--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এতিয়া দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বতৰ। কংগ্ৰেছ দলে ধুবুৰীৰ পৰা ভাৰত জোড়ো পদযাত্ৰা আৰম্ভ কৰিলেও দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ এতিয়া খুবেই ছিৰিয়াছ বিজেপি দল। ইতিমধ্যে বিজেপি দলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। লখিমপুৰ জিলাৰ কেইবাটাও পৰিষদীয় সমষ্টিত প্ৰচাৰ চলাইছে মন্ত্ৰী পীয়ূষ হাজৰিকাই।

 

 নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ বিজেপিৰ প্ৰশংসাত পঞ্চমুখ হ’ল মন্ত্ৰী পীয়ূষ হাজৰিকা। মন্ত্ৰীগৰাকীৰ মতে, বিজেপি এটা ছিৰিয়াচ পাৰ্টী। বিজেপি দলৰ ছিৰিয়াচনেচৰ বাবেই হেনো প্ৰতিটো নিৰ্বাচনত দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহে মন্ত্ৰী গৰাকী। আজি লখিমপুৰত এই মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই।

 

বিহপুৰীয়াৰ ১৬ নং বাঁহগড়া পৰিষদীয় সমষ্টিৰ অসম গণ পৰিষদৰ মনোনীত প্ৰাৰ্থী নন্দিতা দেউৰী হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ভাষণ প্ৰসঙ্গত বিৰোধীক সমালোচনা কৰাৰ লগতে মন্ত্ৰী গৰাকীয়ে পৰিষদৰ সৰ্বমুঠ ২২ টা সমষ্টিৰ আটাইকেইটা সমষ্টিতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হৈ মিত্ৰজোঁটে পৰিষদ গঠন কৰিব বুলি পুনৰ বাৰ মন্তব্য কৰে। আজিৰ এই নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰী গৰাকীক বিহপুৰীয়াৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞা, জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাৰ লগতে স্থানীয় পঞ্চায়ত প্ৰতিনিধি সকলে সহযোগিতা আগবঢ়াই।

 

ইফালে এই প্ৰচাৰ সভাতো কংগ্ৰেছক কটাক্ষ কৰিবলৈ নাপাহৰিলে মন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছে অসমৰ সংখ্যালঘূ অধ্যুষিত অঞ্চলত ভাৰত জোড়ো কাৰ্যসূচী চলাইছে বুলি পুনৰবাৰ কংগ্ৰেছক আক্ৰমণ কৰে পীয়ূচে। উল্লেখযোগ্য যে, ৰাজ্যত অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক