--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে দাবী কৰিছে যে বিজেপিৰ শাসনকালত  হিন্দুসকল দৰিদ্ৰ হৈ পৰিছে। তেওঁৰ মতে বিজেপিয়ে প্ৰকৃততে কাশ্মীৰক পৰীক্ষাগাৰত পৰিণত কৰিছে। গেৰুৱা শিবিৰে হিন্দুসকলৰ সৈতে বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাই গৈছে। ফলস্বৰূপে হিন্দুসকল ক্ৰমান্বয়ে দৰিদ্ৰসীমাৰ তললৈ নামি গৈছে।

মুফতিয়ে কয় "ইউপিএ শাসনকালত ২৬ কোটি লোক দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ উঠিছিল। কিন্তু বিজেপিৰ অধীনত তেওঁলোকৰ অৱস্থা অধিক অৱনতি ঘটিছে আৰু আকৌ এবাৰ দৰিদ্ৰসীমাৰ তললৈ নামি গৈছে। তেওঁলোক সকলো মুছলমান নেকি? একেবাৰে নহয়। বৃহৎ সংখ্যক হিন্দুৰ বিত্তীয় পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। দৰাচলতে, বিজেপিয়ে সমগ্ৰ দেশ খনকে বিক্ৰী কৰিছে। বেংক, ৰে’ল, বিমান সেৱা সকলো ব্যক্তিগত কোম্পানীৰ হাতত আছে। " 

মুফতিয়ে কয়  যে বিজেপিয়ে কাশ্মীৰৰ পৰিস্থিতিৰ সৈতে খেলি আছে। তেওঁৰ মতে, "জম্মু আৰু কাশ্মীৰ প্ৰকৃততে এটা পৰীক্ষাগাৰ। বিজেপিয়ে এই ঠাইখন কেৱল পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰে। যদি কাশ্মীৰত কোনো  পৰীক্ষা সফল হয়, ইয়াক সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হয়। দৰাচলতে, বিজেপিয়ে দেখুৱাইছে যে তেওঁলোকে মুছলমান বিৰোধী কাম কৰি আছে। কিন্তু হিন্দুসকলেও ইয়াৰ পৰিণাম ভুগিব আছে। "

স্থানীয় প্ৰশাসনে কাশ্মীৰত কেইবাটাও অবৈধ নিৰ্মাণ ধ্বংস কৰিছে। মেহবুবাই কয় "কেৱল মুছলমানেই নহয়, হিন্দুসকলেও এনে কাৰ্য্যৰ ফলত ভুগি আছে। কেন্দ্ৰীয় চৰকাৰে ৮০ কোটি লোকক ইমান দৰিদ্ৰ কৰি তুলিছে যে চাউল কিনিবলৈও তেওঁলোকৰ  টকা নাই। এই তালিকাত মুছলমানসকলৰ সৈতে হিন্দুসকলো সমান সংখ্যাত আছে। কাশ্মীৰৰ জনসাধাৰণৰ প্ৰতি মোৰ আবেদন এয়াই যে  এই ষড়যন্ত্ৰৰ বিৰুদ্ধে থিয় দিয়ক। " 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক