--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃযিকোনো মূল্যৰ বিনিময়তে ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ লক্ষ্য থিৰাং কৰিছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে। সেয়ে বিজেপি বিৰোধী ঐক্য গঢ়ি তোলাৰ বাবে দেশৰ ইজনৰ পিছত সিজনকৈ নেতাক সাক্ষাৎ কৰিছে ৰাৱে। 

আজি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰে তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।  পাটনাত ৰাৱে  "বিজেপি মুক্ত ভাৰত" সৃষ্টিত অৰিহণা যোগাবলৈ সকলোকে উদাত্ত  আহ্বান জনায়। নীতিশ কুমাৰৰ সৈতে একেলগে অংশগ্ৰহণ কৰা এখন সংবাদমেলত ৰাৱে  ঐক্যবদ্ধ বিৰোধীদলৰ নেতৃত্ব কোনে ল'ব আৰু কংগ্ৰেছক লগত  লোৱা হ'ব নে নাই সেই সম্পৰ্কীয় প্ৰশ্নৰো উত্তৰ দিয়ে।

সংবাদমেলত ৰাৱে কয়"এই বিষয়বোৰ যথা সময়ত নিৰ্ণয় কৰা হ'ব। আমি কোনো খৰখেদা নকৰোঁ"।

বিৰোধী ঐক্যৰ প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ নীতিশ কুমাৰ হ’ব বুলি বহুতে আলোচনা কৰি থকাৰ মাজতে সংবাদমেলত ৰাৱে  কয়, "নীতিশ কুমাৰ দেশৰ জ্যেষ্ঠ আৰু শ্ৰেষ্ঠ নেতাসকলৰ ভিতৰৰে এজন। অৱশ্যে গুৰুত্বপূৰ্ণ বিষয়বোৰ সন্দৰ্ভত পিছত সিদ্ধান্ত লম"।

তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ (টিআৰএছ) সভাপতি তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে শেহতীয়াকৈ তৃতীয় মৰ্চা গঠনৰ চেষ্টাত ব্যস্ত হৈ আছে। তেওঁ ইতিমধ্যে  ভালেমান সমভাবাপন্ন বিৰোধী দলৰ নেতাৰ সৈতে বৈঠকত মিলিত হৈছে। 

কেচিআৰে নিৰন্তৰ বিৰোধী নেতাসকলক সাক্ষাৎ কৰি আহিছে আৰু তেওঁ এন ডি এৰ সহযোগী বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ককো এই মৰ্চাত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰি আছে।কেচিআৰে অলপতে কেইবাজনো বিৰোধী নেতাৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰিছিল। সেইসকলৰ ভিতৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালো আছিল। তেওঁ সমাজবাদী পাৰ্টিৰ নেতা তথা উত্তৰ প্ৰদেশ বিধানসভাৰ বিৰোধী দলৰ নেতা অখিলেশ যাদৱকো সাক্ষাৎ কৰিছিল।

কেচিআৰে ২৬ মে'ত বাংগালুৰুত জনতা দল ছেকুলাৰৰ সভাপতি আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াকো সাক্ষাৎ কৰিছিল। ২০১৯ৰ সাধাৰণ নিৰ্বাচনত, কেচিআৰে দেৱগৌড়াক অ-বিজেপি ফ্ৰণ্টৰ বাবে সমৰ্থন কৰিছিল। শেহতীয়াকৈ দেৱগৌড়াই কেচিআৰক বিজেপি আৰু সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপৰ বাবে অভিনন্দন জনাইছিল। কেচিআৰে  পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো সাক্ষাৎ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু