--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ থানে চহৰতসংঘটিত হৈছে এক ভয়াৱহ  দুৰ্ঘটনা। এটা  ৪০  মহলীয়া অট্টালিকাৰ পৰা লিফ্ট  খহি  পৰাৰ ফলত ৭ জন লোক নিহত হৈছে। নিহতসকলৰ আটাইকেইজনেই শ্ৰমিক বুলি জানিব পৰা গৈছে। ঘটনাটো  থানে চহৰৰ বালকুম অঞ্চলৰ ৰণৱাল কমপ্লেক্স নামৰ বহুমহলীয়া অট্টালিকাটোত সংঘটিত হৈছে। মৃতসকলক হৈছে  মহেন্দ্ৰ চৌপাল (৩২), ৰূপেশ কুমাৰ দাস (২১), হাৰুণ শ্বেখ (৪৭), মিথিলেশ (৩৫), কৰিদাস (৩৮) আৰু সুনীল কুমাৰ দাস (২১) ।

 মৃতসকলৰ ভিতৰত ছয়জনক চিনাক্ত কৰা হৈছে, কিন্তু এই প্ৰতিবেদন প্ৰকাশৰ সময়ত এজনৰ পৰিচয় জনা হোৱা নাই।
আৰক্ষীয়ে জনোৱা অনুসৰি লিফনটৰ তাঁৰ  চিঙি গৈছিল গৈছিল আৰু লিফ্টটোৱে তলৰ  বেচমেণ্টত আহি প্ৰচণ্ড জোৰেৰোে  খুন্দা মাৰিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, দুৰ্ঘটনাটোৰ সময়ত লিফ্টৰ ভিতৰত সাতজন লোক  আছিল আৰু  সাতজনৰেই  মৃত্যু ঘটে। ঘটনাস্থলীত উপস্থিত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় বুলিও জানিব পৰা গৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, সেই সময়ত বহুমহলীয়া ভৱনটোৰ চালৰ 'ৱাটাৰপ্ৰুফিং'ৰ কাম চলি আছিল। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে ঘটনাটোত  দুখ প্ৰকাশ কৰিছে। এক্স হেণ্ডেলত দুখ প্ৰকাশ কৰি ফাডনাভিছে লিখিছে, "থানেৰ এই দুৰ্ঘটনা অতি ভয়ংকৰ। প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা লোকসকলৰ আশু আৰোগ্যৰ বাবে  প্ৰাৰ্থনা জনাইছো। '' দুৰ্ঘটনাটো কিদৰে সংঘটিত হ’বলৈ পালে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। দুৰ্ঘটনাটোৰ এক তদন্ত কৰা হ’ব বুলি জানিব পৰা গৈছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব