--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰি দ্বিতীয় বাৰৰ বাবে উভতি আহিছে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন। ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ জয়ৰ আঁৰত থকা কল্পনা ছোৰেনে আৰু তেওঁৰ দলক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ভোটাৰসকলোকো কৃতজ্ঞতা প্ৰকাশ কৰিছে৷ হেমন্ত ছোৰেনে এই জয়ক গণতন্ত্ৰৰ জয় বুলি অভিহিত কৰিছে৷

ভাৰতৰ নিৰ্বাচন আয়োগে ২৩ নৱেম্বৰত ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ সময়তে শাসকীয় ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতৃত্বাধীন মিত্ৰজোঁটে ১৩টা বিধানসভা সমষ্টিত বিজয়ী ঘোষণা কৰাৰ বিপৰীতে ইয়াৰ মিত্ৰজোঁটৰ অংশীদাৰ ভাৰতীয় কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী-লেনিনবাদী আৰু কংগ্ৰেছে এখনকৈ আসন লাভ কৰে বুলি ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে বৰহাইটৰ পৰা ৩৯,৭৯১ ভোটৰ ব্যৱধানত জয়লাভ কৰে আৰু সমষ্টিটোত বিজেপিৰ গামলিয়েল হেমব্ৰম আছিল তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী। ইফালে হেমন্ত ছ’ৰেনৰ পত্নী কল্পনা ছোৰেনে ১৩ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিছে।

উল্লেখযোগ্য যে ৰাজ্যখনত বিধানসভাৰ ৮১খন আসনৰ বাবে ১৩ আৰু ২০ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ ৬৭.৭৪ শতাংশ হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ত ভোটদানৰ হাৰ ৬৮.৯৫ শতাংশ পৰিলক্ষিত হৈছিল৷

শেহতীয়াকৈ ঝাৰখণ্ডৰ ৰাজনৈতিক পৰিৱেশত কিছুমান বিশেষ ঘটনা পৰিঘটনা ভুমুকিয়াই গৈছে। মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ পদত্যাগৰ পিছত জেলত থকা সময়ছোৱাৰ ফলত চম্পাই ছোৰেনে সাময়িকভাৱে দায়িত্ব গ্ৰহণ কৰিছিল। এক আশ্চৰ্যজনকভাৱে চম্পাই ছোৰেনে ৰাজ্যৰ সৰ্ববৃহৎ বিৰোধী দল বিজেপিত যোগদান কৰিছিল।

২০১৯ চনৰ বিধানসভা নিৰ্বাচনত মোদীৰ প্ৰবল ঢৌৰ পাছতো বিজেপিয়ে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ বিপৰীতে জেএমএম-কংগ্ৰেছৰ মিত্ৰতাই নিৰ্ণায়ক বিজয় নিশ্চিত কৰি সংখ্যাগৰিষ্ঠ চৰকাৰ গঠন কৰে। এই পৰিৱৰ্তনে ৰাজ্যখনৰ ৰাজনৈতিক গতিশীলতাত এক টাৰ্নিং পইণ্ট হিচাপে পৰিগণিত হৈছিল।

এইবাৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৬৮খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে মিত্ৰ দল অল ঝাৰখণ্ড ষ্টুডেন্টছ ইউনিয়নে ১০খন আসনত প্ৰাৰ্থী আগঢ়াইছিল, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ জনতা দলে (ইউনাইটেড) দুখন আসনত আৰু লোক জনশক্তি পাৰ্টি(ৰাম বিলাস), চিৰাগ পাছৱানৰ নেতৃত্বত এখন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ইছিল।

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত ইণ্ডিয়া ব্লকত ঝাৰখণ্ড মুক্তি মৰ্চাই ৪১খন আসনত প্ৰতিদ্বন্দ্বিতা কৰা , কংগ্ৰেছে ৩০খন আসন, ৰাষ্ট্ৰীয় জনতা দলে ৬খন আসন আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী) ৪ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

এই পৰ্যন্ত(লিখি থকা সময়লৈকে) ইণ্ডিয়া মিত্ৰজোঁটে ৫৬ খনৰে  অগ্ৰতি লাভ কৰিছে ইয়াৰ পৰিৱৰ্তে বিজেপি মাত্ৰ ২১ খন আসনত আগবাঢ়ি আছে৷   


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement