোৱা পানীৰ দামেই হেনো কেইবা লাখ টকা! 

প্ৰধানমন্ত্ৰীৰ এনে বিলাসী জীৱন যাপনৰ খৰচ চৰকাৰেই বহন কৰি আহিছে নেকি তাকে লৈও বহুতৰে মনত কৌতূহলৰ সৃষ্টি হৈ আহিছে।  অৱশ্যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শেহতীয়াকৈ দাবী কৰিছে যে চৰকাৰে মোদীৰ বিলাসী জীৱনৰ ব্যয় বহু পৰিমাণে বহন কৰিব নালাগে। তেওঁ নিজৰ পকেটৰ পৰাই  বহু বিষয়ত খৰচ কৰে। আনকি নিজে খোৱা  খাদ্যৰ খৰচো মোদীয়ে নিজেই বহন কৰে। 

এক আৰটিআই প্ৰশ্নৰ উত্তৰ দি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ  সচিব বিনোদ বিহাৰী সিঙে কয় যে চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ খাদ্যৰ বাবে হোৱা ব্যয়ৰ  এক টকাও খৰচ নকৰে। খাদ্যৰ খৰচ মোদীয়ে নিজেই দিয়ে।প্ৰতিজন প্ৰধানমন্ত্ৰীৰ জীৱনৰ বাবে চৰকাৰৰ এক নিৰ্দিষ্ট বাজেট আছে। 

কিন্তু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় সচিবজনে দাবী কৰিছে যে মোদীয়ে তেওঁৰ খাদ্যৰ মূল্য চৰকাৰৰ পৰা লোৱা নাই। তেওঁ নিজৰ উপাৰ্জনৰ পৰা তেওঁৰ জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজন হোৱা খৰচ বহন কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে লগতে কয় যে যদিও মোদীয়ে খাদ্যৰ ব্যয় বহন কৰে, তথাপি তেওঁৰ চৰকাৰী বাসভৱনৰ তত্বাৱধানৰ ব্যয়, লগতে পৰিবহন আৰু নিৰাপত্তাৰ ব্যয় চৰকাৰে বহন কৰে। প্ৰধানমন্ত্ৰীৰ বাসভৱন ৰাজহুৱা নিৰ্মাণ বিভাগৰ অন্তৰ্গত। 

সেয়েহে ৰাজহুৱা নিৰ্মাণ বিভাগে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনৰ তত্বাৱধানৰ বাবে ধন খৰচ  কৰে। প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা আৰু পৰিবহনৰ বাবে এছপিজি দায়বদ্ধ। এয়াও চৰকাৰী ব্যয়ৰ ভিতৰতে পৰে। অৱশ্যে প্ৰধানমন্ত্ৰীৰ  কাৰ্যালয়ে চৰকাৰী বাধা নিষেধ থকা  বাবেই প্ৰধানমন্ত্ৰীৰ দৰমহাৰ পৰিমাণ প্ৰকাশ কৰা নাই।

২০১৭ চনত গুজৰাট বিধানসভা নিৰ্বাচনৰ পূৰ্বে, তদানীন্তন কংগ্ৰেছ নেতা অল্পেশ ঠাকুৰে দাবী কৰিছিল যে মোদীয়ে বিদেশৰ পৰা বিশেষ প্ৰকাৰৰ কাঠফুলা আমদানি কৰিছিল । যাৰ মূল্য হৈছে প্ৰতি কিলোগ্ৰামত  মূল্য ৪০ লাখ টকা। সেই দাবীৰ সত্যতা অৱশ্যে এতিয়াও জনা সম্ভৱ হৈ উঠা নাই।  যি কি নহওঁক, প্ৰধানমন্ত্ৰীৰ খাদ্যৰ বাবে অন্ততঃ সাধাৰণ মানুহৰ কৰৰ পৰা সংগৃহিত ধন ব্যয় কৰা নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী