--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে ভাৰতীয় জনতা পাৰ্টিৰ  ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে  তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে বিজেপি নেতাৰ কন্যাই মুছলমানক বিবাহ কৰালে প্ৰেম বুলি কোৱা হয়। কিন্তু আনে কৰিলে ইয়াক ‘লাভ জেহাদ’ বুলি অভিহিত কৰা হয়।

ছট্টিশগড়ৰ বিলাসপুৰ চহৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ বিৰুদ্ধে আন কেইবাটাও অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিগত সপ্তাহত বেমেতাৰা জিলাৰ বীৰাণপুৰ গাঁৱত সংঘটিত হোৱা সাম্প্ৰদায়িক হিংসাৰ ৰাজনৈতিক সুবিধা ল’বলৈ বিজেপিয়ে চেষ্টা কৰা বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ কৰাৰ অন্তত মুখ্যমন্ত্ৰী বাঘেলে কয় যে উপায়ুক্ত পৰ্যায়ৰ বিষয়াসকলে বিষয়টো তদন্ত কৰি আছে। মৃতকৰ পৰিয়ালৰ এজন সদস্যক চাকৰি দিয়াৰ লগতে ১০ লাখ টকাৰ সাহায্য দিয়া হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী বাঘেলে।

মুখ্যমন্ত্ৰী বাঘেলে সাংবাদিকক প্ৰশ্ন কৰে, “বিজেপিয়ে লাভ জেহাদৰ কথা কয়। যেতিয়া বিজেপিৰ জ্যেষ্ঠ নেতাৰ কন্যা সন্তানক মুছলমানৰ সৈতে বিয়া দিয়ে এইটো কিয় লাভ জেহাদৰ ভিতৰত নপৰে? আপোনালোকে সোধক যে ছট্টিশগড়ৰ বিজেপিৰ সবাতোতকৈ জ্যেষ্ঠ নেতাৰ কন্যা কাৰ লগত বিয়া হৈছে। এইটো লাভ জেহাদ নহয় নেকি? তেওঁ বিজেপি নেতা কন্যা হোৱাৰ বাবে এয়া প্ৰেম আৰু আনে এনে কৰিলে সেয়া জেহাদ হয়।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস