--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ চিক্কামাগালুৰু জিলাৰ এজন বিজেপি সমৰ্থক জগদীশ গৌড়াৰ বিৰুদ্ধে ১৬ জন দলিত লোকক তেওঁৰ ক'ফি খেতিত কেইবাদিনো ধৰি  বন্দী কৰি ৰখাৰ অভিযোগ উত্থাপিত হৈছে। ভুক্তভোগীসকলে কয় যে তেওঁলোকক বন্দী কৰি ৰাখি অত্যাচাৰ কৰা হৈছিল। 

তেওঁলোকৰ মাজৰে এগৰাকী গৰ্ভৱতী মহিলাৰ তেনে অত্যাচাৰৰ ফলতে  গৰ্ভপাত হোৱা বুলিও অভিযোগ উঠিছে। দলিত লোক কেইগৰাকীক নিজৰ ক'ফি বাগানত বন্দী কৰি ৰাখি অত্যাচাৰ চলোৱাৰ বিষয়ে আৰক্ষী থানাত  এটা গোচৰ ৰুজু কৰা হৈছে ।

 অত্যাচাৰৰ ফলত গৰ্ভপাত হোৱা মহিলাগৰাকীক জিলা চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হৈছে। জগদীশ গৌড়া আৰু তেওঁৰ পুত্ৰ তিলক গৌড়াৰ বিৰুদ্ধে দলিতসকলক বন্দী কৰি ৰাখি অত্যাচাৰ চলোৱাৰ  অভিযোগত গোচৰ ৰুজু কৰা হৈছে। দুয়ো বৰ্তমান পলাতক অৱস্থাত আছে ।

আৰক্ষীয়ে অভিযুক্তৰ সন্ধান উলিয়াবলৈ অভিযান চলাই আছে। বিজেপিয়ে এনে ঘটনাৰ পিছতে সাংবাদিকৰ কোনো প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত আছে। বিজেপিৰ  এগৰাকী মুখপাত্ৰ বৰাসিদ্ধি বেণুগোপালে মাত্ৰ কৈছে যে জগদীশ দলৰ নেতা নহয়, তেওঁ কেৱল এজন বিজেপি সমৰ্থকহে।  উল্লেখ্য বিজেপি নেতাজনৰ  জেনুগাদ্দে গাঁৱৰ ক'ফি  খেতিত দৈনিক হাজিৰা ভিত্তিত শ্ৰমিকে কাম কৰে। একাংশ শ্ৰমিকে  বালেহোন্নুৰ আৰক্ষী থানালৈ আহি তেওঁলোকৰ সতীৰ্থ  একাংশক  জগদীশ গৌড়াই অত্যাচাৰ কৰি থকাৰ অভিযোগ উত্থাপন কৰিছিল। 

কিন্তু আচৰিত ভাবে পিছত তেওঁলোকে অভিযোগটো প্ৰত্যাহাৰ কৰে।  আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলী পৰিদৰ্শন কৰিছে। আৰক্ষীয়ে ১০ জন মান লোকক এটা কোঠাৰ পৰা উদ্ধাৰ কৰে।  তেওঁলোকক যোৱা ১৫ দিন ধৰি গৃহবন্দী কৰি ৰখা হৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। অভিযোগ অনুসৰি জগদীশ গৌড়াই প্ৰহাৰ কৰা মহিলাগৰাকী  দুমাহৰ গৰ্ভৱতী আছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক