--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰেণীৰ হোমৱৰ্ক কৰাত বিফল হোৱাৰ বাবেই এজন ছাত্ৰক শিক্ষকে বিদ্যালয়ৰ ছাদৰ পৰাই তললৈ পেলাই দিয়াৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  বিহাৰৰ মতিহাৰীৰ এজন বিদ্যালয়ৰ এজন  শিক্ষকে হোমৱৰ্ক সম্পূৰ্ণ নকৰাৰ বাবেই শিশু এটিক  প্ৰহাৰ কৰাৰ লগতে ছাদৰ পৰা পেলাই দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে।  

শিশুটিৰ পৰিয়ালে  কল্যাণপুৰ আৰক্ষী থানাত এই বিষয়ত  অভিযোগ দাখিল কৰিছে। ঘটনাটো বৃহস্পতিবাৰে সংঘটিত হৈছিল। অভিযুক্ত শিক্ষকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ঘটনাটোত গুৰুতৰভাবে আহত হোৱা  শিশুটিক  চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। শিশুটিৱে কল্যাণপুৰ বজাৰৰ এখন ব্যক্তিগত বিদ্যালয়ত অধ্যয়ন কৰে।বৰ্তমান শিশুটিৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। বৃহস্পতিবাৰে যেতিয়া শিশুটোৰ পিতৃ-মাতৃয়ে ঘটনাটোৰ বিষয়ে জানিব পাৰিছিল, তেওঁলোকে বিদ্যালয়ত গৈ উপস্থিত হৈছিল। তেওঁলোকে ছাদৰ পৰা পেলাই দিয়া শিশুটিক কল্যাণপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ গৈছিল। 

 শিশুটিক  ডাঃ সুজিত কুমাৰে প্ৰাথমিক চিকিৎসা কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে   মতিহাৰী সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ছাত্ৰ আয়ুষ কুমাৰৰ বয়স ছয় বছৰ বুলি জানিব পৰা গৈছে। তেওঁ বালুৱা গাঁৱৰ চন্দ্ৰ ভূষণ যাদৱৰ পুত্ৰ আৰু  এলকেজিত পঢ়ে।

হোমৱৰ্ক নকৰাৰ বাবেই  শিক্ষক ৰূপলাল দাসৰ খং উঠিছিল আৰু ছাত্ৰজনক প্ৰহাৰ কৰিছিল। ইয়াৰ পিছত তেওঁক বিদ্যালয়ৰ দ্বিতীয় মহলাৰ পৰা তললৈ দলিয়াই দিয়া হৈছিল। ঘটনাটোৰ বিষয়েঅভিযোগ পোৱাৰ পিছতে আৰক্ষী বিদ্যালয়ত উপস্থিত হৈছিল। ৰূপলাল দাস নামৰ শিক্ষকজন কল্যাণপুৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত শম্ভু চক পঞ্চায়তৰ খোখৰা গাঁৱৰ বাসিন্দা। 

তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনা সন্দৰ্ভত কল্যাণপুৰ আৰক্ষী থানাৰ বিষয়া ৰোহিত কুমাৰে কয় যে অভিযুক্ত  শিক্ষকজনক গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শিশুটোৰ পিতৃ চন্দ্ৰ ভূষণ যাদৱৰ  অভিযোগৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে  আৰু শুকুৰবাৰে  অভিযুক্ত শিক্ষকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল