--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ বনাম বিজেপিৰ আই টি চেলৰ খেলখন অধিক আকৰ্ষণীয় হৈ উঠিছে৷শেহতীয়াকৈ কৰ্ণাটকৰ কংগ্ৰেছ নেতা ৰমেশ বাবুৱে বুধবাৰ অৰ্থাৎ ২৮ জুন তাৰিখে ভাৰতীয় জনতা পাৰ্টীৰ আই টি চেলৰ মুৰব্বী অমিত মালব্যৰ বিৰুদ্ধে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ওপৰত কৰা টুইটৰ বাবে বেংগালুৰুৰ হাই গ্ৰাউণ্ড থানাত এফ আই আৰ দাখিল কৰে। কংগ্ৰেছ নেতাগৰাকীয়ে মালব্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধিৰ ১৫৩এ, ১২০বি, ৫০৫(২), ৩৪ ধাৰাত এফআইআৰ ৰুজু কৰে।

যদিও এফআইআৰ কি টুইট সন্দৰ্ভত দাখিল কৰা হৈছিল সেই বিষয়ে স্পষ্ট নহয়, শেহতীয়াকৈ অমিত মালব্যই ৰাহুল গান্ধীৰ আমেৰিকা ভ্ৰমণৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি ৰাহুলে ‘কূটনৈতিক খেল’ খেলি থকাৰ অভিযোগ উত্থাপন কৰিছে।

কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংক খৰ্গেই কয় যে এই গোচৰটো আইনী মতামত বিচাৰি দাখিল কৰা হৈছে। সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কংগ্ৰেছ মন্ত্ৰীগৰাকীয়ে কয় যে, বিজেপিয়ে যেতিয়াই আইনৰ সন্মুখীন হ’বলৈ কোৱা হয় তেতিয়াই সদায় কান্দে।তেওঁলোকৰ দেশৰ আইন মানি চলাত সমস্যা হয়।


ইপিনে প্ৰিয়ংক খৰ্গেৰ মন্তব্যক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দক্ষিণ বেংগালুৰুৰ সাংসদ তেজস্বী সূৰ্যই কয় যে এই গোচৰটো ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু এই বিষয়ত ন্যায়ৰ বাবে বিজেপিয়ে আদালতত প্ৰত্যাহ্বান জনাব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে