--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক বৃহৎ বিত্তীয় খেলিমেলিৰ সৈতে নাম সাঙোৰ খাইছে জি এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজৰ৷প্ৰতিষ্ঠানটোৰ একাউণ্টত ২০ বিলিয়ন টকা (২৪১.৩৬ মিলিয়ন ডলাৰ)তকৈ অধিক মূল্যৰ অনিয়ম উদ্ধাৰ কৰিছে ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ডে। 

বুধবাৰে ব্লুমবাৰ্গ নিউজে সূত্ৰৰ উদ্ধৃতি দি এই তথ্য প্ৰদান কৰে। যোৱা বছৰ অৰ্থাৎ ২০২৩ চনত বজাৰ নিয়ন্ত্ৰক সংস্থাটোৱে কৈছিল যে জি গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ সুভাষ চন্দ্ৰ আৰু চিইঅ’ পুনিত গোৱেংকাই কোম্পানীটোৰ ধন গোটটোৰ অন্যান্য তালিকাভুক্ত কোম্পানীসমূহত বিনিয়োগ কৰি আছিল


উল্লেখ্য যে দুয়োজনে সকলো অভিযোগ অস্বীকাৰ কৰিছে।ব্লুমবাৰ্গৰ প্ৰতিবেদন অনুসৰি ছেবিয়ে সংগ্ৰহ কৰা ২৪১ মিলিয়ন ডলাৰৰ পৰিমাণ প্ৰাৰম্ভিক অনুমানতকৈ প্ৰায় ১০গুণ বেছি আছিল। প্ৰতিবেদনত কোৱা হৈছে যে কোম্পানীটোৰ বিষয়াসকলৰ সঁহাৰি পৰ্যালোচনা কৰি পুনৰীক্ষণ কৰিব পৰা যাব।অৱশ্যে সংবাদ সংস্থা ৰয়টাৰে সোধাৰ সময়ত ছেবিয়ে কোনো মন্তব্য কৰা নাছিল। আনহাতে জিয়ে কয় যে ছেবিয়ে বিচৰা সকলো তথ্য প্ৰদানৰ প্ৰক্ৰিয়া চলি আছে।


স্মৰ্তব্য যে ২০২৪ চনৰ জানুৱাৰী মাহত জাপানৰ চনী গ্ৰুপে কিছু নেতৃত্বৰ বিবাদ আৰু অমীমাংসিত বন্ধৰ চৰ্ত ঘোষণা কৰিছিল ইয়াৰ বাবেই জিৰ সৈতে ১০ বিলিয়ন ডলাৰৰ একত্ৰীকৰণ চুক্তি বন্ধ কৰা হয়। ইয়াৰ ভিতৰত গোৱেংকাৰ নিয়ন্ত্ৰণমূলক বিষয়ত জড়িত হোৱাৰ সন্দৰ্ভতো মতানৈক্য আছিল।মঙলবাৰে (২০ ফেব্ৰুৱাৰী ২০২৪) ইকনমিক টাইমছৰ এক প্ৰতিবেদনত কোৱা হৈছে যে জিয়ে পুনৰবাৰ ছ’নীৰ সৈতে চুক্তিৰ বাবে শেষ প্ৰচেষ্টা আৰম্ভ কৰিছে। 

উল্লেখ্য যে অক্টোবৰ মাহত ভাৰতীয় ন্যায়াধিকৰণে গোৱেংকাৰ ওপৰত ব’ৰ্ডৰ পদত অধিষ্ঠিত হোৱা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছিল।ছেবিৰ সৈতে জড়িত এই খবৰ অহাৰ লগে লগে জিৰ শ্বেয়াৰ বৃহৎ পৰিমাণে হ্ৰাস পায়। মঙলবাৰে ৮ শতাংশ বৃদ্ধি পোৱাৰ পাছত বুধবাৰে পুনৰ হ্ৰাস পায় জিৰ শ্বেয়াৰ। ব্যৱসায় বন্ধ হোৱাৰ সময়ত জি এণ্টাৰটেইনমেণ্ট লিমিটেডৰ শ্বেয়াৰ ১৪.০২ শতাংশ হ্ৰাস পাই ১৬৫.৬৫ টকাত উপনীত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ