--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলে মুম্বাইত অনুষ্ঠিত এক অনুষ্ঠানত ২৭ জুনত ভাৰতত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ আনুষ্ঠানিক সময়সূচী ঘোষণা কৰিছে। ৫ অক্টোবৰৰ পৰা ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব এই মেগা ইভেণ্ট। ভাৰতৰ ১০খন ভিন্ন চহৰৰ ষ্টেডিয়ামত আয়োজন কৰা এই প্ৰতিযোগিতাত মুঠ ৪৮খন খেল অনুষ্ঠিত হ’ব। বিশ্বকাপৰ সূচী ওলোৱাৰ পিছত এতিয়া কংগ্ৰেছ নেতা তথা সাংসদ শশী থাৰুৰে কেৰালাই এখনো মেচ নোপোৱাত দুখ প্ৰকাশ কৰিছে।

ভাৰতৰ মাত্ৰ ১০খন চহৰতে এদিনীয়া বিশ্বকাপৰ খেলৰ আয়োজন কৰা হৈছে। আনহাতে, সূচী ওলোৱাৰ পাছত কংগ্ৰেছ নেতা শশী থাৰুৰে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰাত কাৰ্পণ্য নকৰিলে। থাৰুৰে এটা টুইটযোগে লিখিছে যে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ষ্টেডিয়াম বুলি গণ্য কৰা তিৰুৱনন্তপুৰমৰ ষ্টেডিয়ামখন দেখি থাৰুৰ অতি হতাশাজনক। কাৰণ তাত এদিনীয়া বিশ্বকাপৰ এখনো মেচ অনুষ্ঠিত হোৱা নাই।

শশী থাৰুৰে তেওঁৰ টুইটত লিখিছে যে আহমেদাবাদ এতিয়া দেশৰ ক্ৰিকেটৰ নতুন ৰাজধানী হৈ পৰিছে। এই মেগা ইভেণ্টত কেৰালাক এখন বা ২খন মেচ দিব নোৱাৰিলেহেঁতেননে? উল্লেখযোগ্য যে এদিনীয়া বিশ্বকাপৰ অনুশীলন মেচ তিৰুৱনন্তপুৰমত আয়োজন কৰা হ'ব। ২৯ ছেপ্টেম্বৰৰ পৰা ৩ অক্টোবৰলৈ গুৱাহাটী আৰু তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ’ব এদিনীয়া বিশ্বকাপৰ অনুশীলন মেচ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু