--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপি সাংসদৰ একাউণ্ট হেক। মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ সাংসদ বিবেক নাৰায়ণ শ্বেজৱালকাৰৰ ‘X’ (পূৰ্বৰ টুইটাৰ) একাউণ্ট হেক হয়। বিজেপি সাংসদগৰাকীৰ এক্স হেণ্ডেলৰ পৰা আৰবী ভাষাত বহুকেইটা পোষ্ট কৰে হেকাৰে। সম্প্ৰতি একাউণ্টটো  পুনৰুদ্ধাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। 

চাইবাৰ বিশেষজ্ঞই হেকাৰৰ পৰা সাংসদগৰাকীৰ একাউণ্ট উদ্ধাৰৰ চেষ্টা চলাই আছে। ইয়াৰ লগতে ইয়াক ক’ৰ পৰা হেক কৰা হৈছে সেই কথাও জানিবলৈ চেষ্টা কৰা গৈছে। আশ্চৰ্যজনক কথাটো হ’ল এক্স একাউণ্ট হেক হোৱাৰ পিছত গোৱালিয়ৰৰ সাংসদ বিবেক নাৰায়ণ শ্বেজৱালকাৰৰ পুৰণি পোষ্টবোৰ দেখা পোৱা নাই। কেৱল হেকাৰে শ্বেয়াৰ কৰা ভিডিঅ’ আৰু ফটোহে দেখিবলৈ পোৱা গৈছে। 

সাংসদগৰাকীৰ একাউণ্ট হেক কৰি অশ্লীল বিষয়বস্তু শ্বেয়াৰ কৰিছে হেকাৰে। স্পা আৰু বডি মাছাজৰ কেইবাটাও ভিডিঅ’ পোষ্ট কৰিছে হেকাৰে। অনুমান কৰা হৈছে যে ছৌদি আৰৱৰ এজন হেকাৰে সাংসদগৰাকীৰ অফিচিয়েল এক্স-হেণ্ডেল একাউণ্ট হেক কৰিছে।

অভিযোগ দাখিলৰ পাছতে সাংসদ বিবেকৰ একাউণ্ট উদ্ধাৰৰ চেষ্টা আৰম্ভ কৰিছে আৰক্ষীয়ে। আৰক্ষী বিষয়াৰ মতে বিশেষজ্ঞৰ সহায় লোৱা হৈছে। এই বিষয়টো শীঘ্ৰে সমাধান হ’ব। ইয়াৰ লগে লগে একাউণ্টটো হেক কৰা ব্যক্তিজন কোন সেয়া অতি সোনকালে গম পোৱা যাব। ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিষয়টো পোহৰলৈ অহা বুলি গোৱালিয়ৰৰ আৰক্ষী অধীক্ষক ধৰমবীৰ সিং যাদৱে কয়। তদন্তৰ অন্তত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু