--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় জনতা পাৰ্টিয়ে হাৰিয়ানাত বৃহৎ জয়েৰে ৰাজ্যখনত তৃতীয়বাৰলৈ প্ৰত্যাৱৰ্তন ঘটাইছে৷ ইয়াৰ লগে লগে কংগ্ৰেছৰ জয়ৰ সম্ভাৱনাক ধূলিস্যাৎ কৰি এগজিট প’লক ভুল প্ৰমাণিত কৰে৷ নিৰ্দলীয় ভাৱে বিজয়ী হোৱা দুগৰাকী প্ৰাৰ্থীয়ে বিজেপিত যোগদানে বিজেপৰি শক্তি আৰু সমৃদ্ধ কৰে৷

৮ অক্টোবৰত হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোট গণনাত প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই বিজেপি আগবাঢ়ি থকাত বিজেপিৰ সমৰ্থকসকলে আগতীয়াকৈ জেলেপী বিতৰণ কৰি বিজয় উদযাপন কৰা পৰিলক্ষিত হয়৷ বিজেপিয়ে জয়লাভ কৰা লগে লগে। বিজেপি কৰ্মীসকলে কংগ্ৰেছক উপলুঙা কৰি এই মিঠাই ব্যৱহাৰ কৰা দেখা গ’ল। ছ’চিয়েল মিডিয়াত ‘জেলেপী’ শব্দটো জনপ্ৰিয় হৈ পৰে৷

বিজেপিৰ এই বৃহৎ জয় উদযাপন কৰি একাংশ নেতাই জেলেপী খাই ফটো পোষ্ট কৰাৰ বিপৰীতে আন একাংশই জেলেপি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰাও পৰিলক্ষিত হ’ল। অসমতো বিজেপিৰ সমৰ্থক সকলৰ মাজত একেই আনন্দ উৎসাহ পৰিলক্ষিত হয়৷ অসমত বিজেপিৰ এজন সদস্যই জেলেপীৰ টুপোলা লৈ লক্ষিমপুৰৰ কংগ্ৰেছৰ কাৰ্যালয়লৈ যাত্ৰা কাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে৷

একে সময়তে হাৰিয়ানাৰ বিজেপি কৰ্মীয়ে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ দিল্লীৰ বাসগৃহলৈ অনলাইন প্লেটফৰ্মৰ জৰিয়তে ১ কেজি জেলেপী প্ৰেৰণ কৰা তথ্য সম্বলিত এখন স্ক্ৰীণশ্বটত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷

উল্লেখযোগ্য যে বিৰেধীৰ এনে বিপৰ্যয়ৰ বাবে তেওঁলোকৰ দলৰ নেতৃত্বৰ দুৰ্বল ভুমিকা তথা কৌশল প্ৰধানত দায়ী৷ ইয়াৰোপৰি আপৰ সৈতে বুজাবুজিৰ অভাৱেও কংগ্ৰেছক এনে বিপৰ্যয়ৰ দিশলৈ থেলি দিয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ