--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী বিজেপি নেতাৰ যৌন কেলেংকাৰীৰ টেপ সম্প্ৰচাৰ কৰাৰ বাবে এতিয়া চৰকাৰৰ ৰোষত পৰিছে এটি টিভি নিউজ চেনেল। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে মাৰাঠী নিউজ চেনেল 'লোকশাহী'ৰ অনুজ্ঞাপত্ৰ ৩০ দিনৰ বাবে নিলম্বন কৰিছে ।

 চৰকাৰে এইবুলি কৈছে যে  চেনেলটোৰ অপাৰেটৰসকল সেই সকল ব্যক্তি নহয় যাৰ নামত অনুজ্ঞাপত্ৰ জাৰি কৰা হৈছিল,  যোৱা বছৰ চেনেলটোৱে বিজেপি নেতা কিৰিট চোমায়াৰ এটা  যৌন কেলেংকাৰীৰ টেপসম্প্ৰচাৰকৰাৰ বাবে  ৭২  ঘণ্টাৰ নিলম্বনৰ জাননী লাভ কৰিছিল।

২০২৩ চনৰ ১৭ জুলাইত বিজেপি নেতা কিৰিট চোমায়াৰ বিষয়ে প্ৰতিবেদন সম্প্ৰচাৰ কৰাৰ বাবে  যোৱা বছৰৰ ছেপ্টেম্বৰত মন্ত্ৰালয়ে চেনেলটোলৈ নিলম্বনৰ জাননী প্ৰেৰণ কৰিছিল।

সেই সময়ত নিউজ চেনেলটোৱে মাত্ৰ ৭২  ঘণ্টাৰ বাবে নিলম্বনৰ জাননী লাভ কৰিছিল। চেনেলটোৱে ইয়াৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন  কৰিছিল। আদালতে নিলম্বনৰ  আদেশটো বাতিল কৰিছিল।চেনেলটোৱে ইয়াৰ  প্ৰাইম-টাইম বাতৰিত  বিজেপি নেতা সোমিয়াৰ এটা  যৌন ভিডিঅ'ৰ বিষয়ে প্ৰতিবেদন প্ৰকাশ কৰিছিল। 

ইয়াৰ পিছতে  সোমিয়াই মুম্বাই আৰক্ষী, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু ভাৰতীয় টেলিকম নিয়ামক কৰ্তৃপক্ষৰ (ট্ৰাই) ওচৰত অভিযোগ দাখিল কৰিছিল। একে সময়তে, তেওঁ বোম্বাই উচ্চ ন্যায়ালয়ৰো কাষ চাপিছিল আৰু কৈছিল যে ইয়াৰ ফলত তেওঁৰ ভাবমূৰ্তি কলুষিত হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক