--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰেণীৰ হোমৱৰ্ক কৰাত বিফল হোৱাৰ বাবেই এজন ছাত্ৰক শিক্ষকে বিদ্যালয়ৰ ছাদৰ পৰাই তললৈ পেলাই দিয়াৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  বিহাৰৰ মতিহাৰীৰ এজন বিদ্যালয়ৰ এজন  শিক্ষকে হোমৱৰ্ক সম্পূৰ্ণ নকৰাৰ বাবেই শিশু এটিক  প্ৰহাৰ কৰাৰ লগতে ছাদৰ পৰা পেলাই দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে।  

শিশুটিৰ পৰিয়ালে  কল্যাণপুৰ আৰক্ষী থানাত এই বিষয়ত  অভিযোগ দাখিল কৰিছে। ঘটনাটো বৃহস্পতিবাৰে সংঘটিত হৈছিল। অভিযুক্ত শিক্ষকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ঘটনাটোত গুৰুতৰভাবে আহত হোৱা  শিশুটিক  চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। শিশুটিৱে কল্যাণপুৰ বজাৰৰ এখন ব্যক্তিগত বিদ্যালয়ত অধ্যয়ন কৰে।বৰ্তমান শিশুটিৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। বৃহস্পতিবাৰে যেতিয়া শিশুটোৰ পিতৃ-মাতৃয়ে ঘটনাটোৰ বিষয়ে জানিব পাৰিছিল, তেওঁলোকে বিদ্যালয়ত গৈ উপস্থিত হৈছিল। তেওঁলোকে ছাদৰ পৰা পেলাই দিয়া শিশুটিক কল্যাণপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ গৈছিল। 

 শিশুটিক  ডাঃ সুজিত কুমাৰে প্ৰাথমিক চিকিৎসা কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে   মতিহাৰী সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ছাত্ৰ আয়ুষ কুমাৰৰ বয়স ছয় বছৰ বুলি জানিব পৰা গৈছে। তেওঁ বালুৱা গাঁৱৰ চন্দ্ৰ ভূষণ যাদৱৰ পুত্ৰ আৰু  এলকেজিত পঢ়ে।

হোমৱৰ্ক নকৰাৰ বাবেই  শিক্ষক ৰূপলাল দাসৰ খং উঠিছিল আৰু ছাত্ৰজনক প্ৰহাৰ কৰিছিল। ইয়াৰ পিছত তেওঁক বিদ্যালয়ৰ দ্বিতীয় মহলাৰ পৰা তললৈ দলিয়াই দিয়া হৈছিল। ঘটনাটোৰ বিষয়েঅভিযোগ পোৱাৰ পিছতে আৰক্ষী বিদ্যালয়ত উপস্থিত হৈছিল। ৰূপলাল দাস নামৰ শিক্ষকজন কল্যাণপুৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত শম্ভু চক পঞ্চায়তৰ খোখৰা গাঁৱৰ বাসিন্দা। 

তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনা সন্দৰ্ভত কল্যাণপুৰ আৰক্ষী থানাৰ বিষয়া ৰোহিত কুমাৰে কয় যে অভিযুক্ত  শিক্ষকজনক গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শিশুটোৰ পিতৃ চন্দ্ৰ ভূষণ যাদৱৰ  অভিযোগৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে  আৰু শুকুৰবাৰে  অভিযুক্ত শিক্ষকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস