--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী বিজেপি নেতাৰ যৌন কেলেংকাৰীৰ টেপ সম্প্ৰচাৰ কৰাৰ বাবে এতিয়া চৰকাৰৰ ৰোষত পৰিছে এটি টিভি নিউজ চেনেল। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে মাৰাঠী নিউজ চেনেল 'লোকশাহী'ৰ অনুজ্ঞাপত্ৰ ৩০ দিনৰ বাবে নিলম্বন কৰিছে ।

 চৰকাৰে এইবুলি কৈছে যে  চেনেলটোৰ অপাৰেটৰসকল সেই সকল ব্যক্তি নহয় যাৰ নামত অনুজ্ঞাপত্ৰ জাৰি কৰা হৈছিল,  যোৱা বছৰ চেনেলটোৱে বিজেপি নেতা কিৰিট চোমায়াৰ এটা  যৌন কেলেংকাৰীৰ টেপসম্প্ৰচাৰকৰাৰ বাবে  ৭২  ঘণ্টাৰ নিলম্বনৰ জাননী লাভ কৰিছিল।

২০২৩ চনৰ ১৭ জুলাইত বিজেপি নেতা কিৰিট চোমায়াৰ বিষয়ে প্ৰতিবেদন সম্প্ৰচাৰ কৰাৰ বাবে  যোৱা বছৰৰ ছেপ্টেম্বৰত মন্ত্ৰালয়ে চেনেলটোলৈ নিলম্বনৰ জাননী প্ৰেৰণ কৰিছিল।

সেই সময়ত নিউজ চেনেলটোৱে মাত্ৰ ৭২  ঘণ্টাৰ বাবে নিলম্বনৰ জাননী লাভ কৰিছিল। চেনেলটোৱে ইয়াৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন  কৰিছিল। আদালতে নিলম্বনৰ  আদেশটো বাতিল কৰিছিল।চেনেলটোৱে ইয়াৰ  প্ৰাইম-টাইম বাতৰিত  বিজেপি নেতা সোমিয়াৰ এটা  যৌন ভিডিঅ'ৰ বিষয়ে প্ৰতিবেদন প্ৰকাশ কৰিছিল। 

ইয়াৰ পিছতে  সোমিয়াই মুম্বাই আৰক্ষী, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু ভাৰতীয় টেলিকম নিয়ামক কৰ্তৃপক্ষৰ (ট্ৰাই) ওচৰত অভিযোগ দাখিল কৰিছিল। একে সময়তে, তেওঁ বোম্বাই উচ্চ ন্যায়ালয়ৰো কাষ চাপিছিল আৰু কৈছিল যে ইয়াৰ ফলত তেওঁৰ ভাবমূৰ্তি কলুষিত হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু