--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘পাঠান’ ছবিখনক লৈ বিতৰ্কৰ অন্ত নাই। মুক্তিৰ দিন চমু চাপি যোৱাৰ লগে লগে পাঠান ছবিক লৈ বিতৰ্কৰ জুই যেন বাঢ়িছে। সেই হিচাপে সোমবাৰে পাঠান সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে এক নতুন নিৰ্দেশ জাৰি কৰে। পাঠান প্ৰডাকচন কোম্পানী যশৰাজক দিল্লী উচ্চ ন্যায়ালয়ে জনাইছে যে এই ছবিখনৰ অ’টি মুক্তিৰ বাবে বিশেষ নিৰ্দেশনা মানি চলিব লাগিব। দিল্লী উচ্চ ন্যায়ালয়ে কয় যে অ’টিটি মুক্তিৰ পূৰ্বে ছবিখনৰ উপশিৰোনামা আগতীয়াকৈ জমা দিব লাগিব। কাৰণ, এই ব্যৱস্থা এইকাৰণেই কৰা হৈছে যাতে উপশিৰোনামাত ভুল তথ্য দেখা নাযায় । ইয়াৰ উপৰিও চেন্সৰ ব’ৰ্ডৰ ক্লিয়াৰেন্সো জমা দিবলৈ কোৱা হৈছে।

দিল্লী উচ্চ ন্যায়ালয়ে ‘পাঠান’ সন্দৰ্ভত নতুন নিৰ্দেশ জাৰি কৰি কয় যে পাথানৰ প্ৰযোজক যশ ৰাজ ফিল্মছে অ’টিটি মুক্তিৰ বাবে ছবিখনত বহু নতুন পৰিৱৰ্তন কৰিব লাগিব। ‘পাঠান’ৰ অ’টিটি মুক্তিৰ বাবে হিন্দী ভাষাৰ দেৱনাগৰী লিপিত অডিঅ’ ডেচক্ৰিপচন, ক্ল’জ কেপচনিং আৰু চাব-টাইটেল প্ৰস্তুত কৰিব লাগিব। যাতে দৃষ্টিশক্তিহীন লোকসকলেও এই ছবিখন চাব পাৰে।

আচলতে ‘পাঠান’ ছবিৰ ‘বেশৰাম ৰং’ গীতটোক লৈ বিতৰ্কৰ অন্ত নাই। ফলত সিদ্ধাৰ্থ আনন্দৰ ছবিখন চেন্সৰ ব’ৰ্ডৰ তদাৰকীৰ আওতালৈ আহিল। চেন্সৰ ব’ৰ্ডে এতিয়াও কোনো কথা ঘোষণা কৰা নাই। কিন্তু চেন্সৰ ব’ৰ্ডৰ প্ৰতিবেদন সকলোতে ভাইৰেল হৈ পৰিছে। অৱশ্যে এই ভাইৰেল ৰিপৰ্ট সঁচা নে নহয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

প্ৰতিবেদন অনুসৰি চেন্সৰ ব’ৰ্ডে ১০টাতকৈও অধিক দৃশ্য কাটিবলৈ ওলাইছে। ছবিখনৰ কেইবাটাও সংলাপ সলনি কৰিব লাগিব। কমেও ১৩ টা ঠাইত PMO অৰ্থাৎ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ কথা উল্লেখ আছে। সেইবোৰো সলনি কৰিব লাগিব। 'বেশৰাম ৰং' গীতটো বাদ দিয়া নহ'ব। কিন্তু গীতটোৰ নৃত্যৰ দৃশ্যটো হয়তো অলপ সলনি কৰিব লাগিব। যৌন আকৰ্ষণেৰে ভৰা নৃত্যৰ ভংগীমাত কিছু পৰিৱৰ্তন হ’ব। কিন্তু গেৰুৱা বিকিনিত কোনো পৰিৱৰ্তন নহ’ব। অৱশ্যে এই ভাইৰেল প্ৰতিবেদনৰ সত্যতা মানি লোৱা নাছিল চেন্সৰ ব’ৰ্ডে।

১২ নৱেম্বৰত মুক্তি পালে ‘পথান’ ছবিৰ প্ৰথমটো গীত ‘বেশৰাম ৰং’। তেতিয়াৰ পৰাই আৰম্ভ হৈছে বিতৰ্ক। গীতটোৰ দৃশ্যটো শ্বেয়াৰ কৰি ছবিখন বৰ্জনৰ আহ্বান জনোৱা হয়। ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈ আছে ‘বয়কট পাথান’। গীতটোত অশ্লীলতাৰ অভিযোগ উত্থাপন হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক