--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এতিয়া দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বতৰ। কংগ্ৰেছ দলে ধুবুৰীৰ পৰা ভাৰত জোড়ো পদযাত্ৰা আৰম্ভ কৰিলেও দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ এতিয়া খুবেই ছিৰিয়াছ বিজেপি দল। ইতিমধ্যে বিজেপি দলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। লখিমপুৰ জিলাৰ কেইবাটাও পৰিষদীয় সমষ্টিত প্ৰচাৰ চলাইছে মন্ত্ৰী পীয়ূষ হাজৰিকাই।

 

 নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ বিজেপিৰ প্ৰশংসাত পঞ্চমুখ হ’ল মন্ত্ৰী পীয়ূষ হাজৰিকা। মন্ত্ৰীগৰাকীৰ মতে, বিজেপি এটা ছিৰিয়াচ পাৰ্টী। বিজেপি দলৰ ছিৰিয়াচনেচৰ বাবেই হেনো প্ৰতিটো নিৰ্বাচনত দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহে মন্ত্ৰী গৰাকী। আজি লখিমপুৰত এই মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই।

 

বিহপুৰীয়াৰ ১৬ নং বাঁহগড়া পৰিষদীয় সমষ্টিৰ অসম গণ পৰিষদৰ মনোনীত প্ৰাৰ্থী নন্দিতা দেউৰী হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ভাষণ প্ৰসঙ্গত বিৰোধীক সমালোচনা কৰাৰ লগতে মন্ত্ৰী গৰাকীয়ে পৰিষদৰ সৰ্বমুঠ ২২ টা সমষ্টিৰ আটাইকেইটা সমষ্টিতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হৈ মিত্ৰজোঁটে পৰিষদ গঠন কৰিব বুলি পুনৰ বাৰ মন্তব্য কৰে। আজিৰ এই নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰী গৰাকীক বিহপুৰীয়াৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞা, জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাৰ লগতে স্থানীয় পঞ্চায়ত প্ৰতিনিধি সকলে সহযোগিতা আগবঢ়াই।

 

ইফালে এই প্ৰচাৰ সভাতো কংগ্ৰেছক কটাক্ষ কৰিবলৈ নাপাহৰিলে মন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছে অসমৰ সংখ্যালঘূ অধ্যুষিত অঞ্চলত ভাৰত জোড়ো কাৰ্যসূচী চলাইছে বুলি পুনৰবাৰ কংগ্ৰেছক আক্ৰমণ কৰে পীয়ূচে। উল্লেখযোগ্য যে, ৰাজ্যত অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু