--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হৈ যায় সৰ্বদলীয় বৈঠক৷এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম দিনাৰ পৰাই মণিপুৰৰ পৰিস্থিতিৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আহিছে আৰু সমস্যাৰ সমাধানৰ বাবে “পূৰ্ণ সংবেদনশীলতাৰে আমাক পথ প্ৰদৰ্শন” কৰি আহিছে। বিশেষ সূত্ৰই জনোৱা মতে, সভাত শ্বাহে কয় যে মণিপুৰৰ পৰিস্থিতি লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে আৰু ১৩ জুনৰ পৰা ৰাজ্যখনত হিংসাত্মক পৰিস্থিতিত এজনো লোকৰ মৃত্যু হোৱা নাই।

এই বৈঠকতে মণিপুৰৰ বিভিন্ন জনগোষ্ঠীৰ মাজত অতি সোনকালে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি শান্তি আৰু আস্থা ঘূৰাই অনাত সহায় কৰিবলৈ সকলো ৰাজনৈতিক দলৰ সহযোগিতা কামনা কৰে গৃহমন্ত্ৰীগৰাকীয়ে। এই পৰ্যন্ত ১৮০০টা লুণ্ঠন অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰা হৈছে। এই বৈঠকত বিজেপিকে ধৰি আঠাইশটা ৰাজনৈতিক দল আৰু উত্তৰ-পূবৰ চাৰিজন সাংসদ আৰু উত্তৰ- পূব অঞ্চলৰ দুজন মুখ্যমন্ত্রীয়ে অংশগ্রহণ কৰে৷

মণিপুৰৰ শান্তি পুনৰুদ্ধাৰৰ বাবে সকলো ৰাজনৈতিক দলে সংবেদনশীল আৰু অৰাজনৈতিকভাৱে নিজৰ পৰামৰ্শ দিছিল আৰু কেন্দ্ৰীয় চৰকাৰে মুকলি মনেৰে এই বিষয়ে বিবেচনা কৰিব বুলিও গৃহমন্ত্ৰীগৰাকীয়ে কয়। কিন্তু কেন্দ্রই মণিপুৰৰ পৰিস্থিতি চম্ভালি লোৱাৰ ক্ষেত্ৰত সমালোচনা কৰি বিৰোধী দলসমূহে প্রধানমন্ত্রীৰ এই বিষয়ত “মৌনতা”ক লৈ প্রশ্ন উত্থাপন কৰিছে৷

জানিব পৰা মতে, বিজেপিৰ সভাপতি জে পি নাড্ডাই বৈঠকত কয় যে মণিপুৰ সমস্যাৰ অতি সোনকালে সমাধানৰ বাবে কেন্দ্র আৰু গৃহমন্ত্রীয়ে সকলো সম্ভৱপৰ পদক্ষেপ হাতত লৈছে৷ মণিপুৰ বিষয়টো অতি স্পৰ্শকাতৰ আৰু ইয়াক সংবেদনশীলতাৰে চম্ভালিব লাগিব বুলিও তেওঁ কয়। নাড্ডাই কয় যে মণিপুৰ বিষয়টো বহু ঐতিহাসিক কাৰকৰ মাজত শিপাই আছে যাৰ বাবেও বৰ্তমানৰ জুইকুৰাৰ সৃষ্টি হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে নিজেই চাৰিদিন মণিপুৰত থাকি সকলো গোটৰ সৈতে বিশদ আলোচনা কৰি সাহায্য শিবিৰ পৰিদৰ্শন কৰাৰ লগতে গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে ২০ দিনতকৈ অধিক সময় মণিপুৰত থকা বুলি উল্লেখ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে