--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হৈছে ৰাজনীতিবিদ আতিক আহমেদৰ পুত্ৰ আছাদ। ঝাঁছীত আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ (এছটিএফ)-এ হত্যা কৰে আছাদক।

উল্লেখ্য যে অধিবক্তা উমেশ পালৰ হত্যাকাণ্ডৰ গোচৰৰ মূল অভিযুক্ত আছিল আছাদ। আৰক্ষীয়ে বিচাৰি থকাৰ সময়তে নিজকে গেংষ্টাৰ ৰূপে গঢ়ি তুলিছিল আছাদে।

গোচৰ সন্দৰ্ভত আছাদ আৰু আন এজন অভিযুক্ত গুলামক উমেশ পাল হত্যাকাণ্ডৰ গোচৰত বিচাৰি থকা হৈছিল। তেওঁলোকক ধৰি দিয়াৰ বাবদ আৰক্ষীয়ে ৫ লাখ টকাকৈ পুৰস্কাৰো ঘোষণা কৰিছিল।

অৱশেষত পুলিচৰ অভিযানত এনকাউণ্টাৰত মৃত্যু হয় আছাদৰ। আৰক্ষীয়ে আছাদৰ পৰা এটা ব্ৰিটিছ বুলডগ ৰিভলভাৰ, ৪৫৫ ব’ৰ আৰু ৱালথাৰ পি ৮৮, ৭.৬৩ ব’ৰ পিষ্টল উদ্ধাৰ কৰে।

এনকাউণ্টাৰত আছাদক হত্যা কৰা ঘটনা সন্দৰ্ভত আতিক আহমেদ আৰু তেওঁৰ ভাতৃক প্ৰয়াগৰাজৰ আদালতত হাজিৰ কৰা হৈছিল।

স্মৰ্তব্য যে ২০০৫ চনত বহুজন সমাজ পাৰ্টিৰ সাংসদ ৰাজু পালৰ হত্যাকাণ্ডৰ সাক্ষী আছিল উমেশ পাল। সাক্ষী নোহোৱা কৰাৰ উদ্দেশ্যে ২৪ ফেব্ৰুৱাৰীত প্ৰয়াগৰাজত উমেশ পাল আৰু তেওঁৰ দুই নিৰাপত্তাৰক্ষীক গুলীয়াই হত্যা কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল