--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৰালাত চিকিৎসক দম্পতীয়ে নৰবলি দিয়াৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰনৌযাওতেই এইবাৰ সাইলাখ ঘটনাই ঘটিছে পশ্চিমবংগত। তন্ত্ৰ মন্ত্ৰ ,সাধনাৰ নামত  মালদাত এগৰাকী ন বছৰীয়া ছোৱালীক প্ৰথমে  ধৰ্ষণ কৰি বলি দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বুধবাৰে সন্ধিয়াৰে পৰা শিশুটি সন্ধানহীন হৈ আছিল।স্থানীয় বাসিন্দাসকলে তেওঁক সমগ্ৰ অঞ্চলটোত বিচাৰিও কোনো সন্ধান পোৱা নাছিল । বুধবাৰে নিশা প্ৰায় ৯ বজাত ছোৱালীজনীৰ ডিঙি কাটি থোৱা মৃতদেহটো  ঘৰৰ পৰা অলপ আঁতৰত থকা পুখুৰীৰ পাৰত উদ্ধাৰ হয়।

এজন যুৱকে তন্ত্ৰ মন্ত্ৰ শিকিবলৈ এগৰাকী ৯ বছৰীয়া ছোৱালীক বলি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাটো মালদাৰ চঞ্চল আৰক্ষী থানাৰ গৌৰহান্দ অঞ্চলত সংঘটিত হৈছে। স্থানীয় বাসিন্দাসকলে শিশুটোৰ মৃতদেহ উদ্ধাৰ  কৰাৰ পিছতে উত্তেজনা বিয়পি পৰে। । ঘটনাটোত জড়িত থকাৰ সন্দেহত ২০ বছৰ বয়সৰ বিক্ৰম ভগত নামৰ এজন স্থানীয় যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। 

স্থানীয় ৰাইজে যুৱকজনক  প্ৰচণ্ড ভাৱে প্ৰহাৰ কৰে। পিছত চঞ্চল আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু অভিযুক্তজনক উদ্ধাৰ কৰে।
 
স্থানীয় বাসিন্দাসকলৰ মতে, শিশুটোক শেষবাৰৰ বাবে বিক্ৰমৰ সৈতে দেখা গৈছিল। সন্দেহৰ ভিত্তিত   তেওঁলোকে বিক্ৰমক আটক কৰিছিল আৰু ঘটনাটোত যুৱকজন জৰিত থকাৰ প্ৰমাণো প্ৱা গৈছিল। অভিযুক্তজনৰ ঘৰো ৰাইজে ভাঙি পেলায়।  যুৱকজনে দীৰ্ঘ দিন ধৰি তন্ত্ৰ-মন্ত্ৰৰ সাধনা কৰি অহা বুলিও ৰাইজে প্ৰকাশ কৰিছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক