--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপি সাংসদৰ একাউণ্ট হেক। মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ সাংসদ বিবেক নাৰায়ণ শ্বেজৱালকাৰৰ ‘X’ (পূৰ্বৰ টুইটাৰ) একাউণ্ট হেক হয়। বিজেপি সাংসদগৰাকীৰ এক্স হেণ্ডেলৰ পৰা আৰবী ভাষাত বহুকেইটা পোষ্ট কৰে হেকাৰে। সম্প্ৰতি একাউণ্টটো  পুনৰুদ্ধাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। 

চাইবাৰ বিশেষজ্ঞই হেকাৰৰ পৰা সাংসদগৰাকীৰ একাউণ্ট উদ্ধাৰৰ চেষ্টা চলাই আছে। ইয়াৰ লগতে ইয়াক ক’ৰ পৰা হেক কৰা হৈছে সেই কথাও জানিবলৈ চেষ্টা কৰা গৈছে। আশ্চৰ্যজনক কথাটো হ’ল এক্স একাউণ্ট হেক হোৱাৰ পিছত গোৱালিয়ৰৰ সাংসদ বিবেক নাৰায়ণ শ্বেজৱালকাৰৰ পুৰণি পোষ্টবোৰ দেখা পোৱা নাই। কেৱল হেকাৰে শ্বেয়াৰ কৰা ভিডিঅ’ আৰু ফটোহে দেখিবলৈ পোৱা গৈছে। 

সাংসদগৰাকীৰ একাউণ্ট হেক কৰি অশ্লীল বিষয়বস্তু শ্বেয়াৰ কৰিছে হেকাৰে। স্পা আৰু বডি মাছাজৰ কেইবাটাও ভিডিঅ’ পোষ্ট কৰিছে হেকাৰে। অনুমান কৰা হৈছে যে ছৌদি আৰৱৰ এজন হেকাৰে সাংসদগৰাকীৰ অফিচিয়েল এক্স-হেণ্ডেল একাউণ্ট হেক কৰিছে।

অভিযোগ দাখিলৰ পাছতে সাংসদ বিবেকৰ একাউণ্ট উদ্ধাৰৰ চেষ্টা আৰম্ভ কৰিছে আৰক্ষীয়ে। আৰক্ষী বিষয়াৰ মতে বিশেষজ্ঞৰ সহায় লোৱা হৈছে। এই বিষয়টো শীঘ্ৰে সমাধান হ’ব। ইয়াৰ লগে লগে একাউণ্টটো হেক কৰা ব্যক্তিজন কোন সেয়া অতি সোনকালে গম পোৱা যাব। ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিষয়টো পোহৰলৈ অহা বুলি গোৱালিয়ৰৰ আৰক্ষী অধীক্ষক ধৰমবীৰ সিং যাদৱে কয়। তদন্তৰ অন্তত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement