--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃযিকোনো মূল্যৰ বিনিময়তে ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ লক্ষ্য থিৰাং কৰিছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে। সেয়ে বিজেপি বিৰোধী ঐক্য গঢ়ি তোলাৰ বাবে দেশৰ ইজনৰ পিছত সিজনকৈ নেতাক সাক্ষাৎ কৰিছে ৰাৱে। 

আজি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰে তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।  পাটনাত ৰাৱে  "বিজেপি মুক্ত ভাৰত" সৃষ্টিত অৰিহণা যোগাবলৈ সকলোকে উদাত্ত  আহ্বান জনায়। নীতিশ কুমাৰৰ সৈতে একেলগে অংশগ্ৰহণ কৰা এখন সংবাদমেলত ৰাৱে  ঐক্যবদ্ধ বিৰোধীদলৰ নেতৃত্ব কোনে ল'ব আৰু কংগ্ৰেছক লগত  লোৱা হ'ব নে নাই সেই সম্পৰ্কীয় প্ৰশ্নৰো উত্তৰ দিয়ে।

সংবাদমেলত ৰাৱে কয়"এই বিষয়বোৰ যথা সময়ত নিৰ্ণয় কৰা হ'ব। আমি কোনো খৰখেদা নকৰোঁ"।

বিৰোধী ঐক্যৰ প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ নীতিশ কুমাৰ হ’ব বুলি বহুতে আলোচনা কৰি থকাৰ মাজতে সংবাদমেলত ৰাৱে  কয়, "নীতিশ কুমাৰ দেশৰ জ্যেষ্ঠ আৰু শ্ৰেষ্ঠ নেতাসকলৰ ভিতৰৰে এজন। অৱশ্যে গুৰুত্বপূৰ্ণ বিষয়বোৰ সন্দৰ্ভত পিছত সিদ্ধান্ত লম"।

তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ (টিআৰএছ) সভাপতি তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে শেহতীয়াকৈ তৃতীয় মৰ্চা গঠনৰ চেষ্টাত ব্যস্ত হৈ আছে। তেওঁ ইতিমধ্যে  ভালেমান সমভাবাপন্ন বিৰোধী দলৰ নেতাৰ সৈতে বৈঠকত মিলিত হৈছে। 

কেচিআৰে নিৰন্তৰ বিৰোধী নেতাসকলক সাক্ষাৎ কৰি আহিছে আৰু তেওঁ এন ডি এৰ সহযোগী বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ককো এই মৰ্চাত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰি আছে।কেচিআৰে অলপতে কেইবাজনো বিৰোধী নেতাৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰিছিল। সেইসকলৰ ভিতৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালো আছিল। তেওঁ সমাজবাদী পাৰ্টিৰ নেতা তথা উত্তৰ প্ৰদেশ বিধানসভাৰ বিৰোধী দলৰ নেতা অখিলেশ যাদৱকো সাক্ষাৎ কৰিছিল।

কেচিআৰে ২৬ মে'ত বাংগালুৰুত জনতা দল ছেকুলাৰৰ সভাপতি আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াকো সাক্ষাৎ কৰিছিল। ২০১৯ৰ সাধাৰণ নিৰ্বাচনত, কেচিআৰে দেৱগৌড়াক অ-বিজেপি ফ্ৰণ্টৰ বাবে সমৰ্থন কৰিছিল। শেহতীয়াকৈ দেৱগৌড়াই কেচিআৰক বিজেপি আৰু সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপৰ বাবে অভিনন্দন জনাইছিল। কেচিআৰে  পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো সাক্ষাৎ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী