--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলে মুম্বাইত অনুষ্ঠিত এক অনুষ্ঠানত ২৭ জুনত ভাৰতত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ আনুষ্ঠানিক সময়সূচী ঘোষণা কৰিছে। ৫ অক্টোবৰৰ পৰা ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব এই মেগা ইভেণ্ট। ভাৰতৰ ১০খন ভিন্ন চহৰৰ ষ্টেডিয়ামত আয়োজন কৰা এই প্ৰতিযোগিতাত মুঠ ৪৮খন খেল অনুষ্ঠিত হ’ব। বিশ্বকাপৰ সূচী ওলোৱাৰ পিছত এতিয়া কংগ্ৰেছ নেতা তথা সাংসদ শশী থাৰুৰে কেৰালাই এখনো মেচ নোপোৱাত দুখ প্ৰকাশ কৰিছে।

ভাৰতৰ মাত্ৰ ১০খন চহৰতে এদিনীয়া বিশ্বকাপৰ খেলৰ আয়োজন কৰা হৈছে। আনহাতে, সূচী ওলোৱাৰ পাছত কংগ্ৰেছ নেতা শশী থাৰুৰে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰাত কাৰ্পণ্য নকৰিলে। থাৰুৰে এটা টুইটযোগে লিখিছে যে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ষ্টেডিয়াম বুলি গণ্য কৰা তিৰুৱনন্তপুৰমৰ ষ্টেডিয়ামখন দেখি থাৰুৰ অতি হতাশাজনক। কাৰণ তাত এদিনীয়া বিশ্বকাপৰ এখনো মেচ অনুষ্ঠিত হোৱা নাই।

শশী থাৰুৰে তেওঁৰ টুইটত লিখিছে যে আহমেদাবাদ এতিয়া দেশৰ ক্ৰিকেটৰ নতুন ৰাজধানী হৈ পৰিছে। এই মেগা ইভেণ্টত কেৰালাক এখন বা ২খন মেচ দিব নোৱাৰিলেহেঁতেননে? উল্লেখযোগ্য যে এদিনীয়া বিশ্বকাপৰ অনুশীলন মেচ তিৰুৱনন্তপুৰমত আয়োজন কৰা হ'ব। ২৯ ছেপ্টেম্বৰৰ পৰা ৩ অক্টোবৰলৈ গুৱাহাটী আৰু তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ’ব এদিনীয়া বিশ্বকাপৰ অনুশীলন মেচ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে