--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সনাতন ধৰ্মকলৈ ডিএমকেৰ নেতা উদয়ানিধি ষ্টালিনে কৰা মন্তব্যই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ সময়তে নেতাগৰাকীয়ে এইবাৰ বিজেপিক বিষাক্ত সাপৰ সৈতে তুলনা কৰিছে। গেৰুৱা দলৰ নেতাসকলৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈকেবহুতেই উদয়া নিধিয়ে সনাতন ধৰ্মকলৈ কৰা মন্ত্ব্যৰ বিৰুদ্ধে সোচ্চাৰ হৈ আহিছে।তামিলনাডুৰ মন্ত্ৰী তথা ষ্টেলিনৰ পুত্ৰ উধায়ানিধি ষ্টালিনে পুনৰ এবাৰ বিজেপিক "বিষাক্ত সাপ" বুলি অভিহিত কৰি গেৰুৱা দলৰ নেতাসকলক উত্তেজিত কৰি তুলিছে। দেওবাৰে ডিএমকে বিধায়কগৰাকীয়ে  এক  বিশেষ  অনুষ্ঠানত উপস্থিত থাকি   বিজেপি আৰু ৰাজ্যখনৰ বিৰোধী এআইএডিএমকেক সমালোচনা কৰিছিল। তেওঁৰ মতে, এআইএডিএমকে হৈছে আৱৰ্জনা , যি বিজেপিৰ দৰে বিষাক্ত সাপক আশ্ৰয় দিয়ে। এদিন আগতে ডিএমকেৰ সাংসদ এ ৰাজাই মোদীক  সাপৰ সৈতে তুলনা কৰিছিল।

উদয়নিধিয়ে কয়"যদি এটা বিষাক্ত সাপ আপোনাৰ ঘৰত প্ৰৱেশ কৰে, ইয়াক বাহিৰলৈ উলিয়াই দিব লাগে।  যদি চাৰিওফালৰ জোপোহাবোৰ পৰিষ্কাৰ কৰা নহয়, সাপডালে  ঘৰটোত পুনৰ প্ৰৱেশ কৰিব পাৰে।" তাৰ পিছত তেওঁ তেওঁৰ মন্তব্যৰ ব্যাখ্যা আগবঢ়াই কয়, "বিজেপি এটা বিষাক্ত সাপ। এআইএডিএমকেৰ ঘৰৰ কাষ  লেতেৰা হৈ পৰিছে। তাতেই সাপে আশ্ৰয় লৈছে"। বিজেপিৰ পৰা পৰিত্ৰাণ পাবলৈ এআইএডিএমকেক আঁতৰাব লাগিব বুলিও উধায়ানিধিয়ে কয়।উল্লেখ্য কিছুদিন পূৰ্বে সামাজিক বৈষম্য দূৰ কৰাৰ বাবেই সনাতন ধৰ্ম বিলুপ্ত কৰিব লাগে বুলি উদয়ানিধিয়ে মন্তব্য কৰিছিল।  "মহ, ডেংগু, মেলেৰিয়া, জ্বৰ আৰু কৰোনা"ৰ সৈতে 'সনাতন ধৰ্ম'ক তুলনা কৰা উদয়ানিধিক তুলাধুনা দিছে বিজেপিয়ে।  তেওঁক  সমালোচনা কৰি কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে কৈছিল  যে ভগৱান কৃষ্ণৰ বাবে শ্লোগান ইমান জোৰেৰে হ'ব লাগে যে সেয়া  সনাতন ধৰ্মক প্ৰত্যাহ্বান জনোৱা লোকসকলৰ ওচৰলৈ যাব পাৰে।






কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দ্বাৰকাত জন্মাষ্টমী উদযাপনত উধায়ানিধি ষ্টেলিন আৰু তেওঁ "সনাতন ধৰ্ম"কলৈ কৰা  মন্তব্যক সমৰ্থন কৰা সকলকো সমালোচনা কৰে। "আমাৰ কণ্ঠস্বৰ সেই লোকসকলৰ ওচৰলৈ যাব লাগিব যিসকলে 'সনাতন ধৰ্ম'ক প্ৰত্যাহ্বান জনাইছিল। তেওঁ কয় -ভক্তসকল জীয়াই থকালৈকে, কোনেও আমাৰ 'ধৰ্ম' আৰু বিশ্বাসক প্ৰত্যাহ্বান জনাব নোৱাৰে..."।

তামিলনাডুৰ ক্ৰীড়া মন্ত্ৰী উদয়ানিধি ষ্টেলিন আৰু কংগ্ৰেছ নেতা প্ৰিয়ংক খাৰ্গেৰ বিৰুদ্ধে "ধৰ্মীয় আৱেগক আঘাত কৰা" বুলি গোচৰ ৰুজু কৰা হৈছে। উত্তৰ প্ৰদেশৰ ৰামপুৰত দুজন অধিবক্তাৰ অভিযোগৰ ভিত্তিত এখন এজাহাৰ দাখিল কৰা হৈছে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে বিৰোধীপক্ষক আক্ৰমণ কৰি কয়  যে তেওঁলোকে সনাতন ধৰ্মৰ বিৰুদ্ধে নিৰন্তৰ "বিহ বিয়পাই আছে"।   কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও এই মন্তব্যৰ প্ৰত্যুত্তৰ দি কয় যে এয়া ইণ্ডিয়া মিত্ৰজোঁটৰ  ৰাজনৈতিক অস্ত্ৰ । 

তেওঁ কয়  যে বিৰোধী ইণ্ডিয়া  মিত্ৰজোঁটে প্ৰকৃততে "হিন্দুত্বক ঘৃণা কৰে। তেওঁলোকৰ উদ্দেশ্য হৈছে "পৰম্পৰাৰ ওপৰত আক্ৰমণ" কৰা"।উল্লেখ্য উদয়নিধিয়ে অলপতেএখন ধৰ্মীয় সন্মিলনত অংশগ্ৰহণ কৰি কৈছিল, "কিছুমান বস্তুৰ প্ৰতিবাদ কৰিব নোৱাৰি। সেইবোৰ বিলুপ্ত কৰিব লাগিব। আমি ডেংগু, মহ, মেলেৰিয়া বা কৰোনাৰ বিৰোধী নহয়। আমি ইয়াক আঁতৰ কৰিব লাগিব। একেদৰে, আমি সনাতন ধৰ্ম বাতিল কৰিব লাগিব। 'সনাতন' শব্দটো সংস্কৃতৰ পৰা আহিছে। এয়া সামাজিক ন্যায় আৰু সমতাৰ বিৰুদ্ধে। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা