--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মহম্মদ আৰিফ আৰু সাৰসৰ বন্ধুত্বৰ কাহিনীৰ কিছু সপ্তাহ ধৰি চৰ্চা চলি আছে। কিন্তু উত্তৰ প্ৰদেশৰ বন বিভাগে আৰিফ আৰু সাৰসক পৃথক কৰিছে৷ কানপুৰ চিৰিয়াখানাত এটা পিঞ্জৰাত বন্দী কৰি ৰাখিছিল চৰাইটোক।যেতিয়া আৰিফে বন্ধু সাৰসক লগ কৰিবলৈ গ’ল তেতিয়া চৰাইটোক লগ পোৱাৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল।

শেহতীয়াকৈ বৰুণ গান্ধীয়ে এই ভিডিঅ’টো টুইট কৰি লিখিছে, “সাৰস আৰু আৰিফৰ কাহিনী বিশেষ! সন্মুখত ইজনে সিজনক দেখা পাই এই দুয়ো বন্ধুৰ সুখে ক’ব ধৰিছে যে তেওঁলোকৰ প্ৰেম কিমান নিৰ্মল। এই ধুনীয়া জীৱটোক মুক্ত আকাশত উৰিবলৈ বনোৱা হৈছে, পিঞ্জৰাত থাকিবলৈ নহয়। তেওঁৰ আকাশ, স্বাধীনতা আৰু বন্ধুক ঘূৰাই দিয়ক।"

ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে আৰিফক দেখা পাই সাৰসটো অস্থিৰ হৈ পৰে। আৰিফৰ নিৰ্দেশত  চৰাইটোৱে উৰা মৰাও ভিডিঅ’টোত  দেখিবলৈ পোৱা গৈছে। তাৰ মানৱ বন্ধুক দেখি বাকহীন চৰাইটোৱে হুমুনিয়াহ কাঢ়ি সকলোকে দুখী কৰি তুলিলে।

তাৎপৰ্যপূৰ্ণভাৱে আমেথিৰ বাসিন্দা আৰিফে কিছুদিনৰ আগতে আঘাতপ্ৰাপ্ত চৰাইটোৰ চিকিৎসা কৰিছিল। তেতিয়াৰ পৰা সি আৰিফক এৰি যোৱা নাছিল। একেলগে খোৱা-বোৱা খোৱাৰ পৰা বহু ছবি আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিল। এতিয়া বন বিভাগৰ নীতি-নিয়ম অনুসৰি সাৰস আৰু আৰিফ ইজনে সিজনৰ পৰা আঁতৰি গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে