--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৰালাত চিকিৎসক দম্পতীয়ে নৰবলি দিয়াৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰনৌযাওতেই এইবাৰ সাইলাখ ঘটনাই ঘটিছে পশ্চিমবংগত। তন্ত্ৰ মন্ত্ৰ ,সাধনাৰ নামত  মালদাত এগৰাকী ন বছৰীয়া ছোৱালীক প্ৰথমে  ধৰ্ষণ কৰি বলি দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বুধবাৰে সন্ধিয়াৰে পৰা শিশুটি সন্ধানহীন হৈ আছিল।স্থানীয় বাসিন্দাসকলে তেওঁক সমগ্ৰ অঞ্চলটোত বিচাৰিও কোনো সন্ধান পোৱা নাছিল । বুধবাৰে নিশা প্ৰায় ৯ বজাত ছোৱালীজনীৰ ডিঙি কাটি থোৱা মৃতদেহটো  ঘৰৰ পৰা অলপ আঁতৰত থকা পুখুৰীৰ পাৰত উদ্ধাৰ হয়।

এজন যুৱকে তন্ত্ৰ মন্ত্ৰ শিকিবলৈ এগৰাকী ৯ বছৰীয়া ছোৱালীক বলি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাটো মালদাৰ চঞ্চল আৰক্ষী থানাৰ গৌৰহান্দ অঞ্চলত সংঘটিত হৈছে। স্থানীয় বাসিন্দাসকলে শিশুটোৰ মৃতদেহ উদ্ধাৰ  কৰাৰ পিছতে উত্তেজনা বিয়পি পৰে। । ঘটনাটোত জড়িত থকাৰ সন্দেহত ২০ বছৰ বয়সৰ বিক্ৰম ভগত নামৰ এজন স্থানীয় যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। 

স্থানীয় ৰাইজে যুৱকজনক  প্ৰচণ্ড ভাৱে প্ৰহাৰ কৰে। পিছত চঞ্চল আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু অভিযুক্তজনক উদ্ধাৰ কৰে।
 
স্থানীয় বাসিন্দাসকলৰ মতে, শিশুটোক শেষবাৰৰ বাবে বিক্ৰমৰ সৈতে দেখা গৈছিল। সন্দেহৰ ভিত্তিত   তেওঁলোকে বিক্ৰমক আটক কৰিছিল আৰু ঘটনাটোত যুৱকজন জৰিত থকাৰ প্ৰমাণো প্ৱা গৈছিল। অভিযুক্তজনৰ ঘৰো ৰাইজে ভাঙি পেলায়।  যুৱকজনে দীৰ্ঘ দিন ধৰি তন্ত্ৰ-মন্ত্ৰৰ সাধনা কৰি অহা বুলিও ৰাইজে প্ৰকাশ কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু