--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হৈছে ৰাজনীতিবিদ আতিক আহমেদৰ পুত্ৰ আছাদ। ঝাঁছীত আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ (এছটিএফ)-এ হত্যা কৰে আছাদক।

উল্লেখ্য যে অধিবক্তা উমেশ পালৰ হত্যাকাণ্ডৰ গোচৰৰ মূল অভিযুক্ত আছিল আছাদ। আৰক্ষীয়ে বিচাৰি থকাৰ সময়তে নিজকে গেংষ্টাৰ ৰূপে গঢ়ি তুলিছিল আছাদে।

গোচৰ সন্দৰ্ভত আছাদ আৰু আন এজন অভিযুক্ত গুলামক উমেশ পাল হত্যাকাণ্ডৰ গোচৰত বিচাৰি থকা হৈছিল। তেওঁলোকক ধৰি দিয়াৰ বাবদ আৰক্ষীয়ে ৫ লাখ টকাকৈ পুৰস্কাৰো ঘোষণা কৰিছিল।

অৱশেষত পুলিচৰ অভিযানত এনকাউণ্টাৰত মৃত্যু হয় আছাদৰ। আৰক্ষীয়ে আছাদৰ পৰা এটা ব্ৰিটিছ বুলডগ ৰিভলভাৰ, ৪৫৫ ব’ৰ আৰু ৱালথাৰ পি ৮৮, ৭.৬৩ ব’ৰ পিষ্টল উদ্ধাৰ কৰে।

এনকাউণ্টাৰত আছাদক হত্যা কৰা ঘটনা সন্দৰ্ভত আতিক আহমেদ আৰু তেওঁৰ ভাতৃক প্ৰয়াগৰাজৰ আদালতত হাজিৰ কৰা হৈছিল।

স্মৰ্তব্য যে ২০০৫ চনত বহুজন সমাজ পাৰ্টিৰ সাংসদ ৰাজু পালৰ হত্যাকাণ্ডৰ সাক্ষী আছিল উমেশ পাল। সাক্ষী নোহোৱা কৰাৰ উদ্দেশ্যে ২৪ ফেব্ৰুৱাৰীত প্ৰয়াগৰাজত উমেশ পাল আৰু তেওঁৰ দুই নিৰাপত্তাৰক্ষীক গুলীয়াই হত্যা কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস