--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ৰহাত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু। ৰহাত উপস্থিত হৈয়ে অসমৰ মিডিয়াক উচ্চ প্ৰশংসা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে কয়, অসমৰ মিডিয়াই ভাল ভাল কাম কৰে। অসমৰ মিডিয়া বহুত স্মাৰ্ট হোৱাৰ লগতে বহুত দায়িত্বশীল। অসমৰ মিডিয়া বহুত ভাইব্ৰেন্ট হয় বুলিও কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

মংগলবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লোকসভা প্ৰৱাস যোজনাৰ অংশ হিচাপে ৰহাৰ ঘাঁহীত নৱ প্ৰজন্মৰ ভোটাৰৰ সৈতে মত বিনিময়  অনুষ্ঠানত অংশ লৈছিল। সেই মত-বিনিময় অনুষ্ঠানতে কংগ্ৰেছক কঠোৰ সমালোচনা কৰে ৰিজিজুৱে। ইপিনে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা অৰ্থহীন বুলি মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়,  ৰাহুল গান্ধীয়ে ভাৰতক ভাগ ভাগ কৰি জাতি জনগোষ্ঠীৰ মাজত বিবাদ আনিছে। পাকিস্তান আৰু সন্ত্ৰাসবাদীয়ে যি কথা কয় ৰাহুল গান্ধীয়ে তাকেই কয় বুলি মন্তব্য কৰে ৰিজিজুৱে। 

উল্লেখযোগ্য যে, ২৪ৰ নিৰ্বাচনলৈ এতিয়া সাজু হৈছে বিজেপি । শাসকীয় দলটোৱে আৰম্ভ কৰিছে নিৰ্বাচনী কুছকাৱাজ, সাংগঠনিক তৎপৰতা। এতিয়া যুঁজত নামি পৰিছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু।  ৰিজিজুয়ে সঘনাই তৃণমুল কৰ্মীৰ সৈতে কৰিছে মেল-মিটিং। শেহতীয়াভাৱে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে নগাওঁ আৰু কলিয়াবৰ লোকসভা সমষ্টিত বৃদ্ধি কৰিছে সাংগঠনিক কাম-কাজ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য