--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূৰ্তিত বিজেপিলৈ ৯টা প্ৰশ্ন আগবঢ়াইছে ভাৰতীয় জাতীয় কংগ্ৰেছে৷ নৱম বৰ্ষপূৰ্তি উপলক্ষে দলটোক সমালোচনাৰে থকা-সৰকা কৰিছে কংগ্ৰেছে৷ 

মোদী চৰকাৰৰ ৯টা বছৰক ব্যৰ্থতা আৰু দুৰ্দশাৰ বছৰ বুলি অভিহিত কৰিছে কংগ্ৰেছে৷ বিজেপিৰ বিৰুদ্ধে এই অভিযোগেৰে কংগ্ৰেছে প্ৰকাশ কৰিলে বিশেষ পুস্তিকা। 

দেশত মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাই কিয় ধাৰণ কৰিছে ভয়াৱহ ৰূপ? মোদী চৰকাৰলৈ এই প্ৰশ্ন কংগ্ৰেছৰ। দেশত ধনীক শ্ৰেণী নিতৌ ধনী হৈ গৈ আছে, বিপৰীতে দুখীয়া আৰু অধিক দুখীয়া হৈছে কিয়? কিয় দেশৰ সম্পত্তি এপদ এপদকৈ বিক্ৰী কৰিছে মোদী চৰকাৰে? 

কৃষকৰ আয় বিগত ৯ বৰ্ষত বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি দুগুণলৈ কিয় বৃদ্ধি নহ’ল? বিজেপিলৈ এনেদৰে ইটোৰ পাছত সিটো প্ৰশ্নবাণ নিক্ষেপ কৰিছে কংগ্ৰেছে। দেশৰ আভ্যন্তৰীণ নিৰাপত্তাক লৈয়ো প্ৰশ্ন তুলিলে কংগ্ৰেছে। চীনৰ অভ্যন্তৰত প্ৰৱেশ কৰাৰ পাছতো কিয় সেই কথা অস্বীকাৰ কৰি আহিছে মোদী চৰকাৰে। 

চৰকাৰলৈ এই প্ৰশ্ন দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ। বিজেপিৰ ৯ বছৰীয়া শাসনকালত দেশত বৃদ্ধি পাইছে ঘৃণা আৰু বিদ্বেষৰ বাতাবৰণ। দেশৰ জনতাৰ মাজত ধৰ্মীয় মেৰুকৰণেৰে বিভাজন ঘটাই বিজেপিয়ে কৰিছে নিকৃষ্ট ৰাজনীতি। বিজেপিৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ কংগ্ৰেছৰ। 

প্ৰধানমন্ত্ৰী মোদীক নিদ্ৰাৰ পৰা সাৰ পোৱাৰ আহ্বান দলটোৰ। নৱম বৰ্ষপূৰ্তিৰ দিনটোক ক্ষমাৰ দিৱস হিচাপে পালন কৰিব লাগে বিজেপিয়ে। দেশবাসীক এই দিনটোত প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হোৱাৰ বাবে ক্ষমা খুজিব লাগে দলটোৱে। বিজেপিক এই আহ্বান কংগ্ৰেছৰ। আজি সংবাদমেল সম্বোধন কৰি এইদৰে জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশ, সুপ্ৰিয়া শ্ৰীনাট, পৱন খেৰা আক্ৰমণাত্মক হৈ পৰে কংগ্ৰেছৰ বিৰুদ্ধে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস