ডিজিটেল ডেস্কঃ অযোধ্যাত নির্মাণ হৈ থকা ৰাম মন্দিৰ ২২ জানুৱাৰীত উদ্বোধন হ’ব৷ এই সন্দৰ্ভত দেশত প্ৰচণ্ড উৎসাহ দেখিবলৈ পোৱা গৈছে। ৰাজনীতিৰ কেন্দ্ৰবিন্দুও হৈ পৰিছে ৰাম মন্দিৰৰ উদ্বোধন।
ইফালে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’ য’ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে ৰোল-কলৰ সময়ত ‘য়েচ ছাৰ’ বা ‘প্ৰেজেণ্ট ছাৰ’ কোৱাৰ সলনি ‘জয় শ্ৰী ৰাম’ বুলি কৈছে।
ভিডিঅ'টোত দেখা গৈছে যে শিক্ষকজনে ৰোল কৰাৰ সময়ত ছাত্ৰ-ছাত্ৰীয়ে 'জয় শ্ৰী ৰাম' বুলি কৈছে। এই দৃশ্য গুজৰাটৰ।
ৰাজ্যখনৰ বনসকান্থা জিলাৰ এখন বিদ্যালয়ৰ এই দৃশ্য ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ভিডিঅ’টোক কেন্দ্ৰ কৰি নানা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
যদিও ভিডিঅ’টোৰ সত্যতাৰ তথ্য পোৱা নাই, কিন্তু ৰাম মন্দিৰ নিৰ্মাণৰ পূৰ্বে এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু ইয়াৰ ওপৰত মানুহৰ পৰা বহু প্ৰতিক্ৰিয়া আহি আছে।