--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনকে ধৰি দেশৰ চাৰিওখন ৰাজ্যতে গেৰুৱা ধুমুহাত তচনচ হ’ল বিৰোধী। কৃষি আইনৰ পৰা লখিমপুৰ খেৰীলৈকে, উত্তৰ প্ৰদেশকে ধৰি পাঁচখন ৰাজ্যৰ নিৰ্বাচনত তেনে কোনো বিতৰ্কই প্ৰভাৱ পেলোৱা পৰিলক্ষিত নহল। বিশাল বিজয়ৰ পাছত, দেশৰ গেৰুৱা শিবিৰ এতিয়া উৎফুলিত। মোদী নেতৃত্বাধীন বিজেপিৰ চৰকাৰৰ এই বিজয়ত ভাৰতীয় ৰাজনৈতিক ৰণনীতিবিদ প্ৰশান্ত কিশোৰে সমালোচনা কৰে। প্ৰশান্ত কিশোৰে টুইট কৰি ক’য় যে, "বিধানসভাত জয়ী হোৱাৰ ক্ষেত্ৰত বিজেপিয়ে ইমান হুলস্থুল কৰাত প্ৰকৃততে বিৰোধীৰ ওপৰত মানসিক চাপ বৃদ্ধি পালে। কেন্দ্ৰৰ বাবে প্ৰকৃত যুঁজ হব ২০২৪ লোকসভা নিৰ্বাচন, সেই কথাহে বিজেপিয়ে মনত ৰখা উচিত। নাম উল্লেখ নকৰিলেও, ৰাজনৈতিক বিশ্লেষকসকলে অনুভৱ কৰে যে, আই-পিএচিৰ মুৰব্বী প্ৰশান্ত কিশোৰৰ এই টুইটৰ লক্ষ্য হল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেশৰ গেৰুৱা শিবিৰে দেশৰ চাৰিখন ৰাজ্যত এক অভূতপূৰ্ব বিজয় লাভ কৰিছে। কৃষকআন্দোলন, মন্ত্ৰীৰ গাড়ীত আন্দোলনকাৰী কৃষকৰ মৃত্যু, ধৰ্ষণ - সকলো কথা উপেক্ষা কৰি, বিজেপিয়ে উত্তৰ প্ৰদেশত অভিলেখ হাৰত বিজয় সাব্যস্ত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে দিল্লীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ বিজেপি কৰ্মী আৰু সমৰ্থকসকলক উৎসাহিত কৰিছে। "২০২২ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে ২০২৪ চনত কি হ'ব সেয়া নিৰ্ণয় কৰিছে। " দিল্লীৰ মুখ্য বিজেপি কাৰ্যালয়ত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধীপক্ষক সমালোচনা কৰে। "আমাৰ বিৰুদ্ধে এতিয়াও ষড়যন্ত্ৰ কৰি থকা লোকৰ এটা গোট আছে। বিৰোধীক মোৰ পৰামৰ্শ হৈছে তেওঁলোকে পুৰণি কৌশল সলনি কৰি আৰু অলপ নতুন চিন্তাৰ দিশে অগ্ৰসৰ হোৱা। জাতিবাদৰ নামত ইমান দিন ধৰি বিৰোধীয়ে উত্তৰ প্ৰদেশৰ লোকসকলক কেৱল অপমানে কৰি আহিছে, যাৰ বাবে উত্তৰ প্ৰদেশৰ জনসাধাৰণে এই অপমানৰ সঁহাৰি দিলে দেশৰ বিৰোধীপক্ষক। উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত বিজেপিয়ে একেৰাহে দ্বিতীয়বাৰৰ বাবে ক্ষমতা দখল কৰি ইতিহাস সৃষ্টি কৰিছে। এই নিৰ্বাচনত, বিজেপি মিত্ৰজোঁটে ২৭৩ খন আসন লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। একে সময়তে, দ্বিতীয় সৰ্ববৃহৎ দল ছ’চিয়েলিষ্ট পাৰ্টিয়ে ১১১ খন আসন লাভ কৰে। এই নিৰ্বাচনত বিজেপিয়ে ৪১.২৯ শতাংশ ভোট লাভ কৰিছে, আনহাতে সমাজবাদী পাৰ্টীয়ে ৩২.০৩ শতাংশ আৰু বিএছপিয়ে ১২.৮৮ শতাংশ ভোট লাভ কৰিছে। একে সময়তে, দ্বিতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ দিশে অগ্ৰসৰ হোৱা যোগী আদিত্যনাথে গোৰখপুৰ মহানগৰ বিধানসভা আসনত এক লাখতকৈও অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰে। Bidang fighting championship banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি