--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ বনাম বিজেপিৰ আই টি চেলৰ খেলখন অধিক আকৰ্ষণীয় হৈ উঠিছে৷শেহতীয়াকৈ কৰ্ণাটকৰ কংগ্ৰেছ নেতা ৰমেশ বাবুৱে বুধবাৰ অৰ্থাৎ ২৮ জুন তাৰিখে ভাৰতীয় জনতা পাৰ্টীৰ আই টি চেলৰ মুৰব্বী অমিত মালব্যৰ বিৰুদ্ধে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ওপৰত কৰা টুইটৰ বাবে বেংগালুৰুৰ হাই গ্ৰাউণ্ড থানাত এফ আই আৰ দাখিল কৰে। কংগ্ৰেছ নেতাগৰাকীয়ে মালব্যৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধিৰ ১৫৩এ, ১২০বি, ৫০৫(২), ৩৪ ধাৰাত এফআইআৰ ৰুজু কৰে।

যদিও এফআইআৰ কি টুইট সন্দৰ্ভত দাখিল কৰা হৈছিল সেই বিষয়ে স্পষ্ট নহয়, শেহতীয়াকৈ অমিত মালব্যই ৰাহুল গান্ধীৰ আমেৰিকা ভ্ৰমণৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি ৰাহুলে ‘কূটনৈতিক খেল’ খেলি থকাৰ অভিযোগ উত্থাপন কৰিছে।

কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংক খৰ্গেই কয় যে এই গোচৰটো আইনী মতামত বিচাৰি দাখিল কৰা হৈছে। সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কংগ্ৰেছ মন্ত্ৰীগৰাকীয়ে কয় যে, বিজেপিয়ে যেতিয়াই আইনৰ সন্মুখীন হ’বলৈ কোৱা হয় তেতিয়াই সদায় কান্দে।তেওঁলোকৰ দেশৰ আইন মানি চলাত সমস্যা হয়।


ইপিনে প্ৰিয়ংক খৰ্গেৰ মন্তব্যক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দক্ষিণ বেংগালুৰুৰ সাংসদ তেজস্বী সূৰ্যই কয় যে এই গোচৰটো ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু এই বিষয়ত ন্যায়ৰ বাবে বিজেপিয়ে আদালতত প্ৰত্যাহ্বান জনাব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু