--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে দাবী কৰিছে যে বিজেপিৰ শাসনকালত  হিন্দুসকল দৰিদ্ৰ হৈ পৰিছে। তেওঁৰ মতে বিজেপিয়ে প্ৰকৃততে কাশ্মীৰক পৰীক্ষাগাৰত পৰিণত কৰিছে। গেৰুৱা শিবিৰে হিন্দুসকলৰ সৈতে বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাই গৈছে। ফলস্বৰূপে হিন্দুসকল ক্ৰমান্বয়ে দৰিদ্ৰসীমাৰ তললৈ নামি গৈছে।

মুফতিয়ে কয় "ইউপিএ শাসনকালত ২৬ কোটি লোক দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ উঠিছিল। কিন্তু বিজেপিৰ অধীনত তেওঁলোকৰ অৱস্থা অধিক অৱনতি ঘটিছে আৰু আকৌ এবাৰ দৰিদ্ৰসীমাৰ তললৈ নামি গৈছে। তেওঁলোক সকলো মুছলমান নেকি? একেবাৰে নহয়। বৃহৎ সংখ্যক হিন্দুৰ বিত্তীয় পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। দৰাচলতে, বিজেপিয়ে সমগ্ৰ দেশ খনকে বিক্ৰী কৰিছে। বেংক, ৰে’ল, বিমান সেৱা সকলো ব্যক্তিগত কোম্পানীৰ হাতত আছে। " 

মুফতিয়ে কয়  যে বিজেপিয়ে কাশ্মীৰৰ পৰিস্থিতিৰ সৈতে খেলি আছে। তেওঁৰ মতে, "জম্মু আৰু কাশ্মীৰ প্ৰকৃততে এটা পৰীক্ষাগাৰ। বিজেপিয়ে এই ঠাইখন কেৱল পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰে। যদি কাশ্মীৰত কোনো  পৰীক্ষা সফল হয়, ইয়াক সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হয়। দৰাচলতে, বিজেপিয়ে দেখুৱাইছে যে তেওঁলোকে মুছলমান বিৰোধী কাম কৰি আছে। কিন্তু হিন্দুসকলেও ইয়াৰ পৰিণাম ভুগিব আছে। "

স্থানীয় প্ৰশাসনে কাশ্মীৰত কেইবাটাও অবৈধ নিৰ্মাণ ধ্বংস কৰিছে। মেহবুবাই কয় "কেৱল মুছলমানেই নহয়, হিন্দুসকলেও এনে কাৰ্য্যৰ ফলত ভুগি আছে। কেন্দ্ৰীয় চৰকাৰে ৮০ কোটি লোকক ইমান দৰিদ্ৰ কৰি তুলিছে যে চাউল কিনিবলৈও তেওঁলোকৰ  টকা নাই। এই তালিকাত মুছলমানসকলৰ সৈতে হিন্দুসকলো সমান সংখ্যাত আছে। কাশ্মীৰৰ জনসাধাৰণৰ প্ৰতি মোৰ আবেদন এয়াই যে  এই ষড়যন্ত্ৰৰ বিৰুদ্ধে থিয় দিয়ক। " 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু