--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে জন্ম দিলে সন্তান। ছত্তীশগড়ৰ দক্ষিণ বাষ্টাৰৰ বিজাপুৰ জিলাৰ গংগালুৰত পৰিচালিত আৱাসিক বিদ্যালয় পৰ্টা কেবিনত দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীয়ে সন্তান জন্ম দিলে। এই খবৰৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। 

বিষয়টোৰ তথ্য পোৱাৰ লগে লগে জিলা শিক্ষা বিষয়া বি.আৰ. বাঘেলে গংগালুৰলৈ ৰাওনা হৈছে। মন কৰিবলগীয়া কথাটো হ’ল আৱাসিক বিদ্যালয়ত পঢ়ি থকা ছোৱালীজনীৰ গৰ্ভধাৰণৰ বিষয়ে বিদ্যালয়খনৰ কোনো কৰ্মচাৰীয়ে গম পোৱা নাছিল। এই বিষয়ে তথ্য পোহৰলৈ আহে যেতিয়া বিদ্যালয়ৰ ল’ৰা-ছোৱালীয়ে দ্বাদশ শ্ৰেণীৰ ছাত্ৰগৰাকীৰ পেটৰ বিষৰ বিষয়ে কৰ্মচাৰীসকলক অৱগত কৰে।

ছাত্ৰীগৰাকীক চিকিৎসালয়লৈ নিয়াৰ সময়ত গৰ্ভৱতী হোৱা বুলি ধৰা পৰে। ইয়াৰ কিছু সময়ৰ পিছতে ছাত্ৰীগৰাকীয়ে প্ৰসৱ কৰে, য’ত তেওঁ এটা সন্তান জন্ম দিয়ে। গংগালুৰত অৱস্থিত এখন আৱাসিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ গৰ্ভধাৰণৰ গোচৰ পোহৰলৈ অহাৰ পিছত এতিয়া সমগ্ৰ জিলাখনত চলি থকা আৱাসিক বিদ্যালয়সমূহৰ ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছে। একে সময়তে দায়িত্বশীল বিষয়াসকলেও যেন সমগ্ৰ বিষয়টোৰ উত্তৰ দিয়াৰ পৰা বিৰত আছে।

ছাত্ৰীগৰাকী আৰু নৱজাতকটি চিকিৎসালয়ত চিকিৎসকৰ তত্বাৱধানত আছে। হোষ্টেলৰ অধীক্ষক অংশু মিঞ্জক নিলম্বন কৰা হৈছে। কামৰ গাফিলতিৰ বাবে তেওঁক নিলম্বন কৰিছে বিজাপুৰৰ কালেক্টৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী