--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মহম্মদ আৰিফ আৰু সাৰসৰ বন্ধুত্বৰ কাহিনীৰ কিছু সপ্তাহ ধৰি চৰ্চা চলি আছে। কিন্তু উত্তৰ প্ৰদেশৰ বন বিভাগে আৰিফ আৰু সাৰসক পৃথক কৰিছে৷ কানপুৰ চিৰিয়াখানাত এটা পিঞ্জৰাত বন্দী কৰি ৰাখিছিল চৰাইটোক।যেতিয়া আৰিফে বন্ধু সাৰসক লগ কৰিবলৈ গ’ল তেতিয়া চৰাইটোক লগ পোৱাৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল।

শেহতীয়াকৈ বৰুণ গান্ধীয়ে এই ভিডিঅ’টো টুইট কৰি লিখিছে, “সাৰস আৰু আৰিফৰ কাহিনী বিশেষ! সন্মুখত ইজনে সিজনক দেখা পাই এই দুয়ো বন্ধুৰ সুখে ক’ব ধৰিছে যে তেওঁলোকৰ প্ৰেম কিমান নিৰ্মল। এই ধুনীয়া জীৱটোক মুক্ত আকাশত উৰিবলৈ বনোৱা হৈছে, পিঞ্জৰাত থাকিবলৈ নহয়। তেওঁৰ আকাশ, স্বাধীনতা আৰু বন্ধুক ঘূৰাই দিয়ক।"

ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে আৰিফক দেখা পাই সাৰসটো অস্থিৰ হৈ পৰে। আৰিফৰ নিৰ্দেশত  চৰাইটোৱে উৰা মৰাও ভিডিঅ’টোত  দেখিবলৈ পোৱা গৈছে। তাৰ মানৱ বন্ধুক দেখি বাকহীন চৰাইটোৱে হুমুনিয়াহ কাঢ়ি সকলোকে দুখী কৰি তুলিলে।

তাৎপৰ্যপূৰ্ণভাৱে আমেথিৰ বাসিন্দা আৰিফে কিছুদিনৰ আগতে আঘাতপ্ৰাপ্ত চৰাইটোৰ চিকিৎসা কৰিছিল। তেতিয়াৰ পৰা সি আৰিফক এৰি যোৱা নাছিল। একেলগে খোৱা-বোৱা খোৱাৰ পৰা বহু ছবি আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিল। এতিয়া বন বিভাগৰ নীতি-নিয়ম অনুসৰি সাৰস আৰু আৰিফ ইজনে সিজনৰ পৰা আঁতৰি গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত