--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ থানে চহৰতসংঘটিত হৈছে এক ভয়াৱহ  দুৰ্ঘটনা। এটা  ৪০  মহলীয়া অট্টালিকাৰ পৰা লিফ্ট  খহি  পৰাৰ ফলত ৭ জন লোক নিহত হৈছে। নিহতসকলৰ আটাইকেইজনেই শ্ৰমিক বুলি জানিব পৰা গৈছে। ঘটনাটো  থানে চহৰৰ বালকুম অঞ্চলৰ ৰণৱাল কমপ্লেক্স নামৰ বহুমহলীয়া অট্টালিকাটোত সংঘটিত হৈছে। মৃতসকলক হৈছে  মহেন্দ্ৰ চৌপাল (৩২), ৰূপেশ কুমাৰ দাস (২১), হাৰুণ শ্বেখ (৪৭), মিথিলেশ (৩৫), কৰিদাস (৩৮) আৰু সুনীল কুমাৰ দাস (২১) ।

 মৃতসকলৰ ভিতৰত ছয়জনক চিনাক্ত কৰা হৈছে, কিন্তু এই প্ৰতিবেদন প্ৰকাশৰ সময়ত এজনৰ পৰিচয় জনা হোৱা নাই।
আৰক্ষীয়ে জনোৱা অনুসৰি লিফনটৰ তাঁৰ  চিঙি গৈছিল গৈছিল আৰু লিফ্টটোৱে তলৰ  বেচমেণ্টত আহি প্ৰচণ্ড জোৰেৰোে  খুন্দা মাৰিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, দুৰ্ঘটনাটোৰ সময়ত লিফ্টৰ ভিতৰত সাতজন লোক  আছিল আৰু  সাতজনৰেই  মৃত্যু ঘটে। ঘটনাস্থলীত উপস্থিত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় বুলিও জানিব পৰা গৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, সেই সময়ত বহুমহলীয়া ভৱনটোৰ চালৰ 'ৱাটাৰপ্ৰুফিং'ৰ কাম চলি আছিল। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে ঘটনাটোত  দুখ প্ৰকাশ কৰিছে। এক্স হেণ্ডেলত দুখ প্ৰকাশ কৰি ফাডনাভিছে লিখিছে, "থানেৰ এই দুৰ্ঘটনা অতি ভয়ংকৰ। প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা লোকসকলৰ আশু আৰোগ্যৰ বাবে  প্ৰাৰ্থনা জনাইছো। '' দুৰ্ঘটনাটো কিদৰে সংঘটিত হ’বলৈ পালে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। দুৰ্ঘটনাটোৰ এক তদন্ত কৰা হ’ব বুলি জানিব পৰা গৈছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা