--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে জন্ম দিলে সন্তান। ছত্তীশগড়ৰ দক্ষিণ বাষ্টাৰৰ বিজাপুৰ জিলাৰ গংগালুৰত পৰিচালিত আৱাসিক বিদ্যালয় পৰ্টা কেবিনত দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীয়ে সন্তান জন্ম দিলে। এই খবৰৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। 

বিষয়টোৰ তথ্য পোৱাৰ লগে লগে জিলা শিক্ষা বিষয়া বি.আৰ. বাঘেলে গংগালুৰলৈ ৰাওনা হৈছে। মন কৰিবলগীয়া কথাটো হ’ল আৱাসিক বিদ্যালয়ত পঢ়ি থকা ছোৱালীজনীৰ গৰ্ভধাৰণৰ বিষয়ে বিদ্যালয়খনৰ কোনো কৰ্মচাৰীয়ে গম পোৱা নাছিল। এই বিষয়ে তথ্য পোহৰলৈ আহে যেতিয়া বিদ্যালয়ৰ ল’ৰা-ছোৱালীয়ে দ্বাদশ শ্ৰেণীৰ ছাত্ৰগৰাকীৰ পেটৰ বিষৰ বিষয়ে কৰ্মচাৰীসকলক অৱগত কৰে।

ছাত্ৰীগৰাকীক চিকিৎসালয়লৈ নিয়াৰ সময়ত গৰ্ভৱতী হোৱা বুলি ধৰা পৰে। ইয়াৰ কিছু সময়ৰ পিছতে ছাত্ৰীগৰাকীয়ে প্ৰসৱ কৰে, য’ত তেওঁ এটা সন্তান জন্ম দিয়ে। গংগালুৰত অৱস্থিত এখন আৱাসিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ গৰ্ভধাৰণৰ গোচৰ পোহৰলৈ অহাৰ পিছত এতিয়া সমগ্ৰ জিলাখনত চলি থকা আৱাসিক বিদ্যালয়সমূহৰ ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছে। একে সময়তে দায়িত্বশীল বিষয়াসকলেও যেন সমগ্ৰ বিষয়টোৰ উত্তৰ দিয়াৰ পৰা বিৰত আছে।

ছাত্ৰীগৰাকী আৰু নৱজাতকটি চিকিৎসালয়ত চিকিৎসকৰ তত্বাৱধানত আছে। হোষ্টেলৰ অধীক্ষক অংশু মিঞ্জক নিলম্বন কৰা হৈছে। কামৰ গাফিলতিৰ বাবে তেওঁক নিলম্বন কৰিছে বিজাপুৰৰ কালেক্টৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু