--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ চিক্কামাগালুৰু জিলাৰ এজন বিজেপি সমৰ্থক জগদীশ গৌড়াৰ বিৰুদ্ধে ১৬ জন দলিত লোকক তেওঁৰ ক'ফি খেতিত কেইবাদিনো ধৰি  বন্দী কৰি ৰখাৰ অভিযোগ উত্থাপিত হৈছে। ভুক্তভোগীসকলে কয় যে তেওঁলোকক বন্দী কৰি ৰাখি অত্যাচাৰ কৰা হৈছিল। 

তেওঁলোকৰ মাজৰে এগৰাকী গৰ্ভৱতী মহিলাৰ তেনে অত্যাচাৰৰ ফলতে  গৰ্ভপাত হোৱা বুলিও অভিযোগ উঠিছে। দলিত লোক কেইগৰাকীক নিজৰ ক'ফি বাগানত বন্দী কৰি ৰাখি অত্যাচাৰ চলোৱাৰ বিষয়ে আৰক্ষী থানাত  এটা গোচৰ ৰুজু কৰা হৈছে ।

 অত্যাচাৰৰ ফলত গৰ্ভপাত হোৱা মহিলাগৰাকীক জিলা চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হৈছে। জগদীশ গৌড়া আৰু তেওঁৰ পুত্ৰ তিলক গৌড়াৰ বিৰুদ্ধে দলিতসকলক বন্দী কৰি ৰাখি অত্যাচাৰ চলোৱাৰ  অভিযোগত গোচৰ ৰুজু কৰা হৈছে। দুয়ো বৰ্তমান পলাতক অৱস্থাত আছে ।

আৰক্ষীয়ে অভিযুক্তৰ সন্ধান উলিয়াবলৈ অভিযান চলাই আছে। বিজেপিয়ে এনে ঘটনাৰ পিছতে সাংবাদিকৰ কোনো প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত আছে। বিজেপিৰ  এগৰাকী মুখপাত্ৰ বৰাসিদ্ধি বেণুগোপালে মাত্ৰ কৈছে যে জগদীশ দলৰ নেতা নহয়, তেওঁ কেৱল এজন বিজেপি সমৰ্থকহে।  উল্লেখ্য বিজেপি নেতাজনৰ  জেনুগাদ্দে গাঁৱৰ ক'ফি  খেতিত দৈনিক হাজিৰা ভিত্তিত শ্ৰমিকে কাম কৰে। একাংশ শ্ৰমিকে  বালেহোন্নুৰ আৰক্ষী থানালৈ আহি তেওঁলোকৰ সতীৰ্থ  একাংশক  জগদীশ গৌড়াই অত্যাচাৰ কৰি থকাৰ অভিযোগ উত্থাপন কৰিছিল। 

কিন্তু আচৰিত ভাবে পিছত তেওঁলোকে অভিযোগটো প্ৰত্যাহাৰ কৰে।  আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰিছে। আৰক্ষীয়ে ১০ জন মান লোকক এটা কোঠাৰ পৰা উদ্ধাৰ কৰে।  তেওঁলোকক যোৱা ১৫ দিন ধৰি গৃহবন্দী কৰি ৰখা হৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। অভিযোগ অনুসৰি জগদীশ গৌড়াই প্ৰহাৰ কৰা মহিলাগৰাকী  দুমাহৰ গৰ্ভৱতী আছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু