--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হৈ যায় সৰ্বদলীয় বৈঠক৷এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম দিনাৰ পৰাই মণিপুৰৰ পৰিস্থিতিৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আহিছে আৰু সমস্যাৰ সমাধানৰ বাবে “পূৰ্ণ সংবেদনশীলতাৰে আমাক পথ প্ৰদৰ্শন” কৰি আহিছে। বিশেষ সূত্ৰই জনোৱা মতে, সভাত শ্বাহে কয় যে মণিপুৰৰ পৰিস্থিতি লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে আৰু ১৩ জুনৰ পৰা ৰাজ্যখনত হিংসাত্মক পৰিস্থিতিত এজনো লোকৰ মৃত্যু হোৱা নাই।

এই বৈঠকতে মণিপুৰৰ বিভিন্ন জনগোষ্ঠীৰ মাজত অতি সোনকালে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি শান্তি আৰু আস্থা ঘূৰাই অনাত সহায় কৰিবলৈ সকলো ৰাজনৈতিক দলৰ সহযোগিতা কামনা কৰে গৃহমন্ত্ৰীগৰাকীয়ে। এই পৰ্যন্ত ১৮০০টা লুণ্ঠন অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰা হৈছে। এই বৈঠকত বিজেপিকে ধৰি আঠাইশটা ৰাজনৈতিক দল আৰু উত্তৰ-পূবৰ চাৰিজন সাংসদ আৰু উত্তৰ- পূব অঞ্চলৰ দুজন মুখ্যমন্ত্রীয়ে অংশগ্রহণ কৰে৷

মণিপুৰৰ শান্তি পুনৰুদ্ধাৰৰ বাবে সকলো ৰাজনৈতিক দলে সংবেদনশীল আৰু অৰাজনৈতিকভাৱে নিজৰ পৰামৰ্শ দিছিল আৰু কেন্দ্ৰীয় চৰকাৰে মুকলি মনেৰে এই বিষয়ে বিবেচনা কৰিব বুলিও গৃহমন্ত্ৰীগৰাকীয়ে কয়। কিন্তু কেন্দ্রই মণিপুৰৰ পৰিস্থিতি চম্ভালি লোৱাৰ ক্ষেত্ৰত সমালোচনা কৰি বিৰোধী দলসমূহে প্রধানমন্ত্রীৰ এই বিষয়ত “মৌনতা”ক লৈ প্রশ্ন উত্থাপন কৰিছে৷

জানিব পৰা মতে, বিজেপিৰ সভাপতি জে পি নাড্ডাই বৈঠকত কয় যে মণিপুৰ সমস্যাৰ অতি সোনকালে সমাধানৰ বাবে কেন্দ্র আৰু গৃহমন্ত্রীয়ে সকলো সম্ভৱপৰ পদক্ষেপ হাতত লৈছে৷ মণিপুৰ বিষয়টো অতি স্পৰ্শকাতৰ আৰু ইয়াক সংবেদনশীলতাৰে চম্ভালিব লাগিব বুলিও তেওঁ কয়। নাড্ডাই কয় যে মণিপুৰ বিষয়টো বহু ঐতিহাসিক কাৰকৰ মাজত শিপাই আছে যাৰ বাবেও বৰ্তমানৰ জুইকুৰাৰ সৃষ্টি হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে নিজেই চাৰিদিন মণিপুৰত থাকি সকলো গোটৰ সৈতে বিশদ আলোচনা কৰি সাহায্য শিবিৰ পৰিদৰ্শন কৰাৰ লগতে গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে ২০ দিনতকৈ অধিক সময় মণিপুৰত থকা বুলি উল্লেখ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু