--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যৰ ৰাজনীতিত হঠাতে মোগলৰ প্ৰসংগ৷ অসমৰ ৰাজনীতিত আকৌ আৱিৰ্ভাব ঘটিছে মোগলৰ৷ অসমত সাধাৰণতে নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে নিৰ্বাচনী ইচ্ছ্যু হিচাপে ব্যৱহাৰ কৰি আহিছে মোগলৰ প্ৰসংগ৷ বিগত বিধানসভা নিৰ্বাচনৰ সময়তো মোগলৰ কথা কৈ হিন্দু বেল্টৰ ভোট আদায়ত সফল হৈছিল বিজেপি৷ আকৌ সেই মোগলকে সজাই-পৰাই বাদ-বিবাদৰ বাবে আগবঢ়াই দিছে কংগ্ৰেছী সাংসদ আব্দুল খালেকে৷ 

পিছে, অপ্ৰাসংগিকভাৱে হঠাৎ কিয় আব্দুল খালেকে উত্থাপন কৰিলে মোগলৰ প্ৰসংগ? তাকে লৈ এতিয়া সৃষ্টি হৈছে ব্যাপক ৰহস্যৰ৷ কিয়নো, যি মোগলৰ প্ৰসংগক লৈ বিজেপি অথবা হিমন্ত বিশ্ব শৰ্মাই চলাই গৈছে নিজৰ ৰাজনীতি, সেই মোগলৰ প্ৰসংগ টানি আনি বিৰোধী দলৰ এগৰাকী নেতা আব্দুল খালেকে সহায় কৰিব বিচাৰিছে নেকি বিজেপি তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক?

শেহতীয়াকৈ মোগলক লৈ গৌৰৱ কৰো বুলি নতুন বিতৰ্কৰ অৱতাৰণা কৰিছিল কংগ্ৰেছৰ সাংসদগৰাকীয়ে৷ তেওঁ কৈছিল— মোগলৰ পূৰ্বে কোনেও এই দেশক হিন্দুস্তান বুলি কোৱা নাছিল৷ মোগলসকলেহে এই দেশক হিন্দুস্তানৰ আকাৰ দিছিল৷ আৰু এঢাপ আগুৱাই বৰপেটাৰ কংগ্ৰেছ সাংসদগৰাকীয়ে ঔৰংগজেৱে গুৱাহাটী দখলৰ পাছত উমানন্দৰ মাটি ওভোতাই দিছিল বুলি চাঞ্চল্যকৰ মন্তব্য কৰিছে৷ মোগলসকলক বাদ দি ভাৰতৰ ইতিহাস অসম্পূৰ্ণ বুলি উল্লেখ কৰি খালেকে কয়- স্বাধীনতা সংগ্ৰামৰ ক্ষেত্ৰত ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ নাম যিদৰে লোৱা হয়, তেনেদৰে মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰৰ নামো ল’ব লাগিব৷ এইদৰেই মোগলৰ প্ৰসংগ উত্থাপন কৰি ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগাইছে সাংসদ খালেকে৷

আকৌ, খালেকৰ মন্তব্যৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ প্ৰতিক্ৰিয়া ব্যক্ত কৰি হিমন্ত বিশ্ব শৰ্মাই কয়, নিৰ্বাচন আহিলেই আব্দুল খালেক আৰু শ্বেৰমান আলী আহমেদৰ মাজত সাম্প্ৰদায়িক কথা কোৱাৰ প্ৰতিযোগিতা আৰম্ভ হয়৷ নিৰ্বাচন আহিলেই দুয়োজন নেতাৰ সাম্প্ৰদায়িক কথা, মুছলমানপ্ৰীতি বৃদ্ধি পাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে৷ 

এতিয়া প্ৰশ্ন হৈছে- মোগলৰ কথা কৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক উদ্ধাৰ কৰিলে নেকি আব্দুল খালেকে? ইচ্ছ্যু ডাইভাৰ্ট কৰিবলৈ আকস্মিকভাৱে আব্দুল খালেকে কিয় মোগলৰ প্ৰসংগ উত্থাপন কৰিলে, সেয়া যেন বুজিবলৈ কাৰোৱেই বাকী নাই৷ কিয়নো, বিগত প্ৰায় এমাহ ধৰি ৰাজ্যত চলি থকা মাধ্যম বিতৰ্কত বেকফুটলৈ গুচি গৈছিল বিজেপি তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ মাধ্যম বিতৰ্ক শেষ নৌহওঁতেই শিক্ষা, স্বাস্থ্যৰ প্ৰসংগৰে হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷

অৰবিন্দ কেজৰিৱালক যথোচিত যুক্তি দিয়াৰ পৰাও ব্যৰ্থ হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী৷ আৰু কেজৰিৱালৰ সৈতে চলা টুইটাৰ যুদ্ধত ৰাষ্ট্ৰীয় ৰাজনৈতিক প্ৰেক্ষাপটত অসমৰ মুখ্যমন্ত্ৰীগৰাকী লজ্জিত হোৱা চৰ্চিত হৈছিল৷ তেনে সময়তে হঠাৎ আব্দুল খালেকৰ অপ্ৰাসংগিক মোগল প্ৰসংগৰ উত্থাপনে যেন সকাহ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক৷ যিসময়ত ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা কোঙা হৈ পৰিছে, চৰকাৰে শ শ কোটিৰ টকাৰ ঋণ ল’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, তেনে সময়তে পুনৰ ধৰ্মীয় কথা-বতৰাৰে সাধাৰণ জনতাক ব্যস্ত ৰাখিব বিচাৰিছে একাংশ ৰাজনীতিবিদে৷ মৌলিক কথা-বতৰাবোৰৰ পৰা দৃষ্টি আঁতৰাই ধৰ্মীয় চশমাৰে পুনৰ এবাৰ মেৰুকৰণৰ ৰাজনীতি আৰম্ভ কৰিছে কংগ্ৰেছ বিজেপিয়ে৷ 

পিছে, ইয়াৰ বাবে খালেক বিজেপি তথা মুখ্যমন্ত্ৰীৰ পৰা কিধৰণে পুৰস্কৃত হয়, সেয়া পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ সময়তহে গম পোৱা যাব৷ অথবা, বৰপেটা লোকসভা সমষ্টিত খালেকৰ এই মন্তব্যই কিমান দূৰলৈ প্ৰভাৱ বিস্তাৰ কৰে, সেয়াও হ’ব অতিকৈ লক্ষ্যণীয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী